লাভলীনা : সপ্তম শ্ৰেণীত এখন বাতৰি কাকতে সলনি কৰিছিল যাৰ জীৱনৰ পথ

Share This Article
  • দেৱজিৎ ফুকন

(৬)

এখন পুৰনি বাতৰি কাকতে সলনি কৰিছিল লাভলীনাৰ জীৱন

তেতিয়া তাই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ৷ দেউতাক টিকেন বৰগোহাঁই ঘৰৰ পৰা দূৰৈৰ বগীজানত এখন ক্ষুদ্ৰ চাহ বাগিছাৰ এটা সৰু চাকৰি কৰি আছিল ৷ মাজে মাজে ঘৰলৈ আহে ৷ কোনদিনা আহিব সেইকথা লাভলীনাহঁতে আগতীয়াকৈ গম নাপায়, কাৰণ ঘৰত তেতিয়া কোনো মোবাইল ফোনৰ ব্যৱস্থা নাছিল ৷ কিশোৰী লাভলীনাই সদায় বাটলৈ চায় ৰয় দেউতাক আহিছে নেকি বুলি ৷ দেউতাক কামৰ পৰা ঘৰলৈ আহিলে হাতত মিঠাইৰ টোপোলা এটা লৈ আহে ৷ সেইদিনা আছিল দেওবাৰ ৷ দেউতাকে মিঠাই বান্ধি অনা বাতৰি কাকতখন মিঠাই খোৱাৰ পাছত টেবুলতে আছিল ৷ দেউতাকে দেখিলে বাতৰি কাকত খনত কাৰোবাৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছে বিশ্ব খ্যাত বক্সাৰ মহম্মদ আলিৰ বিষয়ে ৷ দেউতাকে লাভলীনাক লিখনিটো পঢ়িবলৈ দিলে ৷ লাভলীনাই অতি মনোযোগেৰে সেই লেখনিটো পঢ়ি মহম্মদ আলিৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ’ল ৷ সেয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা ৷ দেউতাকেও উৎসাহ দিলে বক্সাৰ হ’বলৈ ৷ কিন্তু বৰপথাৰত নাছিল বক্সিঙৰ প্ৰশিক্ষণৰ কোনো সুবিধা ৷ এনে সময়তে প্ৰশান্ত কুমাৰ দাসৰ তত্ত্বাৱধানত বৰপথাৰত আৰম্ভ হৈছিল মুৱাই-থাই আৰু কিক্‌ বক্সিঙৰ প্ৰশিক্ষণ ৷ দেউতাকে দিয়া উৎসাহ আৰু মনোবলক সাৰথি কৰি গভীৰ আত্মবিশ্বাসেৰে লাভলীনাই আৰম্ভ কৰিলে মুৱাই-থাই আৰু কিক্‌ বক্সিঙৰ প্ৰশিক্ষণ ৷ লগতে মণিপুৰী সমৰ কলা ঠাং’টাৰ প্ৰশিক্ষণো গ্ৰহন কৰিলে ৷ ছাইত যোগদান কৰাৰ পাছত বক্সিঙৰ বিশেষ প্ৰশিক্ষণ নথকাকৈয়ে কলকাতাত অনুষ্ঠিত নেচনেল গেমছত যোগদান কৰি সোনৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল লাভলীনাই ৷

মুৱাই-থাই বা কিক্‌ বক্সিঙৰ প্ৰশিক্ষণৰ সময়তো লাভলীনাই নিজা জোতা বা খেলৰ পোচাকৰ সমস্যাত ভুগিছিল ৷ কিন্তু সীমিত সা সুবিধা লাভলীনাৰ প্ৰতিভা বিকাশত হেঙাৰ হব পৰা নাছিল ৷ সেই সময়ত দেউতাক টিকেন বৰগোহাঁয়ে চাকৰি কৰি লাভ কৰিছিল মাত্ৰ ২৫০০ টকাৰ মাহিলী দৰমহা ৷ সেই টকাৰে কোনোমতে পৰিয়ালটো চলিবলৈও নহৈছিল ৷ গতিকে দেউতাকক কিবা খেলৰ সামগ্ৰী বিচাৰিবলৈ সুবিধাই নাছিল ৷ অৱশ্যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণলৈ নিৰ্বাচিত হোৱাৰ পাছত প্ৰশিক্ষণৰ সামগ্ৰী বা আন কোনো ক্ষেত্ৰতে লাভলীনাৰ কোনো সমস্যা হোৱা নাছিল ৷ যাৰ ফলত কঠোৰ অনুশীলনৰ মাজেৰে লাভলীনাই নিজকে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিবলৈ সক্ষম হৈছে ৷ কোনো প্ৰতিকূল পৰিৱেশে বিচলিত কৰিব নোৱাৰা ছোৱালীজনীৰ জীৱন এনে আৰু বহু কাহিনীৰে ভৰি আছে ৷

লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-২

লাভলীনা বৰগোহাঁইৰ নীৰৱ , কঠিন , কষ্টকৰ জীৱন সংগ্ৰামৰ কাহিনী-১

(৭)

টকিঅ’ত কেনে আছে লাভলীনা

টকিঅ’ত উপস্থিত হোৱাৰ পাছত বৃহস্পতিবাৰে লাভলীনাৰ লগত কথা হ’লো ৷গভীৰ আত্মবিশ্বাসী লাভলীনা ৷ সকলো সামাজিক মাধ্যমৰ পৰা এতিয়া বহু দূৰত থাকি কেৱল অনুশীলন কৰি গৈছে ৷ ইতিমধ্যে টকিঅ’ৰ গেম ভিলেজত বহু খেলুৱৈ কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত লাভলীনাহঁতৰ দলটোৱে বহু সাৱধানতা অৱলম্বন কৰিব লগীয়া হৈছে ৷  পুৱা লঘু আহাৰ গ্ৰহন কৰিলে ৷ অট্ছ , গাজৰ , ফুলকবি বিন আদি বইল পাছলি কণী আদি আজি ব্ৰেকফাষ্ট কৰিছে ৷ লাভলীনাক শুভেচ্ছা জনায় ইতিমধ্যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ নেতৃত্বত #Go_for_Glory_Lovlina শীৰ্ষক এক প্ৰেৰণাদায়ক অভিযান আৰম্ভ হৈছে ৷  গুৱাহাটীৰ লাষ্ট গেটৰ পৰা বিধায়ক গৰাকীৰ উদ্যোগত হোৱা চাইকেল ৰেলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী , বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , অগপৰ সভাপতি কৃষিমন্ত্ৰী অতুল বৰা, বহুকেইজন মন্ত্ৰী, অখিল গগৈকে ধৰি বহু বিধায়ক , ক্ৰীড়া সংগঠক,  সাংবাদিক আদিয়ে যোগদান কৰাৰ খবৰে লাভলীনাক বিশেষভাবে উৎসাহিত কৰিছে ৷ এতিয়া লাভলীনাৰ একমাত্ৰ লক্ষ্য অলিম্পিকত পদক লাভ কৰা ৷  লাভলীনাই মোৰ লগত হোৱা কথাবতৰাত অসমৰ ৰাইজে জনোৱা শুভেচ্ছাৰ কাৰণে কৃতজ্ঞতা জনায় আৰু অসমৰ জনগণৰ আশাক বাস্তৱ ৰূপ দিবলৈ এশ শতাংশ উজাৰি দিম বুলি কয় ৷

অসংখ্য কাহিনী, ঘটনা- পৰিঘটনাৰ মাজেৰে লাভলীনা আহি আজি এই অৱস্থাত উপনীত হৈছেহি ৷

এইবাৰ অলিম্পিকত ভাৰতীয় বক্সাৰ সকলকলৈ দেশৰ জনগণ বিশেষভাবে উৎসাহিত আৰু বক্সিঙৰ পৰা চাৰিটা পদক আহিব পাৰে বুলি বিশেষজ্ঞ সকলে মতামত প্ৰকাশ কৰিছে ৷ । কেইবাজনো শক্তিশালী খেলুৱৈৰে গঠিত হৈছে টকিঅ’ অভিমুখী ভাৰতীয় দল। মেৰীকম, লাভলীনাৰ লগতে পুৰুষৰ শাখাত অমিত পংগালৰ পদক লাভ কৰাৰ সম্ভাৱনা আছে । তদুপৰি সম্ভাৱনাৰ তালিকাত আছে মনিষ কৌশিক, বিকাশ কৃষণ আদিও ৷ টকিঅ’ অলিম্পিকত এইবাৰ ভাৰতবৰ্ষৰ ৯ গৰাকীকৈ বক্সাৰ ৰিঙত নামিব ৷

