‘জয় শ্ৰীৰাম’ যেতিয়া ভূমিপুত্ৰক ভাবুকিৰ শ্ল’গান হয়

Share This Article

অৰূপ কলিতা: হিংসা বৰ্জনীয়৷ হিংসা সমাধানৰ পথ নহয়৷ এই সত্য মানি লোৱাৰ পাছতো কাৰ্বি আংলঙৰ পৰা যি দৃশ্য অহৰহ ভাঁহি আহিছে, তাক কোনো পৰিস্থিতিতে মানি ল’ব পৰা নাযায়৷ নিজ জন্মভূমিতেই ভূমিপুত্ৰৰ দুৰাৱস্থা দেখি গাৰ নোম শিয়ৰি উঠিছে৷ ভি জি আৰ ভূমিৰ উচ্ছেদক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা হৈ পৰিছে পাহাৰীয়া জিলাখন৷ কিন্তু একেসময়তে ভূমিপুত্ৰসকলক যিদৰে মুকলি ভাবুকি দিয়া হৈছে, তাৰ পাছত আৰু কোনো সন্দেহ নাই যে কাৰ্বি জনজাতিৰ শংকা মুঠেও অমূলক আৰু অযুক্তিকৰ নাছিল৷ বৰং তেওঁলোকে ভবাতকৈ সংকট অধিক গভীৰ আৰু ভয়াৱহ৷ উত্তৰ ভাৰতীয় শক্তিৰ আগ্ৰাসনে এটা জনজাতিক কিদৰে অস্তিত্বৰ সংকটলৈ ঠেলি দিছে, তাৰেই শেহতীয়া উদাহৰণ হৈ পৰিছে খেৰণি৷ য’ত নিজৰ মাটিৰ পৰা জনজাতিসকলক খেদিবলৈ দিয়া হৈছে ‘জয় শ্ৰীৰাম’ শ্ল’গান৷ কাৰ্বি পাহাৰৰ বাৰ্তা অতি স্পষ্ট – আজি কাৰ্বি আংলং, কাইলৈ আন যিকোনো ঠাইত তাৰ পুণৰাবৃত্তি ঘটিবই পাৰে৷

উত্তপ্ত হৈ পৰা কাৰ্বি আংলঙৰ বিবাদ আৰম্ভ হৈছিল ভি জি আৰ ভূমিত উচ্ছেদৰ দাবীৰ পৰা৷ বহিৰাগত লোকৰ আগ্ৰাসনে কাৰ্বি জনজাতিৰ মাজত যি আশংকাৰ জন্ম দিছে, তাৰ সমাধানেই আছিল আন্দোলনৰ প্ৰাথমিক দাবী৷ কিন্তু ইয়াৰ পাছৰ দৃশ্যই অধিক উন্মুক্ত, অধিক স্বচ্ছ কৰি তুলিছে যে কাৰ্বি আংলঙত বহিৰাগতৰ আগ্ৰাসন কেৱল ভৌগোলিকেই নহয়, সাংস্কৃতিকো৷ সেইবাবেই কোনো বহিৰাগতই আজি মুকলিকৈ কাৰ্বি জনজাতীয় লোকসকলক নিজৰ জন্মভূমিতেই ‘চাইনিজ গো বেক’ বুলি সকীয়াব পৰা হৈছে৷ ‘জয় শ্ৰীৰাম’ ধ্বনি দি বজৰংগ দলৰ পতাকা লৈ চোঁচা ল’ব পাৰিছে৷ এক কথাত উত্তৰ ভাৰতীয় তথাকথিত হিন্দুত্ববাদী সংস্কৃতি কিদৰে থলুৱাৰ বাবে ভাবুকি হৈ উঠিছে, তাৰ বাৰ্তা কাৰ্বি পাহাৰত আৰ বেৰ নোহোৱাকৈ ধৰা দিছে৷ অন্যথা ‘জয় শ্ৰীৰাম‘ কেতিয়াও থলুৱা লোকক ভাবুকিৰ শ্ল’গান হ’ব নোৱাৰে৷ এই অদ্ভুত, অকল্পনীয় পৰিস্থিতিৰ উদ্ভৱ একেদিনাই হোৱা নাই৷ ইয়াৰ আঁৰত আছে দীৰ্ঘদিনৰ নীৰৱ আৰু পৰিকল্পিত কছৰৎ৷ যাৰ উমান কাৰ্বিসকলেই নহয়, আন কোনেও পোৱা নাছিল৷ সেইবাবেই বৈচিত্ৰপূৰ্ণ দেশত ‘এক দেশ, এক ধৰ্ম’ৰ শ্ল’গান দিয়া, উত্তৰ ভাৰতীয় ধৰ্মীয় সংস্কৃতিৰ বাহক হিন্দুত্ববাদী শক্তিকো আন জনজাতিৰ দৰে কাৰ্বি লোকসকলে উদাৰভাৱে আকোৱালি লৈছিল৷ যি কথা সংঘৰ প্ৰচাৰকসকলে মুকলিকৈ স্বীকাৰ কৰে৷ হিন্দু পৰিচয় দিয়াত কাৰ্বি লোকসকলৰ কোনো আপত্তি নাছিল৷ এতিয়াও নাই৷ সেইবাবেই আৰ এছ এছৰ আদৰ্শৰ সৈতে প্ৰথমাৱস্থাত একাত্মই অনুভৱ কৰিছিল৷ হিন্দুত্বৰ আচিলা লৈ লাহে লাহে জনজাতিসকলৰ মাজত আগ্ৰাসন ঘটিল হিন্দী বলয়ৰ মানুহ আৰু সংস্কৃতিৰ৷ ইয়াৰ পৰিণতিৰ পূৰ্বানুমান কোনেও কৰিবই পৰা নাছিল৷ ধৰ্মীয় সাদৃশ্যই আছিল মূল কথা৷ কিন্তু দিন যোৱাৰ লগে লগে ভূমিপুত্ৰসকলে অনুভৱ কৰিবলৈ ল’লে যে এই সকল লোকৰ মাত – কথা, আচাৰ – আচৰণৰ সৈতে কাৰ্বি পাহাৰৰ ভূগোল আৰু সংস্কৃতিৰ দূৰ দূৰণিলৈ কোনো মিল নাই৷ জনজাতি সকলৰ হিন্দুত্ব আৰু তেওঁলোকৰ হিন্দুত্ব একে নহয়৷ জনজাতিসকলৰ উপাসনা আৰু তেওঁলোকৰ উপাসনা একে নহয়৷ জনজাতিসকলৰ ঈশ্বৰ আৰু তেওঁলোকৰ ঈশ্বৰ একে নহয়৷ জনজাতিসকলৰ বাবে প্ৰকৃতিয়েই আছিল ঈশ্বৰ৷ গছ, নদীৰ উপাসনাই ধৰ্ম৷ নাই কোনো বৰ্ণবাদী চৰিত্ৰ৷ সমাজৰ শ্ৰেণী বিভাজন৷ যেতিয়াই এক ৰাষ্ট্ৰ, এক ধৰ্ম, এক ঈশ্বৰ, এক সংস্কৃতিৰ দিশে জনজাতিসকলক ঠেলি দিব বিচৰা হ’ল, যেতিয়াই ক’বলৈ বিচৰা হ’ল যে আমাৰ ঈশ্বৰকেই তোমালোকৰ ঈশ্বৰ বুলি মানি লোৱা, আমাৰ সংস্কৃতিকেই তোমালোকৰ সংস্কৃতি বুলি গণ্য কৰা, তোমালোকৰ জীৱন আৰু সংস্কৃতিক আমাক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া, তেতিয়াই সংঘাতৰ সূত্ৰপাত ঘটিল৷ ভূমিপুত্ৰসকলে তেওঁলোকৰ ভূমি আৰু সংস্কৃতলৈ নামি অহা বিপদ সংকেত বুজিবলৈ আৰম্ভ কৰিলে৷ কিন্তু পানী ইতিমধ্যে মূৰৰ ওপৰেদি ব’বলৈ আৰম্ভ কৰিছিল৷ ধৰ্মীয় চেতনাৰে যিসকল লোকক কাৰ্বি পাহাৰে আঁকোৱালি লৈছিল, সেইসকল লোকেই এতিয়া এটা জনজাতিৰ ভৌগোলিক আৰু সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকি হৈ থিয় দিছে৷ এই কথাত আৰু লুক ঢাক কৰিবলগীয়া একোৱেই নাই৷

এই জটিল আৰু সংকটময় সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে নতুন জনজাতীয় নেতাসকলৰ দূৰদৰ্শী বক্তব্য৷ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলঙত সৌ সিদিনালৈকে অনা কাৰ্বি সকলো লোককে গণ্য কৰা হৈছিল বহিৰাগত হিচাপে৷ সেই মনোভাৱ জনজাতিসমূহৰ নতুন প্ৰজন্মৰ মাজত এতিয়া আৰু নাই৷ খেৰণিৰ ঘটনাৰ পাছত কাৰ্বি, ডিমাচা যুৱ নেতাসকলে অতি স্পষ্ট ভাষাৰে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে অজনজাতীয় অসমীয়া লোকসকল তেওঁলোকৰ শত্ৰু নহয়৷ অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা কাৰ্বি জনজাতিক এতিয়া সকলোৰে সহায় লাগে৷ বহিৰাগতৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজিবলৈ একতা লাগে৷ উত্তপ্ত কাৰ্বি ভূমিৰ পৰা অহা এই বাৰ্তা কেৱল আক্ষৰিক অৰ্থতেই নহয়, অসমৰ ভৱিষ্যতৰ বাবেও অতি গুৰুত্বপূৰ্ণ৷ ঠিক সমানেই গুৰুত্বপূৰ্ণ শাসক দলৰ বাবেও৷ জাতীয়, জনজাতীয় চেতনাক গিলি পেলাবলৈ বিচৰা প্ৰৱণতা কিমান ভয়াৱহ হৈ উঠিব পাৰে, খেৰণিয়েই তাৰ প্ৰমাণ৷ সাময়িকভাৱে স্বীকাৰ কৰি ল’লেও উত্তৰ ভাৰতীয় সংস্কতিৰ আধিপত্য যে অসমৰ থলুৱা জনতাই স্থায়ীভাৱে মানি নলয়, সেই কথা শাসক দলেও সময় থাকোতেই অনুধাৱন কৰা উচিত৷ খেৰণিৰ ঘটনাই শাসক আৰু জনগণ উভয়কে এই বাৰ্তা দিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.