শিল্পী যদিও বঞ্চিত শিল্পী পেঞ্চনৰ পৰা

Share This Article

শিৱসাগৰৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী। নিজৰ প্ৰতিভাৰে বিগত ২৫ বছৰে শিৱসাগৰৰ কেইবাশতাধিক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে সত্ৰীয়া নৃত্য, গীত, গায়ন বায়ন আদিৰ।এই গৰাকী প্ৰচাৰ বিমুখ শিল্পী হৈছে সত্ৰীয়া নৃত্যৰ সাধক, বৰগায়ন তথা শাস্ত্ৰীয় সংগীতজ্ঞ বিষ্ণু শইকীয়া বৰগায়ন।অসম চৰকাৰে এই বৰ্ষত এইগৰাকী শিল্পীক প্ৰদান কৰে শিল্পীৰ মযাৰ্দা লগতে প্ৰদান কৰে এককালীন সাহাৰ্য।মাজুলীৰ শ্ৰী শ্ৰী ভূতপুৰ সত্ৰত পাঁচ বছৰ বয়সৰ পৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা বিষ্ণু শইকীয়া বৰগায়নে পৰৱৰ্তী সময়ত শিৱসাগৰত থাকি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীক শাস্ত্ৰীয় সংগীত, সত্ৰীয়া নৃত্য, গায়ন বায়ন, ৰাস নৃত্য আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।তেখেতৰ ওচৰত প্ৰশিক্ষণ লাভ কৰা বহু প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।এই গৰাকী প্ৰচাৰ বিমুখ সাংস্কৃতিক কৰ্মীয়ে ২০১৫ চনৰ পৰাই অসম চৰকাৰৰ শিল্পী পেন্সনৰ বাবে আৱেদন কৰিছিল যদিত এই বৰ্ষত অসম চৰকাৰৰ পৰা শিল্পীৰ মৰ্যাদা লাভ কৰাৰ লগতে চৰকাৰৰ পৰা এককালীন সাহাৰ্য লাভ কৰে।বৰ্তমান শাৰীৰিকভাৱে অসুস্থ বিষ্ণু শইকীয়া বৰগায়নে পৰৱৰ্তী সময়ত অসম চৰকাৰে শিল্পী পেন্সন আগবঢ়াব বুলি আশাবাদী।উল্লেখ্য যে দীৰ্ঘদিন ধৰি শিৱসাগৰৰ শংকৰদেৱ সমাজ নামঘৰৰ লগত জড়িত বৰগায়ন তথা ওজা বিষ্ণু শইকীয়া বৰগায়নে চৰকাৰৰ পৰা শিল্পীৰ এককালীন সাহাৰ্য লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে শংকৰদেৱ সমাজ নামঘৰৰ ভকত বৈষ্ণৱ সকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.