লাভলীনাই প্ৰথম বিদেশত প্ৰতিযোগিতাত অংশ লৈছিল ২০১৩ চনত ৰাছিয়াত ৷ বিদেশত থকা সময়বোৰতো লাভলীনাৰ অসংখ্য আমোদজনক পৰিৱেশৰ সন্মুখীন হোৱাৰ অভিজ্ঞতা আছে ৷ ২০১৮ চনত ইটালীত থাকোতে এবাৰ লাভলীনা মূল দলটোৰ পৰা হেৰাই গৈ বিচ্ছিন্ন হৈ পৰিছিল ৷ ক’লৈ যাব কোনো উৱাদিহ পোৱা নাছিল৷ কেইবাঘণ্টাৰ পাছতহে আকৌ দলৰ সদস্য সকলক পাবলৈ সক্ষম হৈছিল ৷ তেনেদৰে ভিয়েটনামত বিশ্ব বক্সিং প্ৰতিযোগিতাত যোগদান কৰিবলৈ যাওঁতে লাভলীনাৰ বেমাৰ হোৱাৰ পাছতো পদক আজুৰি আনিছিল ৷এনে বহু কাহিনী আমি পৰবৰ্তী খণ্ড সমূহত আগবঢ়াই যাম ৷

(৮)

সাতোৰ শিকিবলৈ পুখুৰী খন্দা ছোৱালীজনী

তেতিয়া লাভলীনা সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ দেউতাক কৰ্মসূত্ৰে দূৰৈত থাকে বাবে ঘৰত দুই জ্যেষ্ঠ ভগ্নী আৰু মাকৰ সৈতে লাভলীনা থাকে৷ গতিকে পুৰুষবিহীন ঘৰখনত সকলো পুৰুষৰ কাম ছোৱালী তিনিজনী আৰু মাকেই কৰিবলগীয়া হয়৷ চাউল মিলত ধান কুটাই অনাৰ পৰা ঘৰৰ খৰি-খেৰ গোটোৱালৈকে সকলো কাম লাভলীনা আৰু দুই জে্যষ্ঠ ভগ্নী লিছা আৰু লিমাই কৰিবলগীয়া হয়৷ লাভলীনাহঁতৰ সাতোৰ শিকিবলৈ মন৷ কিন্তু ঘৰত নিজাকৈ এটা পুখুৰীৰ অভাৱ৷ নগৰীয়া মধ্যবিত্ত পৰিয়ালৰ ছোৱালী হোৱাহেঁতেনে দেউতাকে কোনো চুইমিং ট্ৰেইনিং চেণ্টাৰত লাভলীনাহঁতক নাম লগাই দিলেহেঁতেন৷ লগতে দামী দামী চুইমিং কষ্টিউম্‌৷ কিন্তু বৰপথাৰ বাৰমুখীয়া গাঁৱত চুইমিং কষ্টিউম্‌ পিন্ধি চুইমিং পুলত সাতোৰ শিকা দূৰৈৰ কথা, লাভলীনাহঁতৰ নিজা এটা পুখুৰীও নাছিল৷ কিন্তু দৃঢ়মনা লাভলীনা আৰু দুই জ্যেষ্ঠ ভগ্নীয়ে সাঁতোৰ শিকিবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল৷ গতিকে তিনিও ভগ্নী লগ হৈ ঘৰৰ পিছফালে নিজেই পুখুৰী খান্দিবলৈ লাগিল৷ দেউতাক টিকেন বৰগোহাঁয়ে আমাক জনোৱা অনুসৰি ঘৰৰ সেই পুখুৰী খন্দাৰ উদ্দেশ্য মাছ পোহা নাছিল, আছিল ছোৱালী তিনিগৰাকীৰ সাঁতোৰ শিকাৰ ইচ্ছা৷ আৰু সেই ইচ্ছাক বাস্তৱায়িত কৰিবলৈ তিনিজনী ছোৱালীয়ে প্ৰায় অসাধ্য সাধন কৰি ঘৰৰ পিছফালে পুখুৰীটো খান্দি উলিয়াইছিল আৰু তিনিজনী ছোৱালী সাঁতোৰত পাৰ্গত হৈ উঠিছিল৷ সেইজনীয়ে লাভলীনা, যাক কোনো প্ৰতিবন্ধকতাই বাধা দি ৰাখিব নোৱাৰে৷

