আহক- কবিৰ কাম্য মানৱীয় সমাজ এখনৰ বাবে আমি মাত মাতো

Share This Article

 

●ললিত গগৈ

”বাই তোৰ কোন গাঁৱত ঘৰ / মৰেনে মানুহ তাত ! ”- কবিৰ বাবে মৃত্যু যে চিৰন্তন সত্য আছিল সেয়া এই পংক্তিটোৱেই প্ৰমাণ। এতেকে সহজ সত্যটোক মানি লৈছো আমি । কবিৰ বিয়োগত শোকাভিভূত হৈ পোষ্ট দিয়াসকলক লাইক দি দি ভাগৰি পৰিছো । ভাল কথা যে আইৰ মুখৰ মাতটো হেৰাব বুলি জীৱনৰ বিয়লি বেলিকাও চকুলো টুকা কবিজনক আমি সন্মান যাচিছো ।কিন্ত সেয়াই যথেষ্ট নহয় ।কবিৰ মৰ্মবেথা আমি মানুহবোৰে কিমান বুজিবলৈ চেষ্ঠা কৰিছো বা তেওঁৰ কাম্য সমাজখনৰ হকে মাত মাতিছো ।কবিয়ে এখন প্ৰেমৰ পৃথিৱী বিচৰা নাছিল জানো- ”ক’তো যেন এতিয়া কোনো মৰা নাই / কোনো শিশু কোনো বৃদ্ধ / দুৱাৰ মেলিলেই দেখি / নিত্য আৱৰ্তিত এখন প্ৰেমৰ পৃথিৱী” ।কিন্ত কবিয়ে সেইখন সমাজ দেখা পালেনে ! কলুষিত ৰাজনৈতিক আৱহাৱাই ৰাজ্যখনত এতিয়া কবিয়ে বিচৰা মানুহৰ এই আত্মীয়তাৰ বান্ধোন বৰ্তাই ৰাখিছেনে- ”একেখন ঘৰতে আছিলো দুঘৰ মানুহ / উৰুখা চালেৰে কাটে কাল / কাটে ৰাতি কাটে পানী / তুমি হাঁহিলে মই কান্দো / মই হাহিঁলে তুমি কান্দা / সলাওঁ এনেকৈয়ে ইজনে সিজনক ।” ওহোঁ মিছা কথা ! ৰাজ্যত এতিয়া নিজৰ তেজৰ ডোঙাত নিজেই উপঙি থকা ৰুদ্ধশ্বাস দিনৰ কিৰিলি। কবিৰ ভাষাত- ”কথাতো বৰ সাংঘাতিক / নিজৰ চকু দুটা নিজে কাঢ়ি / হাতত লৈ ফুৰাৰ দৰে / বৰ সাধাৰন / পাৰ এযোৰ পোহাৰ দৰে।” পৰিৱেশ এতিয়া কবিয়ে কোৱাৰ দৰেই এনেকুৱা ভয়ংকৰ নহয় জানো- ”চাব নোৱাৰো / শুনিব নোৱাৰো / কব নোৱাৰো / ভাবিব নোৱাৰো / খাব নোৱাৰো / শুব নোৱাৰো ।” এনে অৱস্থাত নিজক সোধক ; কবিৰ দৰে নিজৰ গাতো চিকুটি চাওক- ”য’তেই থাকো / য’তেই আছো / সাৰে আছোনে / কিমান বাৰু সাৰে আছো / জীয়াই আছোনে / কিমান বাৰু জীয়াই আছো / ক’ত আছো।” কবিয়ে আমাক মানুহৰ মুখা পিন্ধি, বাটে-ঘাটে ক’লা ছায়া-অপছায়া হৈ পিশাচৰ দৰে ভয়ংকৰক আপোন কৰি ল’বলৈ দীক্ষা দি যোৱা নাই। আহক আমি সকলোৱে এতিয়াৰ পৰা প্ৰয়াত কবিগৰাকীয়ে বিচৰাৰ দৰে আকৌ সোন্দাকলৰ পুলি ৰুওঁ ; চৰাই আৰু ফুলবোৰক মৰম কৰিবলৈ শিকোঁ ।লঘোনীয়া বুঢ়ীজনীয়ে কবিক কোৱাৰ দৰে যেন কোনেও এইদৰে ক’বলগীয়া নহয়- ”বোপাই আৰু নক’বি / পানী গুচি শিল হ’ল / অন্ন গুচি বিহ হ’ল।” আহক- কবিৰ কাম্য মানৱীয় সমাজ এখনৰ বাবে আমি মাত মাতো । তেহে কবিৰ বিয়োগত আমাৰ চকুলোৰ মূল্য থাকিব ।অন্যথা এয়া হ’ব ফেশ্বন শ্ব’ !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.