অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠানক ৰক্ষণাবেক্ষণৰ আঁৰত কোন? সন্দেহৰ আৱর্তত প্ৰদূষণ নিয়ন্ত্ৰণ ব’র্ড

Share This Article

গৌতম প্ৰতিম গগৈ

গুৱাহাটীত আইন আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে চলা নির্মাণ প্ৰকল্পক লৈ উদ্বিগ্ন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ৷ সেউজ ন্যায়াধীকৰণৰ কঠোৰতাৰ পাছতেই গুৱাহাটীত আইন উলংঘাৰে চলা নির্মাণ কার্যক লৈ তৎপৰ হৈছে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দৰে ৰাজ্যিক পর্যায়ৰ কর্তৃপক্ষ৷ কিন্তু তাৰপাছতো সন্দেহৰ আৱর্তত সোমাই ৰৈছে ৰাজ্যিক পর্যায়ৰ এনে কর্তৃপক্ষৰ কিছু ভূমিকা৷

 কি ভূমিকা প্ৰদূষণ নিয়ন্ত্ৰণ ব’র্ডৰ?

২০২৪ চনৰ ১২ ছেপ্টেম্বৰত আর্য স্মার্ট লিভিং প্ৰকল্প সন্দর্ভত গুৰুত্বপূর্ণ ৰায় প্ৰদান কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ এই ৰায়ত সেউজ ন্যায়াধীকৰণে আর্য স্মার্ট লিভিং প্ৰকল্পত পৰিৱেশ অনুমোদন পত্ৰৰ চর্ত উলংঘন আৰু পৰিৱেশ বিধি উলংঘন সন্দর্ভত ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ আৰু অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক নির্দেশ দিছিল৷ এই ৰায়ত ন্যায়াধীকৰণে স্পষ্ট ভাষাৰে উল্লেখ কৰিছিল যে , আর্য স্মার্ট লিভিং প্ৰকল্পত কৰিবলগীয়া প্ৰতিকাৰমূলক পদক্ষেপৰ দায়িত্ব বহন কৰিব প্ৰকল্পটোৰ নির্মাণকাৰী প্ৰতিষ্ঠানে৷

কিন্তু ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে এই ৰায় প্ৰদান কৰাৰ বিপৰীতে ইয়াৰ পৰবর্তী সময়ত অর্থাৎ ২০২৪ চনৰ ২৬ ডিচেম্বৰত মেচাৰ্ছ আর্য স্মার্ট লিভিঙলৈ আৰু  ২০২৫ চনৰ ১০ জানুৱাৰীত  আর্য স্মার্ট লিভিং গ্ৰুপ হাউছিং ক’পাৰেটিভ ছ’ছাইটি লিমিটেডৰ সভাপতিলৈ দুখন পত্ৰ প্ৰেৰণ কৰে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কামৰূপ আঞ্চলিক কার্যালয়ৰ পৰা৷ এই দুই পত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তৰফৰ পৰা কোৱা হয় যে, ২০২৩ চনৰ ১ এপ্ৰিলত ম্যাদ শেষ হোৱাৰ পাছত আর্য স্মার্ট লিভিং প্ৰকল্পৰ Consent To operate নৱীকৰণ কৰা হোৱা নাই৷ ইয়াক পৰিৱেশ বিধি উলংঘা আখ্যাৰে আর্য স্মার্ট লিভিং আৰু আর্য স্মার্ট লিভিং গ্ৰুপ হাউচিং ক’পাৰেটিভ ছ’চাইটিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ওচৰত Consent To operate ৰ বাবে সাতদিনৰ ভিতৰত আবেদন দাখিলৰ নির্দেশনাও প্ৰদান কৰা হয়৷

