Nuclear Power in Pakistan: পশ্চিমীয়া দেশৰ পৰা চুৰি কৰা ধাৰণাৰে পাকিস্তান আজি পাৰমানৱিক শক্তি
পাকিস্তানক পাৰমানৱিক শক্তি হিচাপে গঢ় দিয়া ব্যক্তিজনৰ জন্ম হৈছিল ভাৰতত।
Nuclear power in Pakistan: পশ্চিমীয়া দেশৰ পৰা পাকিস্তানলৈ চুৰি কৰি নিছিল পাৰমানৱিক শক্তিৰ সূত্ৰ। ভাৰতত জন্ম হোৱা এজন পাকিস্তানীয়ে দেশখনক গঢ় দিছিল পাৰমানৱিক শক্তি। কেনেকৈ পাৰমানৱিক শক্তি হৈছিল পাকিস্তান ইয়াৰ আঁৰত আছে এক আশ্বৰ্যকৰ কাহিনী।
পহলগামৰ নৰসংহাৰৰ পাছতেই কঠোৰ হৈছে ভাৰত। ভাৰতৰ বৰ্ধিত ততপৰতাই এতিয়া বিমোৰত পেলাইছে পাকিস্তানক। দুয়োখন দেশৰ মাজত এতিয়া চৰম উত্তেজনাই বিজাৰ কৰিছে। এনে সময়তে এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি এই দুই পাৰমানৱিক শক্তিসম্পন্ন দেশৰ ওপৰত। ভাৰত বিশ্বৰ এখন অন্যতম পাৰমানৱিক শক্তিসম্পন্ন দেশ। একেসময়তে পাকিস্তানৰো আছে পাৰমানৱিক শক্তি। কিন্তু পাকিস্তানে কেনেকৈ লাভ কৰিছিল পাৰমানৱিক শক্তি?
- Donation -
জানি হয়তো আছৰিত হ’ব, পাকিস্তানক পাৰমাণৱিক শক্তি হিচাপে গঢ়ি তোলা ব্যক্তিজনৰ জন্ম হৈছিল ভাৰতত। তেওঁৰ নাম আব্দুল কাদিৰ খান। আব্দুল কাদিৰ খানৰ নেতৃত্বতে ১৯৭৬ চনত পাকিস্তানত আৰম্ভ হৈছিল পাৰমাণৱিক অস্ত্ৰ কাৰ্যসূচী।
১৯৩৫ চনত বৃটিছ শাসনৰ কালত জন্ম হৈছিল আব্দুল কাদিৰ খানৰ। জন্মস্থান আছিল বৰ্তমানৰ মধ্যপ্ৰদেশৰ ৰাজধানী ভূপাল। ১৯৪৭ চনত দেশ বিভাজনৰ পাছত ভাৰত এৰি পাকিস্তানলৈ গৈছিল আব্দুল কাদিৰ খানৰ পৰিয়াল। এই আব্দুল কাদিৰ খানে ১৬ দিন ইউৰোপত থাকি পৰমাণু বোমা নিৰ্মাণৰ সূত্ৰ চুৰি কৰি নিছিল পাকিস্তানলৈ।
তাৰ পাছত তেওঁৰ নেতৃত্বতে পাকিস্তানে পাৰমাণৱিক বোমা তৈয়াৰ কৰিছিল। আব্দুল কাদিৰ খানৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন হৈছিল। পশ্চিমীয়া সংবাদ মাধ্যমে তেওঁক ‘ছুপাৰস্পাই’ বুলি অভিহিত কৰিছিল।
পাকিস্তানৰ বাবে পশ্চিমীয়া দেশৰ পৰা কৰিছিল পৰমাণু বোমাৰ সূত্ৰ চুৰি?
