অসম গ্ৰন্থমেলা,গুৱাহাটীৰ লাইখুঁটা স্থাপন

Share This Article

ধেমাজি , নলবাৰী আৰু যোৰহাটত সফল সমাপ্তিৰ পাছত এইবাৰ প্ৰস্তুতি চলিছে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত যৌথভাৱে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷ পুৱা ১১বজাত লাইখুঁটা স্থাপন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ,বিশিষ্ট শিক্ষাবিদ ডঃ ৰমেশ চন্দ্ৰ ডেকা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই৷ এই পবিত্ৰ কৰ্ম সম্পন্ন কৰি উপাচাৰ্য ড°ডেকাই কয়—“গ্ৰন্থমেলা মানেই এক মহৎ অনুষ্ঠান ৷ ইয়াৰ পৰা মানুহে প্ৰজ্ঞা সাধনাৰ সমল সংগ্ৰহ কৰিব পাৰে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গুৱাহাটী মহানগৰীৰ লগতে গ্ৰন্থমেলাক আন বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰিছে ৷ এয়া শুভ পৰম্পৰাৰ আৰম্ভণি ৷” অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই অভিমত ব্যক্ত কৰি কয় যে গ্ৰন্থমেলা যে কেৱল গল্প, উপন্যাস,কবিতাৰ উৎসৱ এনে নহয় ৷ সাহিত্যৰ সমান্তৰালভাৱে ইয়াত ভাষা-বিজ্ঞানৰ চৰ্চা হয় , সংস্কৃতি প্ৰদৰ্শিত হয় আৰু জ্ঞানৰ বিষয়ে অতি উচ্চ পৰ্যায়ৰ আলোচনা হয় আৰু নতুন নতুন চিন্তাৰ পোহৰ বিলায়। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অসম প্ৰকাশন পৰিষদৰ সদস্য ড°প্ৰশান্ত চক্ৰৱৰ্তী,সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, সম্পাদক ধীৰাজ গোস্বামীকে প্ৰমুখ্য কৰি বহু লোক উপস্থিত থাকে। উল্লেখ্য যে অসম গ্ৰন্থমেলা, গুৱাহাটীত ৰাজ্যৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান সমূহৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ কেবাটও খ্যাতনামা প্ৰকাশন গোষ্ঠীৰ বিপণী থাকিব বুলি অসম প্ৰকাশন পৰিষদৰ সচিবে সদৰী কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.