পুৰুষ নথকা ঘৰখনত ছোৱালী তিনিজনীয়ে সমৰকলা শিকাৰো আছে আন এক কাহিনী৷ গাঁওখনৰ বহুতেই টিকেন বৰগোহাঁইৰ ল’ৰা সন্তান নথকা কথাটো উনুকিয়ায় যদিও টিকেন-মামণিৰ কাৰণে তিনিজনী ছোৱালী ল’ৰাতকৈ কোনো গুণেই কম হ’ব নোৱাৰিব৷ দেউতাক দূৰত থকাৰ সময়ত সেইবাবেই মাক মামণি বৰগোহাঁয়ে তিনিওগৰাকী কন্যাক ল’ৰাৰ সমকক্ষ কৰি গঢ়ি তোলাৰ পণ লৈছিল৷ যিকোনো বিপদে-আপদে যাতে ল’ৰা নথকাটো কেতিয়াও অনুভৱ নহয়, সেইবাবে সৰুৰে পৰা ছোৱালী তিনিজনীক ল’ৰাৰ দৰে ডাঙৰ-দীঘল কৰিছিল৷ সেইবাবেই লাভলীনাই পুৰুষৰ সাজপাৰ পিন্ধি অধিক ভাল পায়৷ হাফ পেণ্ট, স্প’ৰ্টিং লাভলীনাৰ প্ৰিয় পোচাক৷ সৌভাগ্যৰ বিষয় লাভলীনাহঁতৰ ঘৰখনত আজি আৰু সেই দৰিদ্ৰতাৰ কোনো ছাঁ নাই৷ দুয়োগৰাকী কন্যাৰ চাকৰিৰ পাছতেই ক্ৰমাৎ অনাটনবিলাক আঁতৰি গ’ল৷ আৰু আজিৰ দিনটোত বেচ স্বচ্ছলতাৰ মাজত জীৱন নিৰ্বাহ কৰিছে লাভলীনাহঁতৰ পৰিয়ালটোৱে৷ আজিৰ দিনটোত লাভলীনাহঁতৰ ঘৰখনত এক উখল-মাখল পৰিবেশ৷ কেৱল বৰপথাৰ বা গোলাঘাটৰ পৰাই নহয়, বিভিন্ন ঠাইৰ পৰা শুভাকাংক্ষী লোকৰ সোঁত বৈছে বৰমুখীয়াৰ লাভলীনাহঁতৰ ঘৰলৈ৷ কিন্তু মূল পথৰ পৰা লাভলীনাহঁতৰ ঘৰলৈ সোমোৱা পথটো এতিয়াও পকী হোৱা নাই৷ তথাপি যেন লাভলীনাহঁতৰ ঘৰখন সকলোৰে বাবে তীৰ্থস্থানৰ দৰেই হৈ পৰিছে৷ ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ খেলত লাভলীনিই বাই পাইছে বিপক্ষ খেলুৱৈয়ে নাম প্ৰত্যাহাৰ কৰাৰ কাৰণে ৷ ২৭ জুলাইত প্ৰি কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হব ৷ প্ৰতিপক্ষ জাৰ্মানীৰ ৩৫ বছৰীয়া নাদিম এপেজ ৷ আনহাতে অহা ৭ আগষ্টত লাভলীনাই যোগদান কৰা বক্সিঙৰ ৬৭ কেজি বেল্টাৰ ৱেইট শাখাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব৷ সেই দিনটোলৈ অপেক্ষা কৰা গাঁওবাসীয়ে লাভলীনাৰ সফলতা কামনা কৰি গোসাঁই ঘৰত এগছি বন্তি জ্বলাইছে ৷(আগলৈ)

(লেখক গোলাঘাটৰ ডি আৰ কলেজৰ সহযোগী অধ্যাপক)

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.