৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা

Share This Article

( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।)

৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ অসম চৰকাৰ।যি সময়ত ১ লাখ চাকৰি নিযুক্তিৰ কথাৰে অসম চৰকাৰে সফলতাৰ জয়গান গাইছে, সেই সময়তে দ্য ক্ৰছকাৰেণ্টৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।অসমৰ নিবনুৱা সমস্যাৰ প্ৰকৃত ছবিখন পোহৰলৈ অনাৰ উদেশ্যে দ্য ক্ৰছকাৰেণ্টে চলাইছিল এক দীঘলীয়া গ্ৰাউণ্ড জিৰ’ অনুসন্ধান৷ অনুসন্ধানৰ অংশ হিচাপে দ্য ক্ৰছকাৰেণ্টৰ প্ৰতিনিধিয়ে অভিযান চলাইছিল অসমৰ পৰা বহি:ৰাজ্যমুখী ৰে’লত। সেই অনুসন্ধানতেই পোহৰলৈ আহিছিল অসমৰ পৰা দৈনিক কর্মৰ সন্ধানত বহি:ৰাজ্যলৈ ঢাপলি মেলা অসমৰ যুৱক যুৱতীৰ তথ্য। একেই অনুসন্ধান চলিছিল অসমৰ বিভিন্ন গাঁৱে গাঁৱে। সেই অনুসন্ধানত পোহৰলৈ আহিছিল কেনেকৈ সংস্থাপনৰ অসমত উদং হৈ পৰিছে অসমৰ শ শ গাঁও।অনুসন্ধানৰ অংশস্বৰুপে অসমৰ তিনিখনকৈ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ মাজত দ্য ক্ৰছকাৰেণ্টৰ উদ্যোগত চলোৱা হৈছিল এক সমীক্ষা। বিশ্ববিদ্যালয় তিনিখনৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ শিক্ষার্থীৰ সহযোগত চলোৱা হৈছিল এই সমীক্ষা।

সমীক্ষাৰ প্ৰতিবেদন অনুসৰি ৫৬.৮ শতাংশই আগন্তুক সময়ত চাকৰি এটা পাম বুলি বিশ্বাসী নহয়। সমীক্ষাত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰ সফল হৈছে নে বুলি সোধা প্ৰশ্নত ৭৫ শতাংশৰ উত্তৰ আছিল নেতিবাচক। মাত্ৰ ২৫ শতাংশৰ মতেহে এই ক্ষেত্ৰত সফল হৈছে অসম চৰকাৰ।

নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে উচিত পদক্ষেপ লৈছেনে বুলি সোধা প্ৰশ্নত ৫০ শতাংশৰ উত্তৰ ইতিবাচক আৰু ৫০ শতাংশৰ উত্তৰ নেতিবাচক। একেদৰে আপুনি নিজে আগন্তুক সময়ত চাকৰি এটা পাম বুলি বিশ্বাসীনে বুলি সোধা প্ৰশ্নত ৫৬.৮ শতাংশৰ উত্তৰ আছিল নহয় আৰু ৪৩.২ শতাংশৰ উত্তৰ আছিল হয়।

 

 

 

লক্ষণীয়ভাবে চাকৰি আৰু কর্ম সংস্থাপনৰ অভাৱৰ যি চৰকাৰী পৰিসংখ্যা সেইয়া যথাযথ আৰু সঠিক বুলি ভাবে নাভাবে ৭৯.৫ শতাংশই। অন্যহাতে অসমৰ বর্ধিত জনসংখ্যাৰ কাৰণ হিচাপে ৫৪.৫ শতাংশই জনসংখ্যা বৃদ্ধি, ৪৩.২ শতাংশই ৰাজ্যৰ অর্থনৈতিক দুৰৱস্থা আৰু ৩৮.৬ শতাংশই চৰকাৰী বিফলতা বুলি অভিহিত কৰিছে।

উল্লেখ্য যে, ২০২২-২৩ বর্ষৰ অসমৰ অর্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি অসমৰ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ২২ লাখ ১২৫ গৰাকী।ইয়াৰ ভিতৰত শিক্ষিত নিৱনুৱাৰ সংখ্যা ১৮ লাখ ৫ হাজাৰ ৪৪১ গৰাকী।একেই প্ৰতিবেদন অনুসৰি, ২০১৬ চনত অসমৰ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০ লাখ ১০ হাজাৰ ৬০৩ গৰাকী। কিন্তু ২০২১ চনত সেই সংখ্যা ২২ লাখ ১২৫ গৰাকীলৈ বৃদ্ধি পাইছে। অন্যহাতে ২০২০ চনৰ ৩১ আগষ্টত অসম বিধানসভাত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি, ৰাজ্যিক উদ্ভাৱনা আৰু ৰুপান্তৰ আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদন মতে, কোভিড আৰু লকডাউনৰ সময়ত অসমৰ ১১০ লাখ লোকৰ ভিতৰত ৬৭ লাখ লোকৰ নিয়োগ আৰু জীবিকাত বিৰুপ প্ৰভাব পৰিছে। সেই অনুসৰি, ১৫.৭ লাখৰ পৰা ২৭.১ লাখ লোকে জীৱিকা হেৰুৱা বুলি আশংকা কৰা হৈছে।ৰাজ্যিক উদ্ভাৱনা আৰু ৰুপান্তৰ আয়োগৰ এই আশংকা যদি সত্য হয়, তেন্তে বিগত ৩ টা বছৰত অসমত নতুনকৈ ১৫ ৰ পৰা ২৭ লাখ নিবনুৱা বৃদ্ধি হ’ব পাৰে। সেই সন্দর্ভত অৱশ্যে পৰবর্তী সময়ত চৰকাৰৰ তেনে কোনো সমীক্ষা পৰিলক্ষিত হোৱা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.