সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অলিম্পিক : ছানিয়া মিৰ্জা – অংকিতা ৰাইনাৰ অবিশ্বাস্য পৰাজয়

টকিঅ’ অলিম্পিকত এক অবিশ্বাস্য পৰাজয়ৰ সন্মুখীন হৈ মহিলা টেনিছৰ ডাবলছৰ পৰা বিদায় মাগিবলগীয়া হ’ল ছানিয়া মিৰ্জা আৰু অংকিতা ৰাইনা যুটীয়ে ৷ বিজয়ৰ পৰা কিছু দূৰৈত থমকি ৰ’ল ছানিয়া – অংকিতা ৷ ইয়াৰ লগে লগে মহিলা টেনিছৰ ডাবলছৰ সকলো আশা নিৰ্বাপিত হ’ল ৷মেচ আছিল ইউক্ৰেইনৰ লুডমিলা কিচেনক আৰু নাদিয়া কিচেনকৰ যুটীৰ বিৰুদ্ধে ৷ ফেভাৰিট বুলি ভাৰতীয় যুটীকে বিবেচনা কৰা হৈছিল ৷ সেইমতেই প্ৰদৰ্শন কৰি প্ৰথম ছেটত ৬-০ ত অগ্ৰগতি লাভ কৰে ৷দ্বিতীয় ছেটত এটা সময়ত ছানিয়া- অংকিতা ৫-৩ ৰ ব্যৱধানত আগুৱাই আছিল ৷ কিন্তু হঠাৎ কোৰ্টত আক্ৰমণাত্মক হৈ পৰে ইউক্ৰেইনৰ যুটী ৷ মেচ উপনীত হয় ট্রাইবেকাৰত ৷ ট্ৰাইবেকাৰত ৭-০ ৰ ব্যৱধানত জিকি সমতা স্থাপন কৰে কিচেনক যুটীয়ে ৷ নিয়ম অনুসৰি তৃতীয় ছেট ট্ৰাইবেকাৰৰ নিয়মত অনুষ্ঠিত হয় ৷ য’ত ইউক্ৰেইনৰ যুটীটোৱে ১০-৮ ৰ ব্যৱধানত ছানিয়ে – অংকিতাক পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷

ইফালে , বেডমিন্টনৰ প্ৰথম মেচত জয়লাভ কৰিছে শ্বাটলাৰ পি বি সিন্ধুয়ে ৷ একেদৰে নাওচলনাতো ভাৰতীয় দলটোৱে ভাল প্ৰদৰ্শন কৰিছে ৷ কিন্তু শ্বুটিঙ আৰু টেনিছত ভাৰতীয় খেলুৱৈসকলে আজি নিৰাশ কৰে ৷

- Donation -

Leave A Reply

Your email address will not be published.