Category সাহিত্য-শিল্প

‘বিশ্বস্ত আলাপ’

✍🏻ৰিপুঞ্জয় গগৈ বয়সৰ লেখেৰে নব্বৈ পাৰ কৰা মানুহগৰাকীৰ জী, পুত্ৰ, জোঁৱাই আমাৰ দেশ ৰাজ্যৰেই একোজন সুখ্যাত ব্যক্তি। ঘৰোৱা সম্পৰ্কেৰে শৰ্মা উপাধীৰ মানুহঘৰলৈ মোৰ আছে সঘন অহা যোৱা। এইগৰাকী আইমাতৃৰ পৰিয়ালৰ সাংস্কৃতিক আভিজাত্যৰে তেওঁ খুউবেই নম্ৰ ভদ্ৰ, সুশীলা। পিছে এনে এগৰাকী আই মাতৃয়েই এসময়ত মুখেৰে এনে কেতবোৰ অতি অশালীন বাক্য উচ্চাৰণ কৰিবলৈ ললে যে আমাৰ দৰে আলহী, অভ্যাগতৰ উপস্থিতিত সমস্ত পৰিয়ালটোৱেই ভীষণ অস্বস্তিত পৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হয়। সকলো যত্ন, চিকিৎসাৰ পাছতো অনাৰোগ্য বিষৰ যন্ত্ৰণাত আই গৰাকীয়ে অনবৰতে ঘৰৰ সকলোকে অশালীন গালি-গালাজ পাৰি থাকিবলৈ ল’লে। এইবোৰ সময়তে অতি মাতৃবৎসল ৬৪ বছৰীয়া সৰুপুত্ৰই আমাৰ সৈতে অনবৰতে ইচ্ছামৃত্যুৰ “ইউথেনচীয়া”ৰ কথাবোৰ পাতিবলৈ ধৰিলে। ,,,,, বহুদিন যন্ত্ৰণা ভোগাৰ পাছত পৰিয়ালৰ সকলোকে কন্দোৱাই মৰমৰ আইগৰাকীয়ে জীৱন নাট সামৰিলে। আমাৰ এই বাস্তৱ অভিজ্ঞতাখিনি কিবা একক বিৰল ব্যতিক্ৰমী ঘটনা কিন্তু নহয়। অনেকৰেই পৰিয়ালত এনে ঘটনা অভিজ্ঞতা অতিকৈয়েই সুলভ। প্ৰায় সকলোৱেই নিজৰ মাক-দেউতাক বা আত্মীয়ক দীৰ্ঘজীৱী কৰি ৰখাৰ ইচ্ছা, হেঁপাহ কৰে। ইয়াত একো অস্বাভাৱিকতা নাই। পিছে দীৰ্ঘজীৱী কৰাৰ নামত আমি আমাৰ আত্মীয়সকলক শাৰীৰিক যন্ত্ৰণা আৰু মানসিক নিসংগতাৰ মাজত ৰখাটো কিমান বিজ্ঞোচিত কাৰবাৰ বাৰু? কোভিদ কেন্দ্ৰীক লকডাউনৰ সময়ত আমি দেখিছোঁ অনেকেই বয়সীয়াল মাক দেউতাকবোৰক কভিদ সংক্ৰমণৰ অহৈতুক ভয়ত(?) তথা সন্তানৰ দায়িত্বৰ নামত তেওঁলোক অনেককেই গৃহবন্দী কৰি ৰাখিছেতো ৰাখিছেই তেওঁলোকক আন সকলো বন্ধু বান্ধৱ বা ভক্ত অনুগামীৰ পৰা কৰুণভাৱে বিচ্ছিন্ন কৰি ৰাখিছে। এটা বয়সৰপৰা মানুহ নিজেই লকডাউনেৰে গৃহবন্দী হয়। যোৱা আগষ্ট মাহত মই গাঁৱলৈ গৈ আমাৰ গাওৰ কেইবাজনো দদাই খুৰীৰ এই অৱস্থা প্ৰত্যক্ষ কৰিছিলো। তেওঁলোকৰ সৈতে কভিদৰ অবৰ্তমানতো এইদৰে বয়সে কৰা লকডাউন গৃহবন্দীৰ কথা পাতিছিলো। হোমেন বৰগোহাঞিৰ অস্তৰাগৰ দিলীপৰ দেউতাক যেন আমাৰ অনেকৰেই বৃদ্ধ মা-দেউতা, দদাই খুৰীসকল! এইবোৰ ভাবিয়েই যোৱাবছৰ এইসময়খিনিত মোৰ মাৰ সৈতে একসপ্তাহ গাঁৱৰ ঘৰত থাকি আহিলোঁ। আৰু কাকতলীয়ভাৱে এইবছৰৰ একেখিনি সময়তে মাক এসপ্তাহ গুৱাহাটীৰ ঘৰত ৰাখিলোঁ। আজি দহবছৰৰ আগতে অকলে গুৱাহাটীলৈ অহা মা এতিয়া মোৰ একমাত্ৰ ভনী, ভনী-জোৱাঁই, ভাগিনটো আৰু ভনীৰ জাজনীৰ সৈতে গুৱাহাটীলৈ আহিল। মাৰ এতিয়া ৮৩ বছৰ যদিও এসময়ৰ শিক্ষয়িত্ৰী আৰু অতি বুদ্ধীদীপ্ত মায়ে নিজৰ নব্বৈ […]

