আফগানিস্তানৰ ভূমিত তলত ১ লাখ কৌটি ডলাৰৰ গুপ্তধন !

তালিবানৰ ক্ষমতা দখলে আফগানিস্তানৰ ভৱিষ্যত আকৌ এবাৰ অনি্শ্চয়তাৰ মাজলৈ ঠেলি দিছে ৷ আফগানিস্তানে এতিয়াৰ পৰা লাভ নকৰিব আমেৰিকাৰ অৰ্থসাহায্য ৷দেশখনৰ নিজা ৰাজহৰ পৰিমানো অত্যন্ত কম ৷যাৰ বাবে আফগানিস্তানৰ ১ কৌটি ৪০ লাখ মানুহ অনাহাৰৰ সন্মুখীন হ’ব লাগিব বুলি আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই ৷ কিন্তু আফগানিস্তানৰ মাটিৰ তলত লুকাই থকা ‘গুপ্তধন’য়ে এটা দশকৰ ভিতৰত সলাই দিব পাৰে দেশখনৰ ভৱিষ্যত ৷ কি এই ‘গুপ্তধন’ ?

সুদীৰ্ঘ দিন আমেৰিকান সেনাৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিলেও তালিবানে জনা নাছিল যে সেই দেশৰ মাটিৰ তলত লুকাই আছে বিপুল পৰিমানৰ গুপ্তধন ৷কিন্তু আফগানিস্তানৰ ভূমিত ২০ বছৰ ধৰি ঘাটি পাতি থকা আমেৰিকাৰ সেনা আৰু ভূতত্ববিদসকলে ঠিকেই লাভ কৰিছিল গুপ্তধনৰ সন্ধান ৷যি গুপ্তধনৰ মূল্য হ’ব ১ লাখ কৌটি ডলাৰৰো অধিক ৷ পেট্ৰ’লক যিদৰে কোৱা হয় পণীয়া সোণ বুলি , সেইদৰে আফগানিস্তানৰ মাটিৰ তলত লুকাই থকা গুপ্তধন বিধ হৈছে লিথিয়াম ৷লিথিয়াম এবিধ খনিজ মৌল ৷ এই খনিজ পদাৰ্থবিধ বহুল পৰিমাণে ব্যৱহাৰ হয় প্ৰদূষণহীন গাড়ীৰ বেটেৰী , মোবাইল ফোনৰ বেটেৰী আদিৰ নিৰ্মানত ৷ আধুনিক বিশ্বৰ বাবে আটাইতকৈ কাংক্ষিত খনিজ মৌলবিধেই হৈছে লিথিয়াম ৷ কিন্তু এই দুৰ্লভ মৌলবিধ নিষ্কাষণৰ পদ্ধতি অত্যন্ত জটিল আৰু খৰচী ৷

বিশেষজ্ঞসকলে কৈছে যে দৰিদ্ৰতাৰ অন্ধকাৰত নিমজ্জিত আফগানবাসীৰ ভাগ্য সম্পূৰ্ণৰূপে সলাই দিব পাৰে দেশখনৰ মাটিৰ তলত লুকাই থকা গুপ্তধনসদৃশ লিথিয়ামে ৷কেৱল লিথিয়ামেই নহয় , ৰাশি ৰাশি তাম , সোণ , আকৰিক লো আদি বিভিন্ন খনিজ পদাৰ্থৰে ঠাহ খাই আছে আফগানিস্তানৰ ভূমিৰ তলৰভাগ ৷যদিহে সঠিক বৈজ্ঞানিক পদ্ধতিৰে এই খনিজ মৌল তালিবান চৰকাৰে নিষ্কাষণ কৰিব পাৰে তেনেহ’লে ই দেশখনৰ অৰ্থনীতিক দিব পাৰে নতুন মোৰ ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296