Exclusive: বৃহৎ বেংক জালিয়াতি : এপেক্স বেংকত বিশ্বজিত ফুকনৰ ঘনিষ্ঠৰ সিন্ধি

অৰূপ কলিতা

এইবাৰ অসমত ওলাইছে বিজয় মালিয়া , নীৰৱ মোদীৰ নতুন অৱতাৰ ৷ বেংক জালিয়াতিৰে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ীয়ে লাভ কৰিলে  ২০ কৌটি ৩০ লাখ টকা ৷ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক অসম কো অপাৰেটিভ এপেক্স বেংকে ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা উলংঘা কৰি   ২০ কৌটি ৩০ লাখ টকা প্ৰদান কৰাৰ বিস্ফোৰক তথ্য শেহতীয়াকৈ আহি পৰিছে ‘দ্য ক্ৰছকাৰেন্ট’ৰ হাতত ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত  বিশ্ব শৰ্মা সঞ্চালক আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন অধ্যক্ষ হিচাপে থকা এপেক্স বেংকৰ এই জালিয়াতি অসমৰ বেংকিঙ ইতিহাসৰেই এক বৃহৎ জালিয়াতি হিচাপে চিহ্নিত হৈছে ৷ ১৯৪৮ চনতে স্থাপন হোৱা এই বেংকটো সম্প্ৰতি কেইগৰাকীমান মুষ্টিমেয় ৰাজনীতিকৰ কব্জাবদ্ধ হৈ পৰিছে ৷ বেংকিঙৰ নিয়ম কানুনো হৈ পৰিছে গৌন ৷ এনে পৰিস্থিতিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম উলংঘা কৰি এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ ব্যৱসায়ীক দিয়া হ’ল ২০ কৌটি ৩০ লাখ টকা ৷ ব্যৱসায়ীগৰাকীৰ নাম ৰাজেশ বাজাজ ৷ এইগৰাকী ৰাজেশ বাজাজৰ কোম্পানী নৰ্থ ইষ্ট প্লাণ্টেশ্যন এণ্ড কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেডক ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘাৰে প্ৰদান কৰা হ’ল ২০ কৌটি ৩০ লাখ টকা ৷

এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ সৈতে ৰাজেশ বাজাজ

প্ৰাপ্ত তথ্য অনুসৰি ,ৰাজেশ বাজাজৰ  কোম্পানী নৰ্থ ইষ্ট প্লাণ্টেশ্যন এণ্ড কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডে এপেক্স বেংকৰ পৰা ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জড়িয়তে  বিগত ৫ এপ্ৰিলৰ পৰা ২০ জুনৰ ভিতৰত মুঠ ২০ কৌটি ৩০ লাখ টকা লাভ কৰিছে ৷ বেংকটোৰ  অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি জনজাত এইগৰাকী ৰাজেশ বাজাজৰ কোম্পানীক ৫ এপ্ৰিলত ৬ কৌটি টকা , ১৮ এপ্ৰিলত ৩ কৌটি টকা , ২৮ এপ্ৰিলত ২ কৌটি টকা , ২ মে’ত ৪ কৌটি টকা , ২ জুনত ৯৫ লাখ টকা টকা , ৯ জুনত ৮০ লাখ টকা আৰু ২০ জুনত ৩ কৌটি ৫৫ লাখ টকা নীতি বহিৰ্ভূতভাৱে আদায় দিলে এপেক্স বেংক কৰ্তৃপক্ষই ৷ৰাজেশ বাজাজে তেওঁৰ আন কোনো বেংকৰ চেক জমা দিয়েই ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জড়িয়তে  এই বিশাল পৰিমানৰ ধন আদায় কৰি নিলে ৷   এইক্ষেত্ৰত বেংক কৰ্তৃপক্ষই স্পষ্ট ৰূপত উলংঘা কৰিলে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৫ চনৰ নিৰ্দেশনা ৷ কিয়নো ২০১৫ চনৰ ১ জুলাইত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশনা জাৰি কৰি ‘ডিমাণ্ড বিল পাৰ্ছেছ’ বা চেক ক্ৰয়ৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল ৷ ডিমাণ্ড বিল পাৰ্ছেছ বা চেক ক্ৰয়ৰ পদ্ধতিত বেংকৰ গ্ৰাহকৰ বিশেষ প্ৰয়োজনত চেকৰ বিনিময়ত ধন আদায় দিয়াৰ ব্যৱস্থা আছিল ৷ অৰ্থাৎ যদিহে গ্ৰাহকগৰাকীৰ হাতত তেওঁ ধন পাবলগীয়া আন চেক থাকে আৰু তেওঁক ধনৰ তৎকালীন প্ৰয়োজন হয় , তেনেহ’লে গ্ৰাহকৰ লেনদেনৰ ওপৰত ভিত্তি কৰি বেংকটোৱে সেই চেকখন ক্ৰয় কৰি লয় আৰু গ্ৰাহকক ধন প্ৰদান কৰে ৷ কিন্তু নেট বেংকিঙ ব্যৱস্থা সুচল হৈ পৰাৰ পাছতেই চেক ক্ৰয় কৰাৰ এই প্ৰক্ৰিয়া স্থগিত কৰি দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷ কাৰণ , বৰ্তমান সময়ত দেশৰ যিকোনো প্ৰান্তৰ চেক এখন গ্ৰাহকে বেংকত জমা কৰি কম সময়ৰ ভিতৰতে চেক ক্লিয়াৰেন্সৰ জড়িয়তে  ধন লাভ কৰিব পাৰে ৷

