চিৰবৈৰী পাকিস্তানে অবৈধভাৱে দখল কৰা অঞ্চল-‘আজাদ কাশ্মীৰ’ আৰু ‘গিলগিট-বাল্টিস্তান’। যাক কোৱা হয় POK বা Pakistan Occupied Kashmir। ১৯৪৭ চনত যিসময়ত পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ আনুষ্ঠানিক আৰু আইনগতভাৱে ভাৰতত চামিল হৈছিল, সেই সময়তে অবৈধভাৱে পাকিস্তানে দখল কৰি লৈছিল জম্মু আৰু কাশ্মীৰ এক বৃহত অংশ। পৰৱৰ্তী সময়ত যি ভূখণ্ডত পাকিস্তানে চলাই গৈছে কেৱল শোষণ, প্ৰতাৰণা আৰু অপশাসন। এই ভূখণ্ডক ব্যৱহাৰ কৰি আহিছে সন্ত্ৰাসবাদক আখৰাথলী হিচাপে। দুটা ভাগত বিভক্ত পাক অধিকৃত কাশ্মীৰ, এটা অংশৰ আনুষ্ঠানিক নাম ‘আজাদ জম্মু আৰু কাশ্মীৰ’। দ্বিতীয় অংশটোৰ নাম ‘গিলগিট-বাল্টিস্তান’
‘আজাদ জম্মু আৰু কাশ্মীৰ’ বা ‘আজাদ কাশ্মীৰ’ৰ কথালৈ। ‘আজাদ’ অৰ্থাত স্বাধীন। কিন্তু কিমান স্বাধীন পাকিস্তানৰ দখলত থকা ‘আজাদ কাশ্মীৰ’? আজাদ কাশ্মীৰ POKৰ দক্ষিণ অংশত অৱস্থিত। আজাদ কাশ্মীৰৰ নিজা চৰকাৰ, প্ৰধানমন্ত্ৰী আৰু বিধানসভা আছে। কিন্তু দেশ এখনৰ থাকিবলগীয়া আটাইতকৈ প্ৰয়োজনীয় ক্ষমতা—যেনে প্ৰতিৰক্ষা, বৈদেশিক নীতি আৰু সাংবিধানিক বিষয়ৰ ক্ষমতা নাই ‘আজাদ কাশ্মীৰ’ৰ। এই সকলোবোৰ নিয়ন্ত্ৰণ কৰে ইছলামাবাদে। পাকিস্তানৰ কাশ্মীৰ পৰিক্ৰমা মন্ত্ৰালয়ে এই অঞ্চলটোক আচলতে শাসন কৰে। যাৰ ফলত ইয়াৰ প্ৰকৃত স্বায়ত্তশাসন এক মুখৰ কথাহে।
প্ৰায় ১৩,২৯৭ বৰ্গ কিলোমিটাৰ বিস্তৃত এই অঞ্চলত প্ৰায় ৪০ লাখ লোক বাস কৰে। মুজাফ্ফৰাবাদ, ৰাৱালাকোট, বাগ আদি চহৰবোৰে এই অঞ্চলৰ প্ৰশাসনিক কেন্দ্ৰ। কিন্তু এই অঞ্চলৰ জনতাৰ স্বাধীনতা নিয়ন্ত্ৰিত হয় ইছলামাবাদৰ পৰা। তথাকথিত ‘আজাদ’ এই আজাদ কাশ্মীৰৰ সাধাৰণ জনতাই ক’ব নোৱাৰে নিজৰ ৰাজনৈতিক ভাগ্য কি হ’ব।
আনহাতে, ‘গিলগিট-বাল্টিস্তান’ হৈছে POKৰ উত্তৰ অংশৰ নাম। ইয়াৰ আয়তন প্ৰায় ৭২,৪৯৬ বৰ্গ কিলোমিটাৰ—আজাদ কাশ্মীৰৰ আকাৰৰ পাঁচগুণতকৈও অধিক। এই পাহাৰীয়া অঞ্চলটো কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ। চীন, আফগানিস্তান, আৰু ভাৰতৰ লাডাখৰ সৈতে সীমান্ত ভাগ-বটোৱাৰা কৰে ‘গিলগিট-বাল্টিস্তান’-এ। ‘গিলগিট-বাল্টিস্তান’ৰ প্ৰশাসন ব্যৱস্থা আজাদ কাশ্মীৰৰ দৰে নহয়। ২০০৯ চনলৈকে গিলগিট-বাল্টিস্তানক পিন্দোৱা নাছিল স্বায়ত্তশাসনৰ মুখা। প্ৰত্যক্ষভাৱে এই অঞ্চলৰ পৰিচালনা কৰিছিল পাকিস্তানে। অৱশ্যে পাছলৈ সীমিত আত্মশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। আজিও পাকিস্তানৰ ভিতৰত ‘গিলগিট-বাল্টিস্তান’ জনতাৰ সাংবিধানিক স্বীকৃতি নাই। পাকিস্তানৰ সংসদত প্ৰতিনিধিত্বৰ পৰা বঞ্চিত তেওঁলোক। গিলগিট-বাল্টিস্তানৰ ওপৰত ইছলামবাগৰ দখল অন্যতম কাৰণ ভৌগলিক অৱস্থিতি। ইয়াৰ মাজেৰে গৈছে কাৰাকোৰাম ঘাইপথ পাৰ হৈ যায়। যিয়ে পাকিস্তানক চীনৰ জিনজিয়াং প্ৰদেশৰ সৈতে সংযোগ কৰে। চীন পাকিস্তান ইক’নমিক কৰিড’ৰৰ বাবে অঞ্চলৰ অপৰিহাৰ্য।
