Investigative reporting with dedication.

মুন কুমাৰ ডেকাই সম্পাদনা কৰা ‘ডঃ ফুকন চন্দ্ৰ ফাংচ’ ‘ আৰু টংক কোঁৱৰৰ ‘ লংকিহঁতৰ কেংলংপ’ অভিযান’ গ্ৰন্থ দুখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে।বিশিষ্ট সাহিত্যিকগৰাকীয়ে ডঃ ফুকন চন্দ্ৰ ফাংচ’ৰ অৱদান আৰু কৰ্মৰাজিৰ ওপৰত বক্তব্য ৰাখি তেওঁৰ সৈতে থকা সম্পৰ্কৰ কথা উল্লেখ কৰে তেওঁৰ ভাষণত।কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা ‘ডঃ ফুকন চন্দ্ৰ ফাংচ’ ‘ গ্ৰন্থখনৰ প্ৰকাশক প্ৰভাত চন্দ্ৰ তাৰ’ই ফাংচ’ৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে।গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানত সাহিত্যিক ৰংবং তেৰাঙৰ ওপৰিও জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰাকে ধৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।