ৰিজার্ভ বেংকৰ নিয়ম উলংঘাৰে বাজাজক দিলে ২০.৩০ কোটি

২০১৫ চনৰ ১ জুলাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাষ্টমাৰ চাৰ্ভিছৰ ‘মাষ্টাৰ চাৰ্কুলাৰ’ৰ ৫.৫ নং দফাত কোৱা হয় যে যদিহে কোনো কাৰণত বেংকৰ চেক ক্লিয়াৰেন্স প্ৰক্ৰিয়া বন্ধ থাকে তেনে প্ৰেক্ষাপটতহে গ্ৰাহকৰ পূৰ্বৰ লেনদেনলৈ চাই স্থানীয় বেংকে চেক ক্ৰয় কৰি ধন প্ৰদান কৰিব পাৰে ৷ বিশেষকৈ চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠিত কোম্পানীৰ যদি চেক হয় তেনেহ’লে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব ৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল সাম্প্ৰতিক সময়ত চেক ক্লিয়াৰেন্স বন্ধ থকাৰ উদাহৰণ পাবলৈ নাই ৷ ইয়াৰ বাহিৰেও ৰাজেশ বাজাজক ধন দিয়া হৈছে তেওঁৰেই আন বেংকত থকা চেকৰ বিনিময়ত ৷ কোনো চৰকাৰী বিভাগ বা প্ৰতিষ্ঠিত কোম্পানীৰ চেকৰ বিনিময়ত এই ধন ৰাজেশ বাজাজক এপেক্স বেংকে প্ৰদান কৰা নাই ৷ ৰাজেশ বাজাজে জমা দিছিল তেওঁৰ আন বেংকত থকা একাউন্টৰ চেক ৷সেই চেক ক্লিয়াৰেন্স কৰাৰ সলনি এপেক্স বেংকে পোনপটীয়াকৈ ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জড়িয়তে ২০ কৌটি ৩০ লাখ টকা ৰাজেশ বাজাজৰ একাউণ্টত জমা দিয়ে ৷   অসমৰ বেংকিঙ ইতিহাসত এয়া সৰ্ববৃহৎ জালিয়াতি হিচাপে চিহ্ণিত হৈছে ৷

এপেক্স বেংকৰ পৰিচালনাৰ দায়িত্বত থকা কেইগৰাকীমান ব্যক্তিৰ সৈতে ঘনিষ্ঠতা থকাৰ বাবেই ৰাজেশ বাজাজে নীতি বহিৰ্ভূতভাৱে এই ধন লাভ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ ৰাজেশ বাজাজৰ সামাজিক মাধ্যমৰ প্ৰফাইলত দেখা পোৱা যায় যে বাজাজৰ কাৰ্যালয়ত এপেক্স বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকন নিজেই উপস্থিত হৈ সম্ভাষণ গ্ৰহণ কৰিছে ৷ ইয়াৰ পৰাই এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকন অৰু বেংকৰ পৰা নীতি বহিৰ্ভূতভাৱে ২০.৩০ কৌটি টকা লাভ কৰা ৰাজেশ বাজাজৰ ঘনিষ্ঠতা ওলাই পৰে ৷ এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত এপেক্স   বেংকৰ পৰা এই বিশাল পৰিমানৰ ধন নীতি বহিৰ্ভূতভাৱে লাভ কৰাৰ তথ্য শেহতীয়াকৈ বেংকটোৰ একাউণ্টছ শাখাৰো দৃষ্টিগোচৰ হৈছিল ৷ কিন্তু এই সমগ্ৰ দুৰ্নীতি গাপ দিবলৈ উঠি পৰি লাগে বেংক কৰ্তৃপক্ষ ৷ পৰৱৰ্তী সময়ত বিষয়টো লৈ এপেক্স বেংকৰ ভিতচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত সেই সময়ত এপেক্স বেংকৰ দিছপুৰ শাখাৰ প্ৰবন্ধক বিকাশ ৰক্ষ্জন দাসক নিলম্বন কৰি কৰ্তৃপক্ষই নজিৰবিহীন জালিয়াতিক ঢাকি ৰখাৰ চেষ্টাত লিপ্ত হয় ৷ কিন্তু মূল কথাটো হ’ল , এপেক্স বেংকৰ ইতিহাসত এয়া হৈছে সৰ্ববৃহৎ বেংক জালিয়াতিৰ ঘটনা ৷ য’ত ডিমাণ্ড বিল পাৰ্ছেছ পদ্ধতি বন্ধ হৈ পৰাৰ পাছতো ৰিজাৰ্ভ বেংকৰ চাৰ্কুলাৰ উলংঘা কৰি ৰাজেশ বাজাজাক আদায় দিয়া হ’ল ২০ কৌটি ৩০ লাখ টকা ৷ গ্ৰাহকে জমা ৰখা ধন এইদৰে নিয়ম উলংঘা কৰি আদায় দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পাছতো বিত্তীয় জালিয়াতিৰ আজিলৈকে কোনো তদন্ত হোৱা নাই ৷