দুয়োটা অঞ্চলৰ মাজৰ পাৰ্থক্য কেৱল ইয়াৰ শাসন ব্যৱস্থাতেই নহয়। পাকিস্তানৰ কৌশলগত শোষণৰ দিশেৰেও এই দুই অঞ্চলৰ মাজত পাৰ্থক্য আছে।
সৰু আয়তন আৰু অধিক জনবসতিপূৰ্ণ আজাদ কাশ্মীৰ। এই তথা কথিত আজাদ কাশ্মীৰক পাকিস্তানে প্ৰায়ে ‘কাশ্মীৰী আত্মনিয়ন্ত্ৰণৰ’ এখন ভুৱা প্ৰতিচ্ছবি দেখুৱাবলৈ ব্যৱহাৰ কৰে। ‘কাশ্মীৰী আত্মনিয়ন্ত্ৰণৰ’ ভুৱা প্ৰতিচ্ছবি প্ৰক্ষেপ কৰি সদায় অপপ্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে পাকিস্তানে।
আনহাতে গিলগিট-বাল্টিস্তানক বিশুদ্ধভাৱে উপনিবেশ হিচাপে গণ্য কৰে পাকিস্তানে। এই ভূখণ্ডৰ অৱস্থান, সম্পদ আৰু সামৰিক সুবিধাৰ বাবে পাকিস্তানৰ বাবে অতি মূল্যৱান। কিন্তু গিলগিট-বাল্টিস্তানৰ লোকসকলৰ কোনো প্ৰকৃত ৰাজনৈতিক ক্ষমতা নাই। পাকিস্তানৰ মৌলিক গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত হৈছে ইয়াৰ জনতা।
POKৰ এই দুয়োটা অঞ্চল সন্ত্ৰাসবাদৰ প্ৰজনন ক্ষেত্ৰ হিচাপে পদ্ধতিগতভাৱে ব্যৱহাৰ হৈ আহিছে। প্ৰশিক্ষিত সন্ত্ৰাসবাদীৰে ভাৰতক অস্থিৰ কৰাৰ মানসিকতাৰে পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থাই আজাদ কাশ্মীৰত অসংখ্য উগ্ৰপন্থী প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিছে। মুজাফ্ফৰাবাদ, কোটলি, ভীম্বাৰৰ দৰে অঞ্চল লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পৃষ্ঠভূমি হিচাপে কুখ্যাত।
এই গোটবোৰ তাত আণ্ডাৰ গ্ৰাউণ্ড নহয়। এইবোৰে পাকিস্তানী কৰ্তৃপক্ষৰ সমৰ্থনত নিযুক্তি অভিযান, প্ৰশিক্ষণ, ধন সংগ্ৰহ, সন্ত্ৰাস সকলো কাম মুকলিকৈ কৰে। ইফালে, স্থানীয় ছিয়া মুছলমান জনসংখ্যাক দমন কৰিবলৈ আৰু চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি)ৰ অধীনত চীনৰ স্বাৰ্থৰ বাবে জটিল স্থলপথ সুৰক্ষিত কৰিবলৈ গিলগিট-বাল্টিস্তানৰ কিছু অংশ পাকিস্তানে সামৰিককৰণ কৰিছে।
আজাদ কাশ্মীৰ আৰু গিলগিট-বাল্টিস্তান এই দুয়োটা অঞ্চল ঐতিহাসিকভাৱে মহাৰাজা হৰি সিঙৰ শাসিত ৰাজকীয় ৰাজ্য জম্মু-কাশ্মীৰৰ অবিচ্ছেদ্য অংগ আছিল। ১৯৪৭ চনৰ অক্টোবৰ মাহত যেতিয়া পাকিস্তানে কাশ্মীৰ দখলৰ চেষ্টা কৰিছিল, তেতিয়া মহাৰাজাই ভাৰতত যোগদানৰ চুক্তিত স্বাক্ষৰ কৰিছিল। যাৰ ফলত কাশ্মীৰক বৈধভাৱে ভাৰতৰ অংগ হৈ পৰিছিল।
