অশ্লীল চিনেমাৰ ব্যৱসায় : ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত কি ক’লে শিল্পা চেট্টীয়ে ?

অশ্লীল চিনেমা নিৰ্মান আৰু প্ৰচাৰৰ গোচৰত যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক ৷ শণিবাৰে আৰক্ষীয়ে তেওৰ আন্ধেৰীস্থিত কাৰ্যালয়ত তালাচী চলাই এটা গোপন লকাৰ উদ্ধাৰ কৰে ৷ আৰক্ষীৰ সন্দেহ যে এই লকাৰটোত ৰাজ কুন্দ্ৰাৰ ব্যৱসায়িক আৰু ক্ৰিপ্ত’কাৰেন্সী সম্পৰ্কীয় নথি পত্ৰ লুকাই ৰখা হৈছিল ৷

শিল্পা চেট্টীক জেৰাত কি সুধিলে ?

ৰাজ কুন্দ্ৰাৰ পত্নী অভিনেত্ৰী শিল্পা চেট্টীক মুম্বাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে দীৰ্ঘসময় জেৰা কৰে ৷ জেৰাৰ সময়ত মূলত: কেইটামান বিষয়ৰ ওপৰত অধিক জোৰ দিয়া হয় ৷ প্ৰথমতে অভিনেত্ৰীগৰাকীক আৰক্ষীয়ে সোধে যে পতিৰ পৰ্ণগ্ৰাফীৰ ব্যৱসায় সম্পৰ্কে তেও অৱগত আছিল নে নাই ? দ্বিতীয় প্ৰশ্নটো আছিল – কিয় ৰাজ কুন্দ্ৰাৰ কোম্পেনীৰ পৰা পদত্যাগ কৰিছিল শিল্পা চেট্টীয়ে ? তৃতীয় প্ৰশ্ন- ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছত তেওৰ অফিচৰ চাৰ্ভাৰৰ পৰা বহু তথ্য ডিলিট কৰা হৈছে ৷ এয়া কেনেকৈ সম্ভৱ হ’ল ?

উত্তৰত শিল্পা চেট্টীয়ে কয়- “হটচট এপৰ কনটেন্টৰৰ বিষয়ে মