মানৱ অধিকাৰ আয়োগত জবাবদিহি হ’ব লাগিব অসম আৰক্ষী

‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

‘দ্য ক্ৰছকাৰেণ্ট’ৰ চীফ ৰিপ’ৰ্টাৰ দিলোৱাৰ হুছেইন মজুমদাৰক যড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰৰ উলংঘন কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগত অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৰুজু কৰিছে নিজাববীয়া গোচৰ। বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিছে কেন্দ্ৰীয় চৰকাৰৰ Press Information Bureau চমুকৈ PIBএ। প্ৰেছ বিজ্ঞপ্তিযোগে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাটোৱে সদৰী কৰা অনুসৰি, দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত এমাহৰ ভিতৰত বিষদ প্ৰতিবেদন দাখিল কৰিব লাগিব অসম আৰক্ষী আৰু অসম চৰকাৰে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে,

 

অসমৰ গুৱাহাটীস্থ বেংকত সংঘটিত হোৱা আৰ্থিক অনিয়মৰ বিৰুদ্ধে সাব্যস্ত প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন সাংবাদিকক আটক কৰি ৰখাৰ খবৰৰ ভিত্তিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাববীয়া গোচৰ ৰুজু কৰিছে

চাৰি সপ্তাহৰ ভিতৰত বিশদ প্ৰতিবেদন দাখিলৰ আহ্বান জনাই অসমৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰে আয়োগে

 

২০২৫ চনৰ ২৫ মাৰ্চত গুৱাহাটীৰ ডিজিটেল নিউজ পৰ্টেলৰ এজন সাংবাদিকক পাণবজাৰ আৰক্ষীয়ে অসম সমবায় এপেক্স বেংক লিমিটেডৰ সন্মুখৰ প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ অন্তত আটক কৰি ৰখা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰিৰ ভিত্তিত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাববীয়া গোচৰ ৰুজু কৰিছে। খবৰ অনুসৰি, সাংবাদিকগৰাকীয়ে বেংকটোৰ পৰিচালন সঞ্চালকক বেংকটোৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত প্ৰশ্ন কৰিছিল যদিও তেওঁক আটক কৰাৰ কোনো কাৰণ উল্লেখ কৰা হোৱা নাছিল।

 

বিবৃতিত লগতে লিখা হৈছে,

আয়োগে লক্ষ্য কৰিছে যে বাতৰিৰ প্ৰতিবেদনৰ বিষয়বস্তু যদি সঁচা হয়, তেন্তে সাংবাদিকগৰাকীৰ মানৱ অধিকাৰ উলংঘাৰ বিষয়টো উত্থাপন হ’ব। সেয়ে অসম চৰকাৰৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰি চাৰি সপ্তাহৰ ভিতৰত বিষয়টোৰ সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে।

 

PIBএ প্ৰদান কৰা বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে,

২০২৫ চনৰ ২৫ মাৰ্চৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি প্ৰতিবাদকাৰীসকলে বেংকত সংঘটিত হোৱা কথিত আৰ্থিক অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল।

 PIBৰ বিজ্ঞপ্তিটো পঢ়িবলৈ ক্লিক কৰক

উল্লেখ্য, ২৫ মাৰ্চত দিলোৱাৰ হুছেইন মজুমদাৰ ১  বজাতেই পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছিল যদিও নিশা প্ৰায় ১১.৩০ বজাতহে তেওঁক গ্ৰেপ্তাৰ কৰা কথাটো পৰিয়ালৰ লোকক জানিবলৈ দিছিল। যাৰ বাবে দিলোৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত চূড়ান্তভাৱে মানৱ অধিকাৰ উলংঘন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিভিন্ন মহলে। আনকি এই সন্দৰ্ভত অসম মানৱ অধিকাৰ আয়োগত ২৬ মাৰ্চত অভিযোগ দাখিল কৰিছিল ঋত্বিক শইকীয়া আৰু প্ৰণৱজ্যোতি চেতিয়া নামৰ দুগৰাকী মানৱ অধিকাৰৰ হৈ কাম কৰা ব্যক্তিয়ে।

আয়োগে আহ্বান জনোৱা বিষদ প্ৰতিবেদনত অসম আৰক্ষীয়ে কি উত্তৰ প্ৰদান কৰে, সেয়া হ’ব লক্ষণীয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296