পাকিস্তানতে বিজ্ঞান বিষয়ত অধ্যয়ণ কৰা আব্দুল কাদিৰ খানে উচ্চ শিক্ষাৰ বাবে ইউৰোপলৈ গৈছিল। তেওঁ ১৯৭২ চনত বেলজিয়ামৰ কেথলিক ইউনিভাৰ্চিটি অৱ লিউভেনৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। সেই বছৰতে তেওঁ আমষ্টাৰডামৰ ফিজিকেল ডাইনেমিক্স ৰিচাৰ্চ লেবৰেটৰী বা FDO ত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
এই এফ ডি অ’ আছিল ভেৰেনিজ এমচিন-ফেব্ৰিকেনৰ সহযোগী কোম্পানী। ইয়াৰ পৰাই তেওঁ ইউৰেংকোত কাম কৰাৰ সুযোগো পাইছিল। কাৰণ এই কোম্পানীটোৱে ইউৰেংকোৰ সৈতে কাম কৰিছিল। ইউৰেংকো হৈছে ইউৰোপৰ পাৰমাণৱিক কেন্দ্ৰ। ইউৰোপৰ দেশসমূহে আমেৰিকাৰ পাৰমাণৱিক ইন্ধনৰ ওপৰত নিৰ্ভৰশীল হ’ব বিচৰা নাছিল। সেয়েহে ব্ৰিটেইন, জাৰ্মানী আৰু নেদাৰলেণ্ডে মিলি ১৯৭০ চনত ইউৰেনিয়াম যোগানৰ বাবে ইউৰেংকোৰ সৃষ্টি কৰিছিল।
ইউৰেংকোৰ ইউৰেনিয়াম সমৃদ্ধ প্ৰকল্পটো হলেণ্ডৰ আলমেলোত আছিল। আৰু এফ ডি অ’ই ইউৰেংকোৰ চাব-কনট্ৰেক্টৰ আৰু কনচাল্টেন্ট হিচাপে কাম কৰিছিল। গতিকে কাৰিকৰীভাৱে আব্দুল কাদিৰ খানও ইউৰেংকোৰ সৈতে জড়িত আছিল।
আব্দুল কাদিৰ খানে ১১ বছৰ পশ্চিম ইউৰোপত বাস কৰিছিল আৰু তাতেই এগৰাকী ডাচ ভাষীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। অৱশ্যে তেওঁৰ পত্নী ডাচ নাগৰিক নাছিল, তেওঁ দক্ষিণ আফ্ৰিকাৰ আছিল, কিন্তু তেওঁ ডাচ ভাষা কৈছিল আৰু ব্ৰিটিছ পাছপ’ৰ্টধাৰী আছিল।
আব্দুল কাদিৰ খানক উৰেংকোত নিযুক্তি পোৱাৰ মাত্ৰ এসপ্তাহৰ পিছতে হলেণ্ডৰ আলমেলোলৈ পঠিওৱা হৈছিল। কাৰিকৰী ভাষাৰ সৈতে জড়িত নথি-পত্ৰ অনুবাদৰ কাম তেওঁক দিয়া হৈছিল। ১৯৭৪ চনত তেওঁ আলমেলো উদ্যোগৰ আটাইতকৈ গোপন অঞ্চলত ১৬ দিন কটাবলৈ সুযোগ পায়। ইয়াত তেওঁক আল্ট্ৰাচেণ্ট্ৰিফিউজ প্ৰযুক্তিৰ সৈতে জড়িত নথিপত্ৰ জাৰ্মান ভাষাৰ পৰা ডাচ ভাষালৈ অনুবাদ কৰাৰ দায়িত্ব দিয়া হৈছিল। এই ১৬ দিনত আব্দুল খানে প্লান্টটোৰ গোপন অংশবোৰ অন্বেষণ কৰিছিল। সেই সময়ছোৱাতে তেওঁ নিজৰ ভাষাতো এই বিষয়বোৰ লিপিৱদ্ধ কৰিছিল।
লগতে পঢ়ক: POK- আচলতে কিমান ‘আজাদ’?
