গ্ৰন্থমেলাত উন্মোচন ‘ছেফটিপিন’

Share This Article

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ‘ছেফটিপিন’ শীৰ্ষক এখন কাব্যগ্ৰন্থ শুকুৰবাৰে উন্মোচন কৰা হয়।গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত হৈ থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে।উন্মোচকৰ ভাষণত কবি নীলিম কুমাৰে কয়-‘ছেফটিপিন পুৰুষে ব্যৱহাৰ নকৰে।নাৰীয়ে জানে ছেফটিপিনৰ প্রয়োজনীয়তা।গতিকে এইখন নাৰীকেন্দ্ৰিক কবিতা পুথি হ’ব বুলি অনুমান কৰিব পাৰি।ৰঞ্জিত পাটগিৰিয়ে দীর্ঘদিন ধৰি কবিতা লিখি আহিছে।তেওঁৰ কবিতা সহজ-সৰল।সকলো পাঠকে বুজি পোৱা ধৰণে ৰঞ্জিতে কবিতা লিখে ‘।ইফালে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ‘অসমীয়া প্ৰতিদিন’ৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়-‘ৰঞ্জিত পাটগিৰি যিমান সহজ-সৰল ল’ৰা, তেওঁৰ কবিতাও সিমানেই সহজ।ৰঞ্জিত পাটগিৰিয়ে কবিতাৰে এচাম পাঠক সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে।’ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কাব্য সমালোচক বিপুল শৰ্মায়ো বক্তব্য ৰাখে।অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া, কবি জোনমনি দাস,মানসজ্যোতি,দ্বীপৰাজ,ৰাহুল গৌতম শৰ্মা,অভিজিত বৰা,মন্দিৰা গগৈকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে। ইফালে কাব্য সংকলন ‘ছেফটিপিন’ সন্দৰ্ভত কবি ৰঞ্জিত পাটগিৰিয়ে জনোৱা অনুসৰি গ্ৰন্থখনত বিগত প্ৰায় এটা দশকত লিখা বহু কেইটা কবিতা সন্নিবিষ্ট কৰা হৈছে।বিশেষকৈ কবিতা পুথিখনত সন্নিবিষ্ট প্ৰায়ভাগ কবিতাই প্ৰেমৰ কবিতা। গ্ৰন্থখনত থকা কবিতাসমূহ পঢ়ি পাঠকে এক সুকীয়া কাব্যৰস পাব বুলি কবি পাটগিৰিয়ে উল্লেখ কৰে।গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে ভাষা প্ৰকাশনে।ইফালে প্ৰকাশক মুকুট শৰ্মায়ো ‘ছেফটিপিন’ কাব্যগ্ৰন্থখন পাঠকে আদৰি ল’ব বুলি আশা ব্যক্ত কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.