প্ৰদূষণ নিয়ন্ত্ৰণ বর্ডৰ জাননী আর্য স্মার্ট লিভিঙলৈ

কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এই পত্ৰ তথা নির্দেশনা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ৰায়ৰ পৰিপন্থী৷ কাৰণ, সেউজ ন্যায়াধীকৰণৰ ৰায়ত আর্য স্মার্ট লিভিং প্ৰকল্পত গ্ৰহণ কৰিবলগীয়া প্ৰতিকাৰমূলক পদক্ষেপৰ দায়িত্ব তথা ব্যয় প্ৰকল্পটোৰ নির্মাণকাৰী প্ৰতিষ্ঠানে বহন কৰিব লাগিব বুলি নির্দেশনা প্ৰদান কৰিছিল৷ তেনেক্ষেত্ৰত আর্য স্মাট লিভিং প্ৰকল্পৰ Consent To operate নবীকৰণৰ বাবে প্ৰকল্প নির্মাতা আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সলনি আর্য স্মার্ট লিভিং গ্ৰুপ হাউছিং ছ’চাইটিক নির্দেশ দিয়া ঘটনাই একপ্ৰকাৰে সেউজ ন্যায়াধীকৰণৰ নির্দেশকেই অমান্য কৰিছে৷ তদপুৰি, ২০২৫ চনৰ ২৯ জানুৱাৰীত দাখিল কৰা পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনতো প্ৰদান কৰিছিল কিছুমান বিশেষ নির্দেশনা৷ যেনে-

১. বর্জিত পানী নিষ্কাশন প্ৰকল্প নিয়মিত পৰিচালন কৰা

২. দ্বি-প্লাম্বিং ব্যৱস্থা সঠিককৈ ৰূপায়ণ কৰা

৩. সেউজ ভূমি উন্নত কৰা

৪. বিজ্ঞানসন্মত ড্ৰেইনেজ ব্যৱস্থা স্থাপন কৰা

৫. Consent To operate নৱীকৰণ

৬. ভূজল সংগ্ৰহৰ বাবে কেন্দ্ৰীয় ভূজল কর্তৃপক্ষৰ পৰা অনুমোদন গ্ৰহণ

এইসমূহ কার্য ব্যৱস্থাৰ ব্যয় প্ৰকল্প নির্মাতাই বহন কৰিব লাগিব বুলিও কোৱা হৈছিল কমিটিৰ প্ৰতিবেদনত৷ কমিটীৰ এই প্ৰতিবেদনৰ প্ৰতিলিপি ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদলৈ প্ৰেৰণ কৰিছিল ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষই৷ কিন্তু তাৰ পাছতো অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আর্য স্মার্ট লিভিং গ্ৰুপ হাউছিং ক’পাৰেটিভ ছ’চাইটিলৈ প্ৰেৰণ কৰা নির্দেশনা পত্ৰ প্ৰত্যাহাৰ কৰা নাই৷ এই সন্দর্ভত আর্য স্মার্ট লিভিঙৰ কেইবাগৰাকী ফ্লেট ক্ৰেতা পুনৰবাৰ দাৰস্থ হৈছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আর্য স্মার্ট লিভিং গ্ৰুপ হাউছিং ক’পাৰেটিভ  ছ’চাইটিলৈ প্ৰেৰণ কৰা জাননীৰ নির্দেশনা কার্যকৰী নকৰিবলৈ আৰু জাননীখন খাৰিজ কৰাৰ বাবে বিগত ১০ মার্চত সেউজ ন্যায়াধীকৰণৰ দ্বাৰস্থ হৈ আবেদন জনাইছে প্ৰকল্পটোৰ আৱাসীয়ে৷ প্ৰশ্ন উত্থাপন হৈছে, সেউজ ন্যায়াধীকৰণে আর্য স্মার্ট লিভিং প্ৰকল্প নির্মাণত পৰিৱেশীয় বিধি উলংঘাৰ বাবে প্ৰকল্পটোৰ নির্মাণকাৰী প্ৰতিষ্ঠানক জগৰীয়া কৰাৰ পাছতো কিয় অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে আর্য স্মার্ট লিভিং গ্ৰুপ হাউছিং ক’পাৰেটিভ ছ’চাইটিলৈ প্ৰেৰণ কৰিছিল এই জাননী? নির্মাণকাৰী প্ৰতিষ্ঠানৰ সলনি প্ৰকল্পটোৰ আৱাসীকহে জগৰীয়া কৰাৰ এয়া অপচেষ্টা নেকি? নে এয়া নির্মাণকাৰী প্ৰতিষ্ঠানটোৰ প্ৰতি একাংশ বিষয়া আমোলাৰ অহেতুক প্ৰীতি?

