Opposition Alliance in Assam: এন ডি এৰ পৰা কি শিকা উচিত গৌৰৱ গগৈয়ে?

Share This Article

বিৰোধী মিত্ৰতা (Opposition Alliance in Assam)ক লৈ ৰহস্যজনক স্থিতিত আছে প্ৰদেশ কংগ্ৰেছ৷ মিত্ৰতাৰ প্ৰসংগত মুখ নোখোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে৷ তেওঁ এতিয়ালৈ দিয়া নাই কোনো স্পষ্ট বাৰ্তা৷ ৰাজ্যৰ বিৰোধী দলসমূহে মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ পৰা এটা স্পষ্ট বাৰ্তাৰ আশা কৰি আছে যদিও এতিয়ালৈকে তাৰ প্ৰতি কোনো সহাৰি দিয়া নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷ প্ৰতিবাৰেই কৌশলী মন্তব্যৰে বিষয়টোৰ পৰা ফালৰি কাটিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে৷ গৌৰৱ গগৈৰ মতে মিত্ৰ দলক সহায় কৰিবলৈ কংগ্ৰেছক শক্তিশালী কৰাতহে তেওঁ গুৰুত্ব দিছে৷ ৰাজনৈতিকভাৱে গৌৰৱ গগৈৰ বক্তব্যত সন্দেহৰ অৱকাশ নাই৷ কিন্তু এই বক্তব্যত আশ্বস্ত হোৱাৰো কোনো উপাদান নাই৷ কাৰণ , ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ৯ টা মাহ বাকী৷ এনে অৱস্থাত যদিহে ক্ষমতা দখলেই বিৰোধীৰ লক্ষ্য হয় , তেনেহ’লে গৌৰৱ গগৈয়ে সংগঠন শক্তিশালী কৰাৰ লগতে বিৰোধী ঐক্যকো ঐক্যৱদ্ধভাৱে আগুৱাই নিয়াত গুৰুত্ব দিব লাগিব৷  তাৰ সলনি কংগ্ৰেছে একলা চলো নীতি লোৱা মানেই নতুন সভাপতিগৰাকীৰ ভূমিকাক লৈ অনেক প্ৰশ্ন আহি পৰে৷ গৌৰৱ গগৈৰ প্ৰতি প্ৰশ্ন হয়- মিত্ৰতা মানে নিজ দলৰ সংগঠনক গুৰুত্বহীন কৰা নেকি? মিত্ৰতা মানে নিজ দলৰ আদৰ্শৰ সৈতে আপোচ নেকি?

এই দুটা প্ৰশ্নৰ উত্তৰ হিচাপে গৌৰৱ গগৈৰ সন্মুখত থিয় হৈ আছে শাসনাধিষ্ঠিত এন ডি এ৷ ধাৰাবাহিকভাৱে তিনিবাৰলৈ শাসনলৈ অহা এন ডি এ মিত্ৰজোটে সম্পূৰ্ণ কৰিলে ২৭ বছৰ৷ শূণ্য অৱস্থাৰ পৰা চাৰিটা কাৰ্যকালৰ বাবে দেশ শাসন কৰাৰ পাছতো বিজেপিৰ নেতৃত্বত অক্ষত আছে এন ডি এ৷ অনেক উত্থান পতনৰ পাছতো অব্যাহত আছে এন ডি এৰ যাত্ৰা৷

লগতে পঢ়ক: পৰিৱেশক ক্ষতি কৰিছে আইন উলংঘাকাৰী প্ৰকল্পই, গুৱাহাটীৰ নির্মাণকাৰী প্ৰতিষ্ঠানক জৰিমনা সেউজ ন্যায়াধীকৰণৰ

১৯৮৪ চনত শিৱসেনাৰ সৈতে মিত্ৰতাৰ যাত্ৰা আৰম্ভ কৰা বিজেপি নেতৃত্বাধীন এন ডি এৰ সৈতে আজি সংযুক্ত হৈ আছে সৰু বৰ ৩৯ টা ৰাজনৈতিক দল৷ বিগত ২০২৩ চনৰ ১৮ জুলাইত অনুষ্ঠিত হৈছিল ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যত এখন বিশেষ সভা৷ এই সভাতো ৩৯ টা দলেই অংশগ্ৰহণ কৰিছিল৷ বিজেপিৰ এই মিত্ৰতাৰ যাত্ৰা স্বাভাৱিকতে গৌৰৱ গগৈৰ বাবে এক উদাহৰণ হোৱা উচিত৷ কাৰণ, মিত্ৰতা অক্ষত ৰাখিও বিগত ২৭ বছৰত বিজেপিয়ে তিলতিলকৈ নিজৰ সংগঠন গঢ়ি তুলিছে৷ এই সময়ছোৱাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা সহকাৰে কেন্দ্ৰত দুবাৰকৈ চৰকাৰ গঠন কৰিছে৷ তাৰ পাছতো মিত্ৰদলক সন্মানসহকাৰে মন্ত্ৰীসভাত স্থান দিছে৷ আসন বুজাপৰা কৰিছে৷ ইয়াৰ বিপৰীতে  গৌৰৱ গগৈয়ে এনে এটা ধাৰণাৰে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিব বিচাৰিছে যে মিত্ৰতাৰ আলোচনা কৰিলেই কংগ্ৰেছৰ অৱশিষ্ট সংগঠন হুৰহুৰাই খহি পৰিব৷ মিত্ৰতালৈ আগবঢ়া মানেই আদৰ্শৰ সৈতে আপোচ কৰা৷ কিন্তু এয়া গৌৰৱ গগৈৰ হীনমন্যতা নহয় কি?

গৌৰৱ গগৈয়ে বিৰোধী ঐক্যৰ প্ৰসংগক যিমানেই এৰাই চলিব বিচাৰিছে, সিমানেই বিষয়টোত তেওঁ আৱদ্ধ হৈ গৈ আছে৷ এনে পৰিস্থিতিত যদি বিৰোধী ঐক্যৰ প্ৰসংগক লৈ কংগ্ৰেছ সভাপতিগৰাকীয়ে কোনো স্পষ্ট বাৰ্তা নিদিয়ে, তেনেহ’লে এয়া কংগ্ৰেছ নেতৃত্বৰ অহংকাৰৰ মিনাৰত অৱস্থান বুলিয়েই নিশ্চয় পৰিগণিত হ’ব৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.