অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২২ ঘোষণা

Share This Article

বছৰটোৱে মেলানি মাগিবলৈ ওলোৱাৰ সময়তে অসমীয়া সাহিত্যৰ জগতলৈ উছাহ ভৰা শুভ বাৰ্তা কঢ়িয়াই অসম প্ৰকাশন পৰিষদে “অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা–২০২২” ৰ বাবে বাছনি কৰিছে পাঠক-সমালোচকৰ মন-মগজুক নতুন চিন্তা-চেতনাৰে সমৃদ্ধ কৰা বিশিষ্ট কথা-শিল্পী ড° প্ৰণৱজ্যোতি ডেকাক । আজি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সম্বোধন কৰা এক সংবাদমেলত এই বঁটা ঘোষণা কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই কয় যে বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰা “প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গ্ৰন্থখনৰ বাবে এই বঁটাৰ বাবে ড° ডেকাক নিৰ্বাচন কৰা হৈছে ।এই বঁটাত আছে লেখকৰ বাবে ৫ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপলা আৰু প্ৰকাশকৰ বাবে ৩ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা । উল্লেখ্য যে এইবেলি এই বঁটাৰ বাবে বাছনিত উঠা আন ৫ খন গ্ৰন্থ আছিল ড° দীপক বৰকাকতিৰ “হৃদয়ালয়” , অপূৰ্ব কুমাৰ শইকীয়াৰ “চ’তৰ উৰহী”, য়েছে দৰজে ঠংচিৰ “ধাৰ আৰু অনান্য গল্প”, নীলিম কুমাৰৰ “এটা বনৰীয়া সপোনৰ অন্ধ যাত্ৰা” আৰু দেৱব্ৰত দাসৰ “কড়ি খেলৰ সাধু” । অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে কাইলৈ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানতে এই বঁটা প্ৰদান কৰা হ’ব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.