অনিল শর্মাৰ প্ৰতিষ্ঠানৰ লগত কি সম্পর্ক প্ৰদূষণ নিয়ন্ত্ৰণ বর্ডৰ অধ্যক্ষৰ?

অনিল কুমাৰ শর্মাৰ প্ৰতিষ্ঠান আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ আন এক বৃহৎ প্ৰকল্প ‘আর্য আর্কেড’৷ চাংচাৰিস্থিত বানিজ্যিক ও আৱাসিক প্ৰকল্প আর্য আর্কেডৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল বিলাসী হোটেল ভিভান্তাত৷ বিগত বর্ষৰ ৪ মে’ত অনুষ্ঠিত এই অনুষ্ঠানৰ এগৰাকী অন্যতম অতিথি আছিল প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰ৷ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ গৰাকী আর্য ইৰের্ক্টছৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰকল্প উদ্বোধনত উপস্থিত থকা কার্যই বিশেষ তাৎপর্য বহন কৰিছে৷

আর্য ইৰের্ক্টছৰ অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বর্ডৰ অধ্যক্ষ

 বিল্ডাৰেও নামানে নির্দেশনা

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নির্দেশনা অমান্য কৰিছে বিল্ডাৰেও৷ তদুপৰি বিল্ডাৰে উলংঘন কৰিছে অসম ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ নীতি-নির্দেশনাও৷ সেউজ ন্যায়াধীকৰণৰ ৰায়ৰ পাছত পৰিৱেশ প্ৰভাৱ নিৰূপণ কর্তৃপক্ষৰ বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনত আর্য স্মার্ট লিভিং প্ৰকল্পত  বর্জিত পানী নিষ্কাশন প্ৰকল্প নিয়মিত পৰিচালন কৰা, দ্বি-প্লাম্বিং ব্যৱস্থা সঠিককৈ ৰূপায়ণ কৰা, সেউজ ভূমি উন্নত কৰা, বিজ্ঞানসন্মত ড্ৰেইনেজ ব্যৱস্থা স্থাপন কৰা, Consent To operate নৱীকৰণ, ভূজল সংগ্ৰহৰ বাবে কেন্দ্ৰীয় ভূজল কর্তৃপক্ষৰ পৰা অনুমোদন গ্ৰহণ কৰাকে ধৰি একাধিক নির্দেশনা প্ৰদান কৰিছিল৷ এইসমূহ প্ৰতিকাৰমূলক ব্যৱস্থাৰ ব্যয় আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে বহন কৰিব লাগিব বুলিও প্ৰতিবেদনত কোৱা হৈছিল৷ কিন্তু আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এই সমূহ নির্দেশনা মানি নচলাৰ তথ্য প্ৰমাণিত হৈছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত দাখিল হোৱা আবেদনত৷ বিগত ১০ মার্চত সেউজ ন্যায়াধীকৰণৰ আর্য স্মার্ট লিভিঙৰ কেইগৰাকীমান ফ্লেট ক্ৰেতাই দাখিল কৰা আবেদনত ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত সেউজ ন্যায়াধীকৰণে দিয়া নির্দেশনা আৰু  অসম ৰাজ্যিক পৰিৱেশ প্ৰভাৱ নিৰূপণ কর্তৃপক্ষৰ বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনৰ নির্দেশনা আর্য ইৰের্ক্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে মানি চলিবলৈ নির্দেশনা প্ৰদানৰ বাবে আবেদন জনাইছে এইসকল আৱাসীয়ে৷  সেউজ ন্যায়াধীকৰণৰ ৰায় আৰু পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষৰ নির্দেশনাৰ পাছত সেই নির্দেশনা কার্যকৰী কৰিবৰ বাবে প্ৰকল্পটোৰ আৱাসী পুনৰবাৰ সেউজ ন্যায়াধীকৰণৰ দাৰস্থ হ’বলগীয়া হোৱা ঘটনাই প্ৰকল্পটোৰ নির্মাণকাৰী প্ৰতিষ্ঠান তথা আর্য ইৰের্ক্ট

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.