Investigative reporting with dedication.

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্দেহজনক গতিবিধিৰ খবৰ পোৱাৰ পিছতে থানামাণ্ডিৰ কাৰিয়ট কালাচ অঞ্চলত উগ্ৰপন্থী বিচাৰি অভিযানত নামিছিল আৰক্ষী আৰু ভাৰতীয় সেনা। বুধবাৰে কাশ্মীৰৰ ৰাজৌৰী জিলাত অনুসন্ধান আৰম্ভ কৰিছিল ভাৰতীয় সেনাৰ এটা বিশেষ দলে। ৰাজৌৰীত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ উপস্থিতি অনুভৱ কৰাৰ লগে লগে ভাৰতীয় সেনাৰ ওপৰত গুলীচালনা কৰিছিল।বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাক ভাৰতীয় সেনাৰ এজন কনিষ্ঠ বিষয়া নিহত হৈছে।




