সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাভলীনা : স্কুলত কিতাপ এৰি যি এদিন যোগ দিছিলগৈ ছাইৰ ক্ৰীড়া শিবিৰত

লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-২

  • দেৱজিৎ ফুকন

(লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-১ পঢ়িবলৈ ইয়াত ক্লিক কৰক)

- Donation -

(৪)

স্কুলতে কিতাপ-চাইকেল এৰি যোগ দিছিলগৈ ছাইৰ ক্ৰীড়া শিৱিৰত

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছত লাভলীনাই মহাৰাষ্ট্ৰৰ পুনেৰ আৰ্মি হেড কোৱাৰ্টাৰত কিছুদিন প্ৰশিক্ষণ গ্ৰহণ কৰে ৷তাৰ পাছত  জুন মাহৰ ২১ তাৰিখৰ পৰা ইটালীত  প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ ইটালিয়ান প্ৰশিক্ষক ৰাফেল গাৰ্মাবাষ্কই লাভলীনাৰ লগতে অলিম্পিকত যোগদান কৰিবলগীয়া ভাৰতীয় বক্সিং দলটোক প্ৰশিক্ষণ দিয়ে৷ভাৰতৰ দলটোত আছে  ছয় গৰাকী মহিলা সহ মুঠ ৯ গৰাকী প্ৰতিযোগী ৷ তদুপৰি ছিকিমৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙেও  অন্যতম প্ৰশিক্ষক হিছাপে লাভলীনাক সংগ দিয়ে যদিও তেওঁ টকিঅ’লৈ যোৱা নাই  ৷ লাভলীনাৰ কেৰিয়াৰৰ এই সুদীৰ্ঘ যাত্ৰাত বৰপথাৰৰ মুৱাই-থাই আৰু কিক্‌ বক্সিঙৰ প্ৰশিক্ষক প্ৰশান্ত দাসৰ বিশেষ অবদান আছে ৷ পেছা সূত্ৰে ধনশিৰি আইটিআইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসে আবেলি সময়ত বৰপথাৰ হিন্দী হাইস্কুলৰ প্ৰাংগনত মুৱাই-থাই প্ৰশিক্ষণ দিয়ে ৷

২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেয়াই আৰম্ভণি ৷ প্ৰশান্ত কুমাৰ দাসৰ ওচৰত লাভলীনাই মুৱাই-থাই নামৰ শাৰীৰিক কলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে ৷ লগতে কিক্‌ বক্সিং আৰু ঠাং’টা নামৰ মণিপুৰী সমৰ কলাৰো প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ আৰম্ভ কৰিলে ৷ এনেদৰেই ২০১২ চনৰ মে মাহত গুৱাহটীৰ ছাই কেন্দ্ৰৰ পৰা এটা দল আহে সৰুপথাৰলৈ ৷ উদেশ্য বক্সিঙৰ খেলুৱৈ সন্ধান কৰা ৷ সৰুপথাৰৰ গোলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰিছিল প্ৰতিভা সন্ধানী এক শিবিৰ ৷ আচলতে চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰতিভাৰ সন্ধানত দলটো আহিছিল যদিও বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনৰ বিশেষ তৎপৰতাত শেষ মূহূৰ্তত ছাইৰ দলটোৱে লাভলীনাক প্ৰশিক্ষক সকলৰ সন্মুখীন হবলৈ সুযোগ দিবলৈ ৰাজি হয় ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ উপ সঞ্চালক উদয় কমল চেতিয়াই যোগাযোগ কৰি সহায় কৰি দিয়ে আৰু ছাইৰ বক্সিং প্ৰশিক্ষক পদুম চন্দ্ৰ বড়োৰ সন্মুখত নিজা পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে লাভলীনাই সুযোগ লাভ কৰে ৷সেই মুহূৰ্তত লাভলীনা আছিল শ্ৰেণীকোঠাত আৰু তাৰ পৰাই বৰপথাৰ ছোৱালী হাইস্কুলৰ সহকাৰী শিক্ষক হেমন্ত বৰাই সৰুপথাৰৰ শিৱিৰলৈ লৈ যায় ৷ লাভলীনাৰ কিতাপ, চাইকেল সেইদিনা বিদ্যালয়তে থাকি গল ৷ লাভলীনাৰ প্ৰদৰ্শনত ছাইৰ নিৰ্বাচক সকল সন্ত্তষ্ট হল আৰু লাভলীনাৰ শিক্ষক সকলৰ কষ্টৰো সুফল আহিল তিনিমাহৰ পাছত ৷ বৰপথাৰ ছোৱালী হাইস্কুলৰ শাৰীৰিক নিৰ্দেশক ভৱানন্দ লাহনলৈ ছাইৰ পৰা খবৰ আহিল যে লাভলীনা ছাইলৈ নিৰ্বাচিত হৈছে  ৷ সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত আয়োজন কৰা নিৰ্বাচনী শিৱিৰৰ পৰা আৰম্ভ কৰা বক্সিঙৰ যাত্ৰাত আৰু কোনোদিনেই লাভলীনা থমকি ৰোৱা নাই ৷

(৫)

