টোলকৰৰ জৰিয়তে অসমবাসীক টেঁটু চেপা দিছে বিজেপিয়ে

টোলকৰৰ নামত ৫ বছৰত অসমত সংগ্ৰহ ১৪৫৮ কোটি টকা। কেৱল মদনপুৰ টোলগেটৰ পৰাই সংগ্ৰহ ৩৭৭.১৫ কোটি টকা।

নৰেন্দ্ৰ মোদী চৰকাৰে জ্বলা-কলা খুৱাইছে দেশৰ সাধাৰণ জনতাক। শুহি খাইছে দেশৰ দৰিদ্ৰ সাধাৰণ জনতাৰ তেজ। নৰেন্দ্ৰ মোদী চৰকাৰৰ জিএছটি আৰু অন্যান্য কৰ ব্যৱস্থাই বাৰুকৈ প্ৰভাৱিত কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতাক। নৰেন্দ্ৰ মোদী চৰকাৰৰ বিফল অৰ্থনৈতিক নীতিৰ বাবেই দেশত বৃদ্ধি পাইছে নিবনুৱা, বাঢ়িছে মুদ্রাস্ফীতি, বন্ধ হৈছে ক্ষুদ্ৰ উদ্যোগ। নৰেন্দ্ৰ মোদীৰ শাসনত দেশত ভয়ংকৰ মূল্যবৃদ্ধিৰ অন্য এক কাৰণ হিচাপে বিবেচিত হৈছে টোলকৰ। কিয়নো নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰে পৰা দেশৰ নীতি-নিয়ম উলংঘা কৰি হোৰাহোৰে বৃদ্ধি পাইছে টোলগেটৰ সংখ্যা।
টোলগেটৰ এই ভয়াৱহতাৰ কথা এতিয়া প্ৰকাশ পাইছে লোকসভাৰ মজিয়াত। সাংসদ পি ভি মিধুন ৰেড্ডীৰ এক লিখিত প্ৰশ্নৰ উত্তৰত পথ পৰিবহন আৰু হাইৱে মন্ত্ৰী নীতিন গাদকাৰীয়ে উল্লেখ কৰে টোলগেটৰ সমস্ত তথ্য। কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে বৰ্তমান সময়ত দেশত চলি আছে ১,০৬৩খন টোলগেট। উত্তৰ পূৰ্বাঞ্চলত চলি আছে ১৪খন টোলগেট আৰু উত্তৰ পূৰ্বাঞ্চলৰ ১৪খনৰ ৯খনেই আছে অসমত।

কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমান সময়ত চলি আছে মুঠ ১৪খন টোলগেট। আৰু তাৎপৰ্যপূৰ্ণভাৱে ১৪খনৰ ৯ খনেই আছে অসমত। পাতগাওঁ, দাহালপাৰা, গালিয়া, মদনপুৰ, ৰহা, মিকিৰাতি হাওগাঁও, মানদাৰদিছা আৰু বালাচেৰাত কাৰ্যক্ষম হৈ আছে টোলগেট। অৰ্থাৎ ৯খন টোলগেটৰ জৰিয়তে অসমীয়াক টেঁটু চেপা দিছে বিজেপি চৰকাৰে। লোকসভাতে প্ৰকাশিত তথ্য অনুসৰি ২০১৯-২০ৰ পৰা ২০২৩-২৪ চনৰ ভিতৰত, অৰ্থাৎ বিগত ৫ বছৰত অসমত টোলকৰৰ নামত সংগ্ৰহ কৰা হৈছে ১,৪৫৮.০৬ কোটিৰ। ইয়াৰ ভিতৰত এই ৫ বছৰত মদনপুৰ টোলগেটৰ পৰা সংগ্ৰহ কৰা হৈছে সৰ্বাধিক ৩৭৭.১৫ কোটি টকা।

লোকসভাত প্ৰকাশিত তথ্য অনুসৰি মদনপুৰত বিগত পাঁচ বছৰত চৰকাৰে সংগ্ৰহ কৰিছে ক্ৰমে ৫০.৭৮, ৮৭,৪৬, ১২০.২৭ আৰু ১১৮.৬৪ কোটি টকা। একেদৰে পাতগাঁৱত সংগ্ৰহীত ধন ক্ৰমে ২.৮৭, ৩২.৪৭, ৪৮.২৫, ৬১.০১, ৬৮.৬৫ কোটি টকা। নাজিৰাখাটত চৰকাৰে টোলগেটৰ পৰা সংগ্ৰহ কৰিছে ক্ৰমে ৩০.৮৫, ৫৯.২৩, ৯৩.১৮, ৯৪.৪৩ কোটি টকা। ঠিক একেদৰে ৰহাত বিগত ৫ বছৰত সংগ্ৰহ হৈছে ৪.০০, ২৫.৫৫, ২৪.৯৫, ৫৮.৮৮, ৬১.৩৭ কোটি টকা। অসমৰ ৯ টা টোলগেটৰ ভিতৰত আটাইতকৈ কম ধন সংগ্ৰহ হৈছে বালাচেৰা টোলগেটত। বিগত তিনিটা বছৰত এই টোলগেটটোত সংগ্ৰহ হৈছে ক্ৰমে ০.৩৬, ০.৪৭, ১.১৮ কোটি টকা। এনেকৈয়ে এতিয়া ৯ খন টোলগেটৰ জৰিয়তে অসমীয়াক ডিঙিলৈ চেপিছে নৰেন্দ্ৰ মোদী চৰকাৰে। যি কথা স্পষ্ট হৈছে পৰিছে স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ তথ্যতেই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296