মীৰাবাঈ : অলিম্পিকত ৰূপৰ পদক জয় কৰি ক’লে এই ৫টা গুৰুত্বপূ্ৰ্ণ কথা –

টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচিলে মণিপুৰৰ কন্যা মীৰাবাঈ চানুয়ে ৷ ভাৰত্তোলনৰ ৪৯ কেজি শাখাত দেশৰ হৈ প্ৰথমটো পদক জয় কৰি কৰি তেও কেবাটাও গুৰুত্বপূৰ্ণ কথা ক’লে ৷ মীৰাবাঈ চানুৰ ৫ টা মূল মন্তব্য –

  • “মই বিগত ৫ বছৰ ধৰি এই পদকৰ সপোন দেখি আছিলো ৷ সোণৰ পদক জয় কৰিবৰ বাবে বহুত চেষ্টা কৰিলো ৷ কিন্তু  নোৱাৰিলো ৷ ক্লীন এণ্ড জাৰ্ক ইভেন্টত লক্ষ্যত উপনীত হোৱাটো কঠিন হৈ পৰিল ৷মই আনকি অলিম্পিকৰ ৰেকৰ্ডো পূৰ্বতকৈ ভাল কৰিবলৈ চেষ্টা কৰিছিলো ৷ সেয়াও নহ’লগৈ ৷ কিন্তু তাৰ পছতো মই বহুত সুখী ৷”
  • “মেচ আৰম্ভ হোৱাৰ আগতে মই বহত নাৰ্ভাচ হৈছিলো ৷ কিন্তু সম্পূৰ্ণ দেশে মোৰ ফালে চাই আছিল ৷ মই কেৱল এইটোৱে ভাবি আহিছিলো যে সম্পূৰ্ণ উজাৰি মই খেল খেলিম আৰু পদক জয়ৰ চেষ্টা চলাম ৷”
  • “ৰিঅ’ অলোম্পিকৰ পৰা মই বহুত কিবাকিবি শিকিলো ৷ তেতিয়াই মই গম পাইছিলো যে আগলৈ সফল হ’বলৈ হ’লে কেনেকৈ আগবাঢ়িব লাগিব ৷ ৰিঅ’ৰ বিফলতাৰ বাবেই টকিঅ’ত মই সফল হ’ব পাৰিলো ৷”
  • “যদিও মই মণিপুৰৰ কিন্তু দেশৰ হৈ অলিম্পিকত প্ৰথমটো পদক অৰ্জন কৰি অতি সুখী অনুভৱ কৰিছো ৷”
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296