Investigative reporting with dedication.

যিকোনো ব্যক্তিৰ শাৰীৰিক সমস্যা হ’লে চিকিৎসকে প্ৰথমে বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি বিভিন্ন লেবৰটৰীত পৰীক্ষা কৰি তাৰ পৰা পোৱা ৰিপৰ্টৰ ভিত্তিতে চলোৱা হয় চিকিৎসা।কিন্তু আপুনি -মই ভৰসা কৰা এই লেবৰটৰীবোৰে কিমান দায়বদ্ধতাৰে সেই পৰীক্ষাবোৰ সম্পন্ন কৰে? নগাঁৱৰ শৰ্মা লেবৰেটৰীৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰ ।আপোনাৰ বিশ্বাসেই নোহোৱা হ’ব একাংশ লেবৰটৰীৰ প্ৰতিবেদনৰ ওপৰত । তেনে একাংশ লেবৰ প্ৰতিবেদনৰ ভিত্তিত আপুনি যদি চিকিৎসা গ্ৰহণ কৰিবলৈ যায় তেন্তে আপোনাৰ বিপদ অনিবাৰ্য। কাৰণ,বহু লেবৰটৰীয়েই আপোনাক দাখিল কৰে ভুল প্ৰতিবেদন । শেহতীয়াকৈ এনে এটা লেবৰটৰীৰেই এক আজৱ কাণ্ড পোহৰলৈ আহিছে নগাঁৱত । নগাঁও চহৰৰ মাজমজিয়াৰ মাৰোৱাৰিপট্টিত থকা DR. SORMA’S X-RAY CLINIC & LAB. নামৰ লেবৰটৰীটোৱে তেজৰ গ্ৰুপ পৰীক্ষাত নগাঁৱৰ এজন যুৱকক প্ৰদান কৰিলে ভিন্ন ভিন্ন প্ৰতিবেদন।নগাঁৱৰ পুৰণিগুদামৰ দিবাংকৰ বৰা নামৰ যুৱকজনৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা । যুৱকজনে দুদিন পূৰ্বে অৰ্থাৎ যোৱা ৩১-১০-২০২২ ত এই লেবৰটৰীটোত তেজৰ গ্ৰুপ পৰীক্ষা কৰোতে প্ৰতিবেদন দাখিল কৰিছিল A POSITIVE বুলি কিন্তু সেই একেজন যুৱককেই দুবছৰ পূৰ্বে ২৪-১১-২০২০ ৰ দিনা তেজৰ গ্ৰুপ পৰীক্ষা কৰোতে এই লেবৰেটৰীটোৱে প্ৰতিবেদন দাখিল কৰিছিল B POSITIVE বুলি ।লেবৰেটৰীটোৰ অসীম বৰঠাকুৰ নামৰ পেথ’লজিষ্ট গৰাকীয়েই স্বাক্ষৰ কৰিছিল দুয়োখন প্ৰতিবেদনত । মানুহ একেজনেই কিন্তু তেজৰ গ্ৰুপ ভিন্ন ভিন্ন কৰি পেলালে সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলা এই লেবৰটৰীটোৱে । যদি লেবৰটৰীটোৰ ভুল প্ৰতিবেদন লৈ কেতিয়াবা যুৱকজনে চিকিৎসা গ্ৰহণ বা তেজ ল’বলগীয়া হ’লহেতেঁন তেন্তে কি ভয়ানক বিপদ সংঘটিত হ’লহেতেঁন যুৱকজনৰ ক্ষেত্ৰত ।নগাঁৱৰ DR. SORMA’S X-RAY CLINIC & LAB. নামৰ এই লেবৰটৰীটোৰ এনে ল’ৰা-ধেমালিক এতিয়া সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ।