এইগৰাকী ৰাজেশ বাজাজক লৈ এইবাবেই প্ৰশ্ন উত্থাপন হৈছে যে তেওঁৰ নাম সাঙোৰ খাই পৰিছিল দেশ কঁপোৱা সাৰদা কেলেংকাৰীৰ সৈতে ৷ সাৰদা চিটফাণ্ড গোচৰত ২০১৪ আৰু ২০১৫ চনত চি বি আইৰ জেৰাৰ সন্মুখীন হৈছিল ৰাজেশ বাজাজ ৷ অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ৰাজেশ বাজাজ হৈ পৰে লোকনিৰ্মান বিভাগৰ এজন ঠিকাদাৰ ৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনৰ বিভাগটোত ঠিকা লাভ কৰিও কাম সম্পূৰ্ণ নকৰাৰ গুৰুতৰ অভিযোগ আছে ৰাজেশ বাজাজৰ বিৰুদ্ধে ৷  বিশেষকৈ কাৰ্বি আংলঙত ৰাজেশ বাজাজৰ কোম্পানী ‘নৰ্থ ইষ্ট প্লাণ্টেশ্যন এণ্ড কমাৰ্ছিয়েল প্ৰাইভেট লিমিটেডে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ কেইবাটাও পথ নিৰ্মানৰ ঠিকা লাভ কৰে ৷ কিন্তু ঠিকা লাভ কৰিও পথ নিৰ্মান নকৰাৰ অভিযোগ আছে ৰাজেশ বাজাজৰ বিৰুদ্ধে ৷ উদাহৰণস্বৰূপে , ৰাজেশ বাজাজে বোকাজান সমষষতিৰ কুৰুণা ইংতি গাঁৱত ২০১৯ চনতেই ২ কৌটি ৩৩ লাখ টকাৰে ২.৭ কিলোমিটাৰ দৈৰ্ঘ্যে এটা পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ৷ কিন্তু ২০২২ চনতো সেই পথৰ নিৰ্মান সম্পূৰ্ণ নকৰাৰ অভিযোগ আছে ৰাজেশ বাজাজৰ বিৰুদ্ধে ৷ এই বাতৰি কাৰ্বি আংলঙৰ স্থানীয় সংবাদ মাধ্যমতো সম্প্ৰচাৰ হৈছে ৷ তেনে এগৰাকী ব্যক্তিকেই ৰিজাৰ্ভ বেংকৰ প্ৰতিবন্ধকতা স্বত্বেও এপেক্স বেংকে ‘ডিমাণ্ড বিল পাৰ্ছেছ’ৰ জড়িয়তে ২০ কৌটি ৩০ লাখ টকা আদায় দিলে ৷ ইফালে, বেংক জালিয়াতিৰে এই বৃহৎ ধন লাভ কৰা ৰাজেশ বাজাজে গোলাঘাটত ক্ৰয় কৰা এখন চাহ বাগিচাৰ ধনৰ উৎসক লৈও এতিয়া আন এক বৃহৎ প্ৰশ্নৰ উদয় হৈছে ৷

প্ৰণিধানযোগ্য যে শেহতীয়াকৈ ৰিজাৰ্ভ বেংকৰ চাৰ্কুলাৰ উলংঘাৰে ভিডিওকনক ঋণ প্ৰদান কৰি চি বি আইৰ গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল আই চি আই চি আই বেংকৰ প্ৰাক্তন চি ই ও চন্দা কোচাৰ ৷ কিন্তু একেই ৰিজাৰ্ভ বেংকৰ চাৰ্কুলাৰ উলংঘা কৰি ৰাজেশ বাজাজক ২০ কৌটি ৩০ লাখ টকা প্ৰদান কৰা ঘটনাক আজিও ঢুকি পোৱা নাই অসম আৰক্ষীৰ বিত্তীয় অপৰাধ অনুসন্ধান শাখা অথবা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ যাৰ বাবে এপেক্স  বেংকৰ সঞ্চালক হিমন্ত বিশ্ব শৰ্মা  , অধ্যক্ষ বিশ্বজিত ফুকনৰ ভূমিকাক লৈও অনেক প্ৰশ্নৰ উদয় হৈছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296