Investigative reporting with dedication.

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ ‘বুক নুক কেফে’ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ বৈষ্ণৱ আন্দোলনৰ ধৰ্মীয় ইতিহাস সমৃদ্ধ গ্ৰন্থখন । উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, গ্ৰন্থ অনুৰাগী প্ৰশান্ত বৰা আদি উপস্থিত থাকে । ইফালে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ক বিকৃত কৰাক লৈয়ো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ”ঐতিহাসিক সম্পদ সমূহক বিকৃত নহয় সংৰক্ষণ কৰাতহে গুৰুত্ব আৰোপ কৰিব লাগে।”




