সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন

দেশত ক’ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে।
বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা আগষ্ট মাহৰ ভিতৰত ভাৰত আৰু আফ্ৰিকাৰ কৰ্তৃপক্ষই নকল ভেকচিনৰ পালি জব্দ কৰিছিল। আনকি ভাৰতৰ ভেকছিন নিৰ্মাতা প্ৰতিষ্ঠান চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াইও যে পালিবোৰ ভুৱা আছিল বুলি নিশ্চিত কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী প্ৰেৰণ কৰিছে যে নকল ভেকছিনে বিশ্বব্যাপী জনস্বাস্থ্যৰ বাবে এক গুৰুতৰ বিপদ আৰু শংকাৰ সৃষ্টি কৰিছে। দেশ সমূহক নকল ভেকচিনৰ ব্যৱহাৰ বন্ধ কৰিবলৈও আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই।
ইয়াৰ বিপৰীতে ভাৰত চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। অৱশ্যে স্থানীয় প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে বিষয়টো তদন্ত কৰি আছে। এগৰাকী অচিনাক্ত স্বাস্থ্য বিষয়াই মিণ্ট নিউজ ৱেবছাইটৰ আগত প্ৰকাশ কৰা মন্তব্য অনুসৰি যদিও এনে ধৰণৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে আমাৰ এক শক্তিশালী ব্যৱস্থা আছে তথাপিও আমি নিশ্চিত কৰিব বিচৰো যে কোনো ভাৰতীয়ই যাতে ভুৱা ভেকছিন লাভ নকৰে।
কভিশ্বিল্ড হৈছে এষ্ট্ৰজেনেকাৰ জেবৰ ভাৰতীয় সংস্কৰণ। এতিয়ালৈকে ভাৰতত কভিশ্বিল্ডৰ ৪৮৬ নিযুতৰো অধিক পালি প্ৰদান কৰা হৈছে। ভাৰতত সৰ্বাধিক ব্যৱহৃত ভেকছিন হৈছে কভিশ্বিল্ড। চিৰামে এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰক বিভিন্ন চৰকাৰৰ সৈতে স্বাক্ষৰিত চুক্তি আৰু দৰিদ্ৰ দেশবোৰৰ বাবে বিশ্বব্যাপী কোভাক্স আঁচনিৰ অংশ হিচাপে লাখ লাখ কভিশ্বিল্ড ভেকছিন যোগান ধৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভেকছিন কূটনীতিৰ অংশ হিচাপে ভাৰতে চুবুৰীয়া দেশলৈও কভিশ্বিল্ড পালি প্ৰেৰণ কৰিছিল। কিন্তু এপ্ৰিল আৰু মে মাহত এক বিধ্বংসী দ্বিতীয় কোভিড ঢৌৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ভেকচিন অভিযান ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লয় আৰু ৰপ্তানি নিষিদ্ধ কৰে।
এই বছৰৰ জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰা দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৩% লোকক সম্পূৰ্ণৰূপে ভেকচিন প্ৰদান কৰা হৈছে। গতিকে এনে সময়ত চৰকাৰে বিষয়টো কি ধৰণে তদন্ত তৰে পৰৱৰ্তী দিনত সেয়াহে হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.