গ্ৰন্থৰ সুবাসেৰে উদ্ভাসিত হ’ব গুৱাহাটী

Share This Article

৩০ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা অসম গ্ৰন্থমেলা । ইতিমধ্যে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ।আজি এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই বিষয়ে কয় যে ধেমাজি , নলবাৰী আৰু যোৰহাটত অসম গ্ৰন্থমেলাৰ সফল সামৰণিৰ পাছত গুৱাহাটীত এই গ্ৰন্থমেলা আয়োজন কৰা হৈছে । ইয়াত মুঠতে ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১৫০টাৰো অধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিব ।ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১০টা, কলকাতাৰ ১৭টা, মুম্বাইৰ ১টা, ঝাৰখণ্ডৰ ১টা আৰু ঢাকাৰ ১১টা প্ৰকাশন গোষ্ঠী ৷সচিব কলিতাই অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কমনা কৰি কয়—“ কাইলৈ বিয়লি ৪ বজাত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। গ্ৰন্থমেলা উদ্বোধন কৰিব আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য-কাব্য শিল্পী তাৰা নোইচন্তাৰাই । উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট লেখক, সাহিত্য-সমালোচক ড° গোৱিন্দ প্ৰসাদ শৰ্মা।” তদুপৰি ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী সদৰী কৰি তেওঁ কয় যে প্ৰতিদিনেই ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে ৩০ ডিচেম্বৰৰ বিয়লি ইণ্ডোনেছিয়াৰ পৰিৱেশ্য কাব্য-শিল্পী তাৰা নোইচন্তাৰাৰ সৈতে অন্তৰংগ আলাপ ।ৰাহুল জৈনে পৰিচালনা কৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াস্থিত ভাৰতীয় দূতাবাসৰ প্ৰাক্তন কাউন্সেলৰ তথা বিশিষ্ট লেখক অৰূপ দত্তই । ১ জানুৱাৰীৰ বিয়লি ১ বজাত আয়োজিত হ’ব “মই কিয় লিখোঁঃ স্ব-পৰিক্ৰমা” শীৰ্ষক অনুষ্ঠান য’ত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে আৰু সঞ্চালনা কৰিব বিশিষ্ট সাহিত্যিক ডাঃ অপূৰ্ব কুমাৰ শইকীয়াই । ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক ক্ৰমে লীনা শৰ্মা, শিৱানন্দ কাকতি, জয়ন্ত মধৱ বৰা, মনালিছা শইকীয়াই । একেদিনাই বিয়লি ৩ বজাত লেখক-পাঠকৰ সমাৰোহ “সাহিত্য-আলচ” উদ্বোধন কৰিব সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ।২ জানুৱাৰীত আলোচনা সত্ৰ “অসমীয়া সমালোচনা সাহিত্যঃ অৱলোকন” সঞ্চালনা কৰিব বিশিষ্ট সাহিত্যিক ড° আনন্দ বৰমুদৈয়ে ।ইয়াত অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক-সমালোচক ক্ৰমে অৰিন্দম বৰকটকী, ড° অৰিন্দম শৰ্মা, ড° প্ৰাণ্‌জিৎ বৰা, ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠই । ইয়াৰ পাছত বিয়লি ৩ বজাত বিশিষ্ট কথা-শিল্পী ড° মৌচুমী কন্দলীৰ সঞ্চালনাত অনুষ্ঠিতব্য “প্ৰকাশ”ৰ উদ্যোগত গল্পৰ আবেলি উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাই । উল্লেখযোগ্য যে উক্ত দিনা সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই প্ৰণয়ন কৰা “আধুনিক অসমৰ ৰাজনৈতিক ইতিহাস” ( মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈকে) শীৰ্ষক গ্ৰন্থ এখন ৷ ৪ জানুৱাৰীৰ বিয়লি ১ বজাত ভাষাত্ববিদ ড° ৰমেশ চন্দ্ৰ পাঠকৰ সোঁৱৰণত অনুষ্ঠিতব্য “ অসমীয়া ভাষাৰ সংকট আৰু প্ৰতিষ্ঠা ” শীৰ্ষক আলোচনা সত্ৰ উদ্বোধন কৰিব বিশিষ্ট লেখক দিগন্ত বিশ্ব শৰ্মাই । একেদিনাই বিয়লি ৩ বজাত “অনুবাদ আৰু সাহিত্যৰ সমৃদ্ধি” শীৰ্ষক আলোচনা সত্ৰ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক কুল শইকীয়াই । ৮ জানুৱাৰীত “মুকুতা” আলোচনীৰ উদ্যোগত অনুষ্ঠিত হ’ব শিশুৰ দিন । ৯ জানুৱাৰীত সামৰণি পৰিব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ।সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে । সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব গুৱাহাটীস্থিত বাংলাদেশ চৰকাৰৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে । বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিৎ শেখৰ মুছহাৰী আৰু বিশিষ্ট বিজ্ঞানী, লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী।গ্ৰন্থমেলাৰ প্ৰতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান ।সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা , সচিব প্ৰমোদ কলিতাৰ লগতে উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মন, সম্পাদক ধীৰাজ গোস্বামী, উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী । সংবাদমেলৰ আঁত ধৰে প্ৰবোধ দাসে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.