সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কি,তেজৰ গ্ৰুপো সলনি হয় ?

যিকোনো ব্যক্তিৰ শাৰীৰিক সমস্যা হ’লে চিকিৎসকে প্ৰথমে বিভিন্ন পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি বিভিন্ন লেবৰটৰীত পৰীক্ষা কৰি তাৰ পৰা পোৱা ৰিপৰ্টৰ ভিত্তিতে চলোৱা হয় চিকিৎসা।কিন্তু আপুনি -মই ভৰসা কৰা এই লেবৰটৰীবোৰে কিমান দায়বদ্ধতাৰে সেই পৰীক্ষাবোৰ সম্পন্ন কৰে? নগাঁৱৰ শৰ্মা লেবৰেটৰীৰ কাণ্ডই চকু কপালত তুলিব আপোনাৰ ।আপোনাৰ বিশ্বাসেই নোহোৱা হ’ব একাংশ লেবৰটৰীৰ প্ৰতিবেদনৰ ওপৰত । তেনে একাংশ লেবৰ প্ৰতিবেদনৰ ভিত্তিত আপুনি যদি চিকিৎসা গ্ৰহণ কৰিবলৈ যায় তেন্তে আপোনাৰ বিপদ অনিবাৰ্য। কাৰণ,বহু লেবৰটৰীয়েই আপোনাক দাখিল কৰে ভুল প্ৰতিবেদন । শেহতীয়াকৈ এনে এটা লেবৰটৰীৰেই এক আজৱ কাণ্ড পোহৰলৈ আহিছে নগাঁৱত । নগাঁও চহৰৰ মাজমজিয়াৰ মাৰোৱাৰিপট্টিত থকা DR. SORMA’S X-RAY CLINIC & LAB. নামৰ লেবৰটৰীটোৱে তেজৰ গ্ৰুপ পৰীক্ষাত নগাঁৱৰ এজন যুৱকক প্ৰদান কৰিলে ভিন্ন ভিন্ন প্ৰতিবেদন।নগাঁৱৰ পুৰণিগুদামৰ দিবাংকৰ বৰা নামৰ যুৱকজনৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা । যুৱকজনে দুদিন পূৰ্বে অৰ্থাৎ যোৱা ৩১-১০-২০২২ ত এই লেবৰটৰীটোত তেজৰ গ্ৰুপ পৰীক্ষা কৰোতে প্ৰতিবেদন দাখিল কৰিছিল A POSITIVE বুলি কিন্তু সেই একেজন যুৱককেই দুবছৰ পূৰ্বে ২৪-১১-২০২০ ৰ দিনা তেজৰ গ্ৰুপ পৰীক্ষা কৰোতে এই লেবৰেটৰীটোৱে প্ৰতিবেদন দাখিল কৰিছিল B POSITIVE বুলি ।লেবৰেটৰীটোৰ অসীম বৰঠাকুৰ নামৰ পেথ’লজিষ্ট গৰাকীয়েই স্বাক্ষৰ কৰিছিল দুয়োখন প্ৰতিবেদনত । মানুহ একেজনেই কিন্তু তেজৰ গ্ৰুপ ভিন্ন ভিন্ন কৰি পেলালে সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলা এই লেবৰটৰীটোৱে । যদি লেবৰটৰীটোৰ ভুল প্ৰতিবেদন লৈ কেতিয়াবা যুৱকজনে চিকিৎসা গ্ৰহণ বা তেজ ল’বলগীয়া হ’লহেতেঁন তেন্তে কি ভয়ানক বিপদ সংঘটিত হ’লহেতেঁন যুৱকজনৰ ক্ষেত্ৰত ।নগাঁৱৰ DR. SORMA’S X-RAY CLINIC & LAB. নামৰ এই লেবৰটৰীটোৰ এনে ল’ৰা-ধেমালিক এতিয়া সকলোৱে একেমুখে গৰিহণা দিয়াৰ লগতে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ।

Leave A Reply

Your email address will not be published.