মুক্ত চিন্তাৰ , মানবপ্ৰেমী জুবিন ।

অসমৰ সৰ্বস্তৰৰ ,সৰ্ববয়সৰ মানুহকেই প্ৰভাবিত কৰিব পৰা এই সময়ৰ লোকজনেই আছিল জুবিন গাৰ্গ । আবাল বৃদ্ধ বনিতাৰ আবেগৰ অংশ আছিল সুৰীয়া কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ । অলপতে অৰ্ধ শতিকা অতিক্ৰম কৰিলেও সত্তৰ -আশি বছৰীয়া জনৰ বাবে যেনেকৈ “আমাৰ জুবিন” ;তেনেকৈ…

বিশিষ্ট নাট্যকাৰ ড° অখিল চক্রৱর্তীলৈ ‘ভোগদৈপৰীয়া সাহিত্য বঁটা’ -২০২৩

অসম নাট্য সন্মিলনৰ প্রাক্তন সম্পাদক ( ১৯৮৪-৯০), প্রাক্তন সভাপতি( ২০০৯-১০), বিশিষ্ট নাট্যকাৰ-পৰিচালক, কবি-গল্পকাৰ-ঔপন্যাসিক ড০ অখিল চক্রৱর্তীলৈ আগবঢ়োৱা হৈছে ‘ভোগদৈপৰীয়া সাহিত্য বঁটা-২০২৩ ।উল্লেখ্য যে মানসম্পন্ন, পৰিশীলিত সাহিত্য-চৰ্চা আৰু ব্যাপ্তি সাধনাৰ এক পৰিবেশ সৃষ্টিৰ লক্ষ্যৰে গঠিত হোৱা ‘ভোগদৈপৰীয়া কবিকণ্ঠ’ই প্ৰতিবছৰে এগৰাকী বিশিষ্ট…

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

 কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস ‘কেঁচা ভূঁইৰ কঁপনি শুকুৰবাৰে উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ”সাম্প্ৰতিক সময়ত অসমীয়া উপন্যাসৰ বিষয় মানুহৰ সমস্যাৰ পৰিৱৰ্তে ঐতিহাসিক…

উখল মাখল নাৰায়ণপুৰ

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মণিকাঞ্চন ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ।অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিত্বম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মণিকাঞ্চন ক্ষেত্ৰত পুৱাৰ পৰা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে।পুৱাৰে পৰা হাজাৰ হাজাৰ সাহিত্য অনুৰাগীয়ে ভৰি পৰিছে নাৰায়ণপুৰৰ বৰ খামটি…

শিল্পী যদিও বঞ্চিত শিল্পী পেঞ্চনৰ পৰা

শিৱসাগৰৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী। নিজৰ প্ৰতিভাৰে বিগত ২৫ বছৰে শিৱসাগৰৰ কেইবাশতাধিক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে সত্ৰীয়া নৃত্য, গীত, গায়ন বায়ন আদিৰ।এই গৰাকী প্ৰচাৰ বিমুখ শিল্পী হৈছে সত্ৰীয়া নৃত্যৰ সাধক, বৰগায়ন তথা শাস্ত্ৰীয় সংগীতজ্ঞ বিষ্ণু শইকীয়া বৰগায়ন।অসম চৰকাৰে এই…

আহক- কবিৰ কাম্য মানৱীয় সমাজ এখনৰ বাবে আমি মাত মাতো

  ●ললিত গগৈ ”বাই তোৰ কোন গাঁৱত ঘৰ / মৰেনে মানুহ তাত ! ”- কবিৰ বাবে মৃত্যু যে চিৰন্তন সত্য আছিল সেয়া এই পংক্তিটোৱেই প্ৰমাণ। এতেকে সহজ সত্যটোক মানি লৈছো আমি । কবিৰ বিয়োগত শোকাভিভূত হৈ পোষ্ট দিয়াসকলক লাইক দি…

গ্ৰন্থমেলাত উন্মোচন ‘ছেফটিপিন’

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ‘ছেফটিপিন’ শীৰ্ষক এখন কাব্যগ্ৰন্থ শুকুৰবাৰে উন্মোচন কৰা হয়।গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হৈ থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।উন্মোচকৰ ভাষণত কবি নীলিম কুমাৰে কয়-‘ছেফটিপিন পুৰুষে ব্যৱহাৰ নকৰে।নাৰীয়ে…

গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হ’ব গুৱাহাটী

৩০ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা অসম গ্ৰন্থমেলা । ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ…

অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২ ঘোষণা

বছৰটোৱে মেলানি মাগিবলৈ ওলোৱাৰ সময়তে অসমীয়া সাহিত্যৰ জগতলৈ উছাহ ভৰা শুভ বাৰ্তা কঢ়িয়াই অসম প্ৰকাশন পৰিষদে “অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা–২০২২” ৰ বাবে বাছনি কৰিছে পাঠক-সমালোচকৰ মন-মগজুক নতুন চিন্তা-চেতনাৰে সমৃদ্ধ কৰা বিশিষ্ট কথা-শিল্পী ড° প্ৰণৱজ্যোতি ডেকাক । আজি অসম প্ৰকাশন…