অলিম্পিক : ছানিয়া মিৰ্জা – অংকিতা ৰাইনাৰ অবিশ্বাস্য পৰাজয়

Share This Article

টকিঅ’ অলিম্পিকত এক অবিশ্বাস্য পৰাজয়ৰ সন্মুখীন হৈ মহিলা টেনিছৰ ডাবলছৰ পৰা বিদায় মাগিবলগীয়া হ’ল ছানিয়া মিৰ্জা আৰু অংকিতা ৰাইনা যুটীয়ে ৷ বিজয়ৰ পৰা কিছু দূৰৈত থমকি ৰ’ল ছানিয়া – অংকিতা ৷ ইয়াৰ লগে লগে মহিলা টেনিছৰ ডাবলছৰ সকলো আশা নিৰ্বাপিত হ’ল ৷মেচ আছিল ইউক্ৰেইনৰ লুডমিলা কিচেনক আৰু নাদিয়া কিচেনকৰ যুটীৰ বিৰুদ্ধে ৷ ফেভাৰিট বুলি ভাৰতীয় যুটীকে বিবেচনা কৰা হৈছিল ৷ সেইমতেই প্ৰদৰ্শন কৰি প্ৰথম ছেটত ৬-০ ত অগ্ৰগতি লাভ কৰে ৷দ্বিতীয় ছেটত এটা সময়ত ছানিয়া- অংকিতা ৫-৩ ৰ ব্যৱধানত আগুৱাই আছিল ৷ কিন্তু হঠাৎ কোৰ্টত আক্ৰমণাত্মক হৈ পৰে ইউক্ৰেইনৰ যুটী ৷ মেচ উপনীত হয় ট্রাইবেকাৰত ৷ ট্ৰাইবেকাৰত ৭-০ ৰ ব্যৱধানত জিকি সমতা স্থাপন কৰে কিচেনক যুটীয়ে ৷ নিয়ম অনুসৰি তৃতীয় ছেট ট্ৰাইবেকাৰৰ নিয়মত অনুষ্ঠিত হয় ৷ য’ত ইউক্ৰেইনৰ যুটীটোৱে ১০-৮ ৰ ব্যৱধানত ছানিয়ে – অংকিতাক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷

ইফালে , বেডমিন্টনৰ প্ৰথম মেচত জয়লাভ কৰিছে শ্বাটলাৰ পি বি সিন্ধুয়ে ৷ একেদৰে নাওচলনাতো ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰিছে ৷ কিন্তু শ্বুটিঙ আৰু টেনিছত ভাৰতীয় খেলুৱৈসকলে আজি নিৰাশ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.