কেনেকৈ ভাৰতত ওলাল হাজাৰ হাজাৰ পাকিস্তানী? কেনেকৈ ভাৰতত বসবাস কৰি আছিল পাকিস্তানী নাগৰিক? এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ কাৰণ আছে। হাজাৰ হাজাৰ পাকিস্তানীয়ে ভাৰতত বাস কৰি আছিল। পহলগামৰ ঘটনাৰ পাছতেই এই কথা পোহৰলৈ আহিল। ইয়াৰ পাছতেই এতিয়া প্ৰশ্নৰ উদয় হৈছে এইদৰে পাকিস্তানীয়ে ভাৰতত আশ্ৰয় লৈ থকাত চৰকাৰ অজ্ঞাত আছিল নেকি। নে ইচ্ছাকৃতভাৱে তেওঁলোকক লালন-পালন কৰি কথা হৈছিল। চিন্তনীয় বিষয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাকিস্তানী নাগৰিকক চিকিৎসালয়ৰ ঠিকনাত ভিছা প্ৰদান কৰি আছিল। যদি কোনো ভাৰতীয় নাগৰিকে বেংকত একাউণ্ট খুলিবলৈ যায়, গাড়ী কিনিবলৈ যায় বা ড্ৰাইভিং লাইচেন্স প্ৰস্তুত কৰিবলৈ যায় তেন্তে তেওঁক ঠিকনাৰ প্ৰমাণ বিচৰা হয়। আৰু যিসকলে যিকোনো সময়তে ভাৰত বিৰোধী কাম-কাজত জড়িত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে তেওঁলোকৰ বাবে ভিছা যে সহয় হৈ আছে। তেওঁলোকে বছৰ বছৰ ধৰি চিকিৎসালয়ৰ ঠিকনা ব্যৱহাৰ কৰি ভাৰতত অনায়াসে ঘূৰি ফুৰিছিল।
পহলগাম আক্ৰমণৰ পাছত যেতিয়া কেন্দ্ৰীয় চৰকাৰে পাকিস্তানী নাগৰিকক দেশ এৰি যাবলৈ নিৰ্দেশ দিছিল, তেতিয়া পোহৰলৈ আহিছিল যে ভাৰতত বহু বছৰ ধৰি আইনী আৰু বেআইনীভাৱে হাজাৰ হাজাৰ পাকিস্তানী নাগৰিকে বসবাস কৰি আহিছে। ‘আজ টক’ৰ এক প্ৰতিবেদনে এই সন্দৰ্ভত কেতবোৰ গুৰুতৰ আৰু চাঞ্চল্যকৰ দিশ আঙুলিয়াই দিছে। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ চিকিৎসালয়ৰ ঠিকনাত শ শ পাকিস্তানী নাগৰিকে বসবাস কৰি থকাৰ এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। এই লোকসকলৰ বহুতেই চিকিৎসাৰ বাবে বৈধ ভিছা লৈ আহিছিল যদিও ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো ভাৰততে থাকে। চোৰাংচোৱা বিভাগে দিল্লী আৰক্ষীক এখন তালিকা প্ৰদান কৰে, য’ত দিল্লীত বাস কৰা প্ৰায় ৫২০০ পাকিস্তানী নাগৰিকৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰে অধিকাংশই বিভিন্ন চিকিৎসালয়ক ঠিকনা হিচাপে পঞ্জীয়ন কৰিছিল। ইয়াৰ ভিতৰত একাংশ লোকে এইমছৰ দৰে চিকিৎসালয়ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰি আছিল, আনহাতে কিছুমানে চিকিৎসালয়সমূহৰ ঠিকনা কেৱল বাসস্থানৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰিছিল।
এই পাকিস্তানী নাগৰিকসকলৰ বহুতেই হ্ৰস্বম্যাদী চিকিৎসা ভিছা লৈ ভাৰতলৈ আহিছিল যদিও ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত হয় নিৰুদ্দেশ হৈছিল নহয় স্থানীয় জনগোষ্ঠীৰ সৈতে মিলি গৈছিল। কিছুমান ক্ষেত্ৰত ভুৱা নথি-পত্ৰ বা ভাৰতীয় নাগৰিকৰ সৈতে বিবাহৰ জৰিয়তে নিজৰ উপস্থিতি বৈধ কৰিবলৈ চেষ্টা কৰিছিল। এই পৰিস্থিতিয়ে দেখুৱাইছে যে নিৰীক্ষণ ব্যৱস্থাত গুৰুতৰ ত্ৰুটি আছিল, যাৰ বাবে ইমান বৃহৎ সংখ্যক লোকে কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈ দিল্লীত বাস কৰিছিল।
এনে ঘটনা পোহৰলৈ অহাৰ পাছত ভাৰতৰ ভিচা পলিচিক লৈও প্ৰশ্ন উত্থাপন হৈছে। সাধাৰণতে বিশ্বাস কৰা হয় যে ভাৰতত পাকিস্তানী নাগৰিকৰ বাবে ভিছা নীতি অতি জটিল। কিন্তু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো পাকিস্তানী নাগৰিক ভাৰতত থাকিল, আৰু ইয়াৰ ওপৰত নিৰীক্ষণ কৰা নহ’ল। ইয়াৰ পৰা দেখা যায় যে ভাৰতৰ ভিছা ব্যৱস্থাত সঠিক ট্ৰেকিং আৰু ফ’ল’-আপৰ অভাৱ। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে অহৰহ সংগ্ৰাম অব্যাহত ৰাখিছে। কিন্তু তেনে সময়তে পহলগামৰ ঘটনাই এনে কেতবোৰ ভয়ংকৰ কথা পোহৰলৈ আনিলে হয়তো বহু ভাৰতীয় এনে চিন্তা কেতিয়াও কৰাই নাছিল। কিমান সংগোপনে পাকিস্তানী নাগৰিকে ভাৰতৰ মাটিত বসবাস কৰি আছিল বহুতেই ভবাই নাছিল। স্পষ্টভাৱে এই পৰিস্থিতিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা, সীমান্ত ব্যৱস্থাপনা আৰু চৰকাৰী নীতিৰ ফলপ্ৰসূতাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। ভিছা ব্যৱস্থাত দেখা গৈছে কেতবোৰ ভয়ংকৰ ত্ৰুটি, নীৰিক্ষণৰ অভাৱ। ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি আনিব পৰা এনে ত্ৰুটিৰ পাছত এতিয়া প্ৰশ্ন হৈছে, ইয়াৰ বাবে দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’বনে? নে পহলগাম কাণ্ডক লৈ সৃষ্টি হোৱা পৰিস্থিতি শাম কাটিলে আকৌ আগৰ দৰেই হৈ পৰিব ব্যৱস্থা নেকি?
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post
Next Post