জনা যায় যে, এবাৰ তেওঁৰ সহকৰ্মীসকলে তেওঁক বিদেশী ভাষাত কি লিখি আছে আছে বুলি সুধিছিল। তেতিয়া খানে পৰিয়াললৈ চিঠি লিখিছে বুলি কৈ প্ৰশ্নটো এৰাই চলিছিল। কাৰণ সেই ভাষাটো ডাচ বা জাৰ্মান নাছিল। কেৱল এয়াই নহয়, খানক হাতত বহী লৈ বহুবাৰ ফেক্টৰীটোত ঘূৰি ফুৰাও দেখা গৈছিল। কিন্তু সেই সময়ত কাৰো মনলৈ এই ধাৰণা অহা নাছিল যে তেওঁ এটম বোমাৰ সূত্ৰ চুৰি কৰিবলৈ ফেক্টৰীটোত ঘূৰি ফুৰিছিল। আব্দুল কাদিৰ খানে কেতিয়া পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰিবলৈ আৰম্ভ কৰিলে কোনেও ধৰিবই নোৱাৰিলে।
Nuclear power in Pakistan: খানৰ নেতৃত্বত পাৰমানৱিক শক্তিৰ ৰূপ লৈছিল পাকিস্তানে
১৯৭৬ চনৰ জানুৱাৰী মাহত হঠাৎ হলেণ্ড এৰি আব্দুল কাদিৰ খান পাকিস্তানলৈ যায়। তেওঁৰ পত্নীয়ে তেতিয়া ওচৰ-চুবুৰীয়াক কৈছিল যে তেওঁ কেৱল ছুটী কটাবলৈ পাকিস্তানলৈ গৈছিল, কিন্তু তেওঁৰ স্বামী অসুস্থ হৈ পৰিছে। কিছু দিনৰ পাছত আব্দুল কাদিৰ খানে এফ ডি অ’ৰ পৰা পদত্যাগ কৰিছিল। আৰু তাৰ পাছৰে পৰা তেওঁ ইছলামবাগৰ কহুটা মুখ্য কাৰ্যালয়ৰ পৰা পাকিস্তানী পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ কৰে।
৭০ৰ দশকত কানাডাৰ পৰা চেণ্ট্ৰিফিউজ সৰবৰাহ কৰা পাকিস্তানী এজেণ্টলৈ প্ৰেৰণ কৰা ২০খনতকৈও অধিক চিঠিত তেওঁ নিজৰ দলৰ সফলতাৰ বিষয়ে লিখিছিল। ইয়াৰ কিছু দিনৰ পাছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ Central Intelligence Agencyৰ এটা প্ৰতিবেদন ফাদিল হৈছিল, য’ত কোৱা হৈছিল যে পাকিস্তানে কেইবছৰমানৰ ভিতৰতে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পাৰে। কিন্তু, পাকিস্তানৰ তেতিয়াৰ ৰাষ্ট্ৰপতি জিয়া-উল-হকে বিশ্বক আশ্বাস দিছিল যে পাকিস্তানৰ পাৰমাণৱিক শক্তি হোৱাৰ কোনো উদ্দেশ্য নাই। কিন্তু তাৰ মাজতেই পাৰমাণৱিক শক্তিৰ কিছু ইংগিত দিছিল আব্দুল কাদিৰ খানে।
লগতে পঢ়ক: Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!
১৯৮০ চনলৈকে পাকিস্তানে অস্ত্ৰ নিৰ্মাণৰ স্তৰলৈ ইউৰেনিয়াম সমৃদ্ধ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৮০ৰ দশকৰ শেষৰ ফালে কাম দ্ৰুতগতিত আগবাঢ়িল আৰু ১৯৮৩ চনত পাকিস্তানে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল।
ইপিনে, আব্দুল কাদিৰ খানৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত নেদাৰলেণ্ডত তদন্ত কৰা হৈছিল। কিন্তু তেওঁক পাকিস্তানে চোৰাংচোৱা হিচাপে নেদাৰলেণ্ডলৈ পঠোৱাৰ কোনো প্ৰমাণ পোৱা যোৱা। এটা ধাৰণা কৰা হয়, ১৯৭৪ চনত ভাৰতে শান্তিপূৰ্ণ পাৰমাণৱিক পৰীক্ষা চলোৱাৰ সময়ৰ পৰাই খানে উৰেংকোৰ গোপনীয়তা চুৰি কৰি ইছলামবাদলৈ পঠিয়াবলৈ আৰম্ভ কৰিছিল। পশ্চিমীয়া সংবাদ মাধ্যমে তেওঁক ছুপাৰ স্পাই বুলি অভিহিত কৰিছিল।
১৯৯০ চনত তেওঁ এক বিবৃতিত কৈছিল যে কাহুটাত কৰা গৱেষণা আমাৰ উদ্ভাৱন আৰু সংগ্ৰামৰ ফল। তেওঁ বিদেশৰ পৰা পাৰমানৱিক অস্ত্ৰৰ সূত্ৰ চুৰি কৰাৰ অভিযোগ অস্বীকাৰ কৰিছিল। আব্দুল কাদিৰ খানৰ এই দেশপ্ৰেমৰ পুৰস্কাৰ হিচাপে পাকিস্তানে তেওঁৰ নামত কহুটাত এটা A Q Khan Research Laboratory নামেৰে গৱেষণাগাৰ স্থাপন কৰিছিল। আৰু এইদৰেই ভাৰতৰ চিৰবৈৰী পাকিস্তান হৈছিল পাৰমানৱিক শক্তি। অৱশ্যে পাকিস্তানৰ পাৰমানৱিক শক্তিতকৈ ভাৰতৰ পাৰমানৱিক শক্তি অধিক ক্ষমতাসম্পন্ন বুলি বিবেচনা কৰা হয়।