ডিজিটেল নহয়,ছপা ৰূপত ‘দ্য ক্ৰছকাৰেণ্ট’

Share This Article

আপুনি সদায় ম’বাইল ফোনৰ স্ক্ৰীণত চাই আছে আপোনাৰ প্ৰিয় নিউজ প’ৰ্টেল ‘দ্য ক্ৰছকাৰেণ্ট’। কিন্তু এইবাৰ ছপা ৰূপত আপোনাৰ কাষ চাপিব ‘দ্য ক্ৰছ কাৰেণ্ট’। তথ্যসমৃদ্ধ আৰু অনুসন্ধানমূক বাতৰি পৰিৱেশনেৰে ইতিমধ্যে ৰাজ্যৰ সংবাদক্ষেত্ৰত সুকীয়া স্থান লাভ কৰিছে ‘দ্য ক্ৰছ কাৰেণ্টে।’ ইয়াৰ উদাহৰণ দিবলৈ গ’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ ভূমি কেলেংকাৰী আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন কোম্পানীৰ পি পি ই কিট কেলেংকাৰীৰ বাতৰি দুটাই যথেষ্ট। যি দুটা বাতৰিয়ে ৰাজ্যৰ ৰাজনীতিৰ লগতে সৰ্বত্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। আৰু ‘দ্য ক্ৰছ কাৰেণ্ট’ৰ ২০২২ চনত সম্প্ৰচাৰিত কেইবাটাও এক্সক্লুচিভ প্ৰতিবেদনসহ মুঠ ২৩ খন গুৰুত্বপূৰ্ণ প্ৰতিবেদনেৰে প্ৰকাশ পাইছে৷
কিন্তু ,কি আছে এই অসম 2022ত ?

এনকাউণ্টাৰৰাজ,কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্ত প্ৰতিবেদনত কি আছে,হিচাপ নোলাল পি পি ই কিটৰ,মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘৰত এইখন কাৰ ৬৮ লাখ টকীয়া গাড়ী,দাসত্বঃ অৰুণাচলত কিদৰে বন্দী হয় অসমৰ কিশোৰী আদি৷ এনে প্ৰতিবেদন সমূহেৰেই প্ৰকাশ কৰি উলিওৱা হৈছে ‘অসম 2022।’ গ্ৰন্থ উৎসৱৰ বতৰতে প্ৰকাশ পোৱা ‘অসম 2022’ৰ ”কিতাপৰ গুডামৰ পৰা এটা যাত্ৰাৰ আৰম্ভণি,সত্যানুসন্ধানৰ যাত্ৰাত সহযোগী হওক” শীৰ্ষক লেখাটোত কোৱা হৈছে—-”২ এপ্ৰিল ২০১৯। গুৱাহাটীৰ গান্ধীবস্তিৰ এটা কিতাপৰ গুডামৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। এটা কম্পিউটাৰ। এখন মেজ আৰু চাৰিখন চকী। লক্ষ্য আছিল সংবাদ উপস্থাপন আৰু বাতৰিৰৰ বিশ্লেষণৰ সুকীয়া গতিপথ নিৰ্মাণ কৰা। অসমীয়া সংবাদ মাধ্যমৰ সীমাবদ্ধতা তেতিয়াও আছিল। কিন্তু আজিৰ দৰে দমবন্ধ-শ্বাসৰুদ্ধকৰ পৰিস্থিতি আহি পৰা নাছিল। সাংবাদিকৰ হাতলৈ,সম্পাদকৰ মেজলৈ প্ৰতিদিনে হাজাৰ হাজাৰ বাতৰিৰ সোঁত বৈয়েই আছিল। ক’ৰবাত হয়তো কোনোবাই সামান্য আপোচ কৰিছিল। কিন্তু আজিৰ দৰে বাতৰি অহাৰ সুঁতিটোৱেই বন্ধ কৰি দিয়া হোৱা নাছিল। তাৰমাজতো আমাৰ একানপটীয়া চেষ্টা আছিল প্ৰতিটো বাতৰি তথ্যসহ প্ৰকাশ কৰা,যুক্তিৰ আধাৰত বিশ্লেষণ কৰাৰ। চাৰি বছৰৰ আগত অসমৰ ডিজিটেল সংবাদ মাধ্যমো চালুকীয়া অৱস্থাতেই আছিল। তাৰ মাজতো এটা সুকীয়া পৰিচয় গঢ়ি উঠিল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ।”
হয়,এনেকৈয়ে যাত্ৰা আৰম্ভ কৰিছে ‘দ্য ক্ৰছ কাৰেণ্টে’। এনে যাত্ৰাৰ ফলতেই প্ৰকাশ হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ নব্য সংযোজন– ‘অসম 2022’। এই যাত্ৰাত লাগে আপোনালোকৰ সহায় আৰু সহযোগ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.