সৰুতে বজাৰত তাই শাক-পাচলি বিক্ৰী কৰিছিল

সৰুৰে পৰা তাই ল’ৰাৰ দৰে থাকি ভাল পাইছিল ৷ বৰপথাৰ ছোৱালী হাইস্কুলৰ সেউজীয়া পাৰি লগা মেখেলাচাদৰ যোৰতকৈ তাইৰ প্ৰিয় হাফপেণ্ট স্পৰ্টিংহে ৷ ঘৰতো মতামানুহৰ কামবোৰ বেছিকৈ কৰে ৷ তেতিয়া দেউতাক কৰ্ম সূত্ৰে ঘৰৰ কৰা আতৰত থাকে ৷ লাভলীনাই সৰুতেই দুই জেষ্ঠ যমজ ভগ্নীৰ লগ লাগি সৰুকৈ চাহ বাগিচা এখনো গঢ়ি তুলিছিল ৷ তদুপৰি বাৰীৰ পিছফালে এটা পুখুৰীও খান্দি উলিয়াইছিল ৷ শাক পাচলি খেতি কৰিছিল ৷ কেৱল ঘৰত খোৱাই নহয় বৃহস্পতিবাৰৰ বৰপথাৰ সপ্তাহিক বজাত নিজে কৰা খেতিৰ শাক পাচলি বিক্ৰী কৰিবলৈ নিছিল ৷ হাফ পেণ্ট ষ্পৰ্টিং আৰু মূৰত এটা টুপী পিন্ধি বজাৰত বস্তু বিক্ৰী কৰি থাকোতে লাভলীনাক সকলোৱে ল’ৰা বুলিয়ে ভাৱে ৷ বস্তু কিনিবলৈ অহা গ্ৰাহকে সেইবাবে ভুল কৰি লাভলীনাক ‘ভাইটি’ বুলিহে মাতিছিল ৷ সেই বজাৰত শাক পাচলি বিক্ৰী কৰা সকলোৱে ‘ভাইটি’ বুলি সম্বোধন কৰা ছোৱালীজনী  টকিঅ’ত উপস্থিত হৈছেগৈ বিশ্ব জয়ৰ বাবে ৷ অন্যান্য খেলুৱৈ সকলৰ উত্তৰণৰ বাটত যিদৰে মসৃণ আৰু যিদৰে বিভিন্ন জনৰ পৰা পৃষ্ঠপোষকতা লাভ কৰে তেনে কোনো সুবিধা আৰম্ভণিৰ সময়ছোৱাত লাভলীনাই লাভ কৰা নাছিল ৷ কঠোৰ জীৱন সংগ্ৰাম লাভলীনাৰ উত্তৰণৰ একমাত্ৰ চাবিকাঠি হৈ পৰিল ৷ স্বাভিমানী লাভলীনাৰ ঘৰলৈ যাবলৈ আজিও বাট পথ সুচল নহয় ৷ সফলতাৰ যে কোনো চমু পথ নাই সেই কথাটো যেন লাভলীনাৰ জীৱন সংগ্ৰামৰ পৰাই আমি বুজিব পাৰো ৷

কঠোৰ পৰিশ্ৰম আৰু অত্যন্ত জেদী মনোভাৱ লাভলীনাৰ সফলতাৰ প্ৰকৃত কাৰণ ৷ ঘৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দুৰৰ বৰপথাৰ হিন্দী হাইস্কুলত প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰত প্ৰশিক্ষণ লবলৈ পুৱা ৫ বজাত গৈ উপস্থিত হৈছিলগৈ ৷ প্ৰায় তিনি ঘণ্টাৰ প্ৰশিক্ষণৰ পাছত আকৌ চাইকেল লৈ বৰপথাৰ ছোৱালী হাইস্কুলত ৯ বজাত উপস্থিত হব লাগিছিল ৷ কেতিয়াবা সহ প্ৰশিক্ষক জয়ন্ত পালে লাভলীনাহতক প্ৰশিক্ষণ থলীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দুৰৰ ধনশিৰি নদীৰ পাৰলৈ লৈ গৈ বালিত দৌৰিবলৈ দিছিল ৷ তেনেদৰে ঘণ্টাৰ পাছত ঘণ্টা কষ্ট কৰি ছাইত যোগদান কৰাৰ পূৰ্বেই বিভিন্ন স্থানত হোৱা প্ৰতিযোগিতাত যোগদান কৰি  পদক লাভ কৰিছিল ৷ কিন্তু পোৱা নাছিল সামান্যতমো চৰকাৰী সা সুবিধা ৷ দেউতাকে কোনোমতে পইছাৰ যোগাৰ কৰি ঝাৰখণ্ডত অনুষ্ঠিত প্ৰতিযোগিতালৈ যাবলৈ ৰেলৰ শ্লিপাৰ শ্ৰেণীৰ টিকট কাটি দিছিল ৷ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে প্ৰতিযোগিতাৰ সজুঁলিবোৰৰ নিজৰ পকেটৰ পইছাৰে কিনি দিছিল ৷ দেউতাক টিকেন বৰগোহাঁয়ে সপোন দেখিছিল জীয়েকক লৈ ৷ আৰু আজি সেই সপোনৰ সাকাৰ ৰূপ দিবলৈ সক্ষম হৈছে লাভলীনাই৷ (আগলৈ)

(লেখক গোলাঘাটৰ ডি আৰ কলেজৰ সহযোগী অধ্যাপক)

 

 

 

Leave A Reply

Your email address will not be published.