কিন্তু ইয়াৰ বিপৰীতে গিলগিট-বাল্টিস্তানত হোৱা এক বিশৃংখলতাৰ মাজতেই গিলগিট স্কাউটৰ ব্ৰিটিছ বিষয়াই ইয়াৰ নিয়ন্ত্ৰণ পাকিস্তানৰ হাতত অৰ্পণ কৰে।
ইফালে, একে সময়ছোৱাতে পাকিস্তানীৰ দ্বাৰা পৰিচালিত ষড়যন্ত্ৰৰ পৰাই জন্ম হৈছিল আজাদ কাশ্মীৰ। পাকিস্তানৰ সামৰিক সংস্থাৰ দ্বাৰা পৰিচালিত সশস্ত্ৰ পাকিস্তানী জনজাতীয় লোকে লুণ্ঠন আৰু হিংসাৰ নিৰ্মম অভিযানেৰে ৰাজকীয় ৰাজ্য কাশ্মীৰৰ পশ্চিম জিলাসমূহত এক স্থানীয় বিদ্ৰোহক উৎসাহিত কৰিছিল। “স্বেচ্ছাসেৱকৰ” বেশত পাকিস্তানৰ সেনা বিষয়াসকলৰ সমৰ্থনত বিদ্ৰোহীসকলে ১৯৪৭ চনৰ ২৪ অক্টোবৰত মুজাফ্ফৰাবাদত তথাকথিত “আজাদ কাশ্মীৰ” চৰকাৰ গঠনৰ কথা ঘোষণা কৰিছিল।
কিন্তু নতুনকৈ ঘোষিত চৰকাৰখনৰ প্ৰকৃত স্বাধীনতা নাছিল। ই ইছলামবাগৰ ৰাজনৈতিক আৰু সামৰিক স্বাৰ্থৰ সম্পূৰ্ণ অধীন হৈ পৰিল আৰু এতিয়াও আছে।
মহাৰাজা হৰি সিঙৰ স্বাক্ষৰিত চুক্তিৰ বৈধতা ৰক্ষা কৰি ভাৰতে আগ্ৰাসীসকলৰ বিৰুদ্ধে বাহিনী নিয়োগ কৰিছিল। কিন্তু তেতিয়ালৈকে পাকিস্তানে অঞ্চলটোৰ কিছু অংশত নিজকে শিপাই লৈছিল। যাৰ ফলত আজিলৈকে চলি থকা এক তিক্ত আৰু অসমাপ্ত সংঘাতৰ সৃষ্টি হৈছিল।
আজি পাকিস্তানে এই অঞ্চলসমূহক কাশ্মীৰী জাতীয়তাবাদৰ প্ৰকাশ হিচাপে চিত্ৰিত কৰিবলৈ চেষ্টা কৰে। কিন্তু বাস্তৱত ই বহু বেছি ভয়াৱহ। আজাদ কাশ্মীৰ আৰু গিলগিট-বাল্টিস্তানক প্ৰকৃত স্বাধীনতা আৰু অধিকাৰৰ পৰা বঞ্চিত কৰিছে খোদ পাকিস্তানে। আজাদ কাশ্মীৰৰ নিৰ্বাচনত প্ৰাৰ্থীসকলে পাকিস্তানৰ প্ৰতি আনুগত্যৰ শপত খাব লাগে— যিটো “আত্মনিয়ন্ত্ৰণ”ৰ ধাৰণাটোৰ সম্পূৰ্ণ বৈপৰীত। গিলগিট-বাল্টিস্তানত স্থানীয় জাতিগত পৰিচয় নিঃশেষ কৰিবলৈ পাক চৰকাৰে বাহিৰৰ লোকক সংস্থাপন কৰিছে।
এই ভূখণ্ডসমূহৰ ওপৰত ভাৰতৰ সঠিক দাবীৰ ক্ষেত্ৰত ইতিহাস আৰু বৈধতা দুয়োটাই। ১৯৯৪ চনত ভাৰতৰ সংসদত সৰ্বসন্মতিক্ৰমে গৃহীত প্ৰস্তাৱত দৃঢ়তাৰে কোৱা হৈছে যে পাকিস্তানে অবৈধভাৱে দখল কৰা জম্মু-কাশ্মীৰৰ সকলো অংশ খালী কৰিব লাগিব। বিশ্বই স্বীকাৰ কৰিব লাগিব যে আজাদ কাশ্মীৰ আৰু গিলগিট-বাল্টিস্তান কেৱল “বিবাদিত ভূখণ্ড”-ই নহয় বৰঞ্চ পাকিস্তানৰ নিপীড়নকাৰী দখলৰ পৰা মুক্তিৰ বাবে অপেক্ষা কৰি থকা ভূমি। তেওঁলোকৰ জনসাধাৰণ গণতন্ত্ৰ, মৰ্যাদা আৰু উন্নয়নৰ যোগ্য— যিবোৰ মূল্যবোধ ভাৰতৰ সাংবিধানিক কাঠামোৰ সৈতে মিল খায়, পাকিস্তানৰ শোষণৰ সৈতে নহয়।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.