Category গ্ৰন্থ

ভাৰতৰ সৰ্ববৃহৎ চোৰাংচোৱা কাণ্ড কেলেংকাৰী

১৯৭২ চন৷ ৰাজ কাপুৰৰ পুত্ৰ ঋষি কাপুৰৰ অভিষেক ঘটিছে বলীউডত৷ নায়িকা ডিম্পল কাপাডিয়া৷ টীন এজাৰ প্ৰেম কাহিনীৰে ‘ববী’ চিনেমাই সমগ্ৰ ভাৰতত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰেমে উন্মনা কৰা কিশোৰী ডিম্পলে প্ৰেমিকক আলিংগণ কৰি গাইছে ‘প্ৰেম ৰোগ..’৷ অভিষেকতেই সমগ্ৰ দেশৰ যুৱক…

‘অব কী বাৰ চাৰশ পাৰ’ হিমন্ত বিশ্ব শৰ্মাৰ শ্ল’গান আছিল নেকি?

‘ক’ মানে কিতাপ অব কী বাৰ চাৰশ পাৰ -ব্যাপক প্ৰচাৰ আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে এনে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল যে ২০২৪ নিৰ্বাচনত বিজেপিয়ে ৪০০ তকৈ অধিক আসন লাভ কৰিব৷ কিন্তু বিৰোধীয়ে এই নিৰ্বাচনী শ্ল’গানক সংবিধান সলনিৰ অভিপ্ৰায়ৰ…

ডিজিটেল নহয়,ছপা ৰূপত ‘দ্য ক্ৰছকাৰেণ্ট’

আপুনি সদায় ম’বাইল ফোনৰ স্ক্ৰীণত চাই আছে আপোনাৰ প্ৰিয় নিউজ প’ৰ্টেল ‘দ্য ক্ৰছকাৰেণ্ট’। কিন্তু এইবাৰ ছপা ৰূপত আপোনাৰ কাষ চাপিব ‘দ্য ক্ৰছ কাৰেণ্ট’। তথ্যসমৃদ্ধ আৰু অনুসন্ধানমূক বাতৰি পৰিৱেশনেৰে ইতিমধ্যে ৰাজ্যৰ সংবাদক্ষেত্ৰত সুকীয়া স্থান লাভ কৰিছে ‘দ্য ক্ৰছ কাৰেণ্টে।’ ইয়াৰ উদাহৰণ…

গ্ৰন্থৰ বতাহে কঁপাইছে ডিফুকো

মুন কুমাৰ ডেকাই সম্পাদনা কৰা ‘ডঃ ফুকন চন্দ্ৰ ফাংচ’ ‘ আৰু টংক কোঁৱৰৰ ‘ লংকিহঁতৰ কেংলংপ’ অভিযান’ গ্ৰন্থ দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে।বিশিষ্ট সাহিত্যিকগৰাকীয়ে ডঃ ফুকন চন্দ্ৰ ফাংচ’ৰ অৱদান আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য ৰাখি তেওঁৰ…

অসমীয়া কবিতাৰ নতুন সম্পৰীক্ষা ‘ইউ কেন : ইউক্ৰেইন’ উন্মোচন কৰিলে য়েছে দৰজে ঠংছিয়ে

অসমীয়া কবিতাক লৈ বিভিন্ন আলোচনা চলি থকাৰ মাজতে ‘অসমীয়া প্ৰতিদিন ডিজিটেলে’ আধুনিক অসমীয়া কবিতাক লৈ বিগত কিছু মাহ ধৰি চলাই আহিছিল এক সম্পৰীক্ষা। সেই সম্পৰীক্ষাৰ মাজতেই শতাধিক কবিতাৰ মাজৰ পৰা নিৰ্বাচিত মুঠ ৮৬ টা কবিতাৰে প্ৰকাশ কৰা ‘ইউ কেন: ইউক্ৰেইন’…

দেৰগাঁৱৰ গ্ৰন্থ বাণিজ্য মেলালৈ ৰাইজৰ সহাঁৰি

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত যোৱা ১১ ডিচেম্বৰৰ পৰৰা দেৰগাঁৱৰ নৰেণ শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাই ব্যাপক সহাঁৰি লাভ কৰিছে৷ মেলাখনিত থকা প্ৰয়াস গ্ৰন্থ যাত্ৰাৰ বিপনীত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনে গ্ৰন্থ ক্ৰয় কৰিছে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ…

অসম গ্ৰন্থমেলা,গুৱাহাটীৰ লাইখুঁটা স্থাপন

ধেমাজি , নলবাৰী আৰু যোৰহাটত সফল সমাপ্তিৰ পাছত এইবাৰ প্ৰস্তুতি চলিছে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত যৌথভাৱে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি লাইখুঁটা…

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা। কবি-সাহিত্যিকৰ সমাৱেশেৰে মুখৰিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰ। গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা । সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হোৱা চতুৰ্দশ গ্ৰন্থমেলাখনি…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ ‘বুক নুক কেফে’ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ বৈষ্ণৱ আন্দোলনৰ ধৰ্মীয় ইতিহাস সমৃদ্ধ…

নুমলীগড়ত একেদিনাই ১৬ খন প্ৰাচীৰ পত্ৰিকা উন্মোচন

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে ১৬ খন ভিন্নধৰ্মী প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে নিজা প্ৰচেষ্টাৰে এই প্ৰাচীৰ পত্ৰিকাকেইখন প্ৰস্তুত কৰি উলিয়াইছে। আনুষ্ঠানিকভাৱে এই প্ৰাচীৰ পত্ৰিকাকেইখন উন্মোচন…