গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা

Share This Article

গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা। কবি-সাহিত্যিকৰ সমাৱেশেৰে মুখৰিত নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰ। গ্ৰন্থৰ সুবাস বিলাই আৰম্ভ হ’ল নগাঁও গ্ৰন্থমেলা । সাংস্কৃতিক গোষ্ঠী কল্লোল আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত অনুষ্ঠিত হোৱা চতুৰ্দশ গ্ৰন্থমেলাখনি বৃহস্পতিবাৰে উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই । আঠদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ অংশৰূপে পুৱা পতাকা উত্তোলন কৰে গ্ৰন্থমেলাৰ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই । নগাঁও চহৰৰ কলঙৰ পাৰৰ গ্ৰন্থমেলাৰ কাৰ্যসূচী অনুসৰি মুকলি কুইজ,কবি সন্মিলন,লেখক-পাঠকৰ সৈতে ভাব বিনিময়,শিশুৰ অনুষ্ঠান,আলোচনা চক্ৰ,সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ’ব । শতাধিক গ্ৰন্থ বিপণী আৰু প্ৰকাশন প্ৰতিষ্ঠানে অংশ লোৱা গ্ৰন্থমেলাত বহিঃৰাজ্যৰ লগতে বহিঃৰাষ্ট্ৰ বাংলাদেশৰ প্ৰকাশন গোষ্ঠীয়েও অংশগ্ৰহণ কৰিছে । বহু কেইখন নতুন গ্ৰন্থ উন্মোচন হ’বলগীয় এই গ্ৰন্থমেলাৰ সামৰণি পৰিব ২২ ডিচেম্বৰত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.