ওদালগুৰিত স্বাস্থ্য সেৱা অভিযান

ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ওদালগুৰি আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ‘স্বাস্থ্য সেৱা অভিযান’ শীৰ্ষক
স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে অনুষ্ঠিত হয়। ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল মজলীয়া বিদ্যালয় আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত নেপালী গাঁও প্ৰাথমিক বিদ্যালয়ত এই স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।স্বাস্থ্য পৰীক্ষা শিবিৰ কেইটাত কাণ-নাকৰ ৰোগ বিশেষজ্ঞ, স্ত্ৰী আৰু প্ৰসুতি ৰোগ বিশেষজ্ঞ, শিশু ৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ, হোমিও আৰু আয়ুৰ্বেদিক সহিতে মুঠ ১০ গৰাকী চিকিৎসকে ৬ শতাধিক ৰোগীক পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে।
কুন্দৰবিলত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰতো উদ্বোধন কৰে এম চি এল এ সঞ্জয় স্বৰ্গিয়াৰী আৰু নেপালী গাঁৱত অনুষ্ঠিত হোৱা শিবিৰতো উদ্বোধন কৰে বি টি আৰ ৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গিয়াৰীয়ে। বিশেষ অতিথি হিচাপে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিৰাজ বৰুৱা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অনুৰাধা বৰুৱাকে ধৰি স্বাস্হ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল।

Leave a Reply

Your email address will not be published. Required fields are marked *