উখল মাখল নাৰায়ণপুৰ

Share This Article

অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মণিকাঞ্চন ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ।অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিত্বম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মণিকাঞ্চন ক্ষেত্ৰত পুৱাৰ পৰা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে।পুৱাৰে পৰা হাজাৰ হাজাৰ সাহিত্য অনুৰাগীয়ে ভৰি পৰিছে নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰ।আজি পুৱা ৮:৪৫ বজাত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি কুলধৰ শইকীয়াই অসম সাহিত্য সভাৰ মূল পতাকাখন উত্তোলন কৰাৰ সমান্তৰালকৈ আন ৭৫ খন পতাকা উত্তোলন কৰে । ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্তই শ্বহীদ তৰ্পণ কৰে।ইয়াৰ পিছৰ স্মৃতি তৰ্পণ অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে স্মৃতি সূৰ্য গোলোক হাজৰিকা আৰু তৰ্পক হিচাপে বিশিষ্ট নাট্যকাৰ চৈয়দ নাজিম আহমেদ উপস্থিত থাকে।অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মণিকাঞ্চন ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ।
অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিত্বম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনৰ দ্বিতীয় দিনাও মনিকাঞ্চন ক্ষেত্ৰত পুৱাৰ পৰা উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে।পুৱাৰে পৰা হাজাৰ হাজাৰ সাহিত্য অনুৰাগীয়ে ভৰি পৰিছে নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মনিকাঞ্চন ক্ষেত্ৰ ।আজি পুৱা ৮:৪৫ বজাত অসম সাহিত্য সভাৰ বিদায়ী সভাপতি কুলধৰ শইকীয়াই অসম সাহিত্য সভাৰ মূল পতাকাখন উত্তোলন কৰাৰ সমান্তৰালকৈ আন ৭৫ খন পতাকা উত্তোলন কৰে।পতাকা উত্তোলন কৰি অসমৰ জাতীয় সংগীতটি অসমীয়া, দেউৰী আৰু খামটি ভাষাত পৰিৱেশন কৰাৰ ওপৰিও গায়ন বায়ন, ঢোল বাদন আৰু চালি নৃত্য পৰিৱেশন কৰা হয়।ইয়াৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্তই শ্বহীদ তৰ্পণ কৰে ।ইয়াৰ পিছৰ স্মৃতি তৰ্পণ অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে স্মৃতি সূৰ্য গোলোক হাজৰিকা আৰু তৰ্পক হিচাপে বিশিষ্ট নাট্যকাৰ চৈয়দ নাজিম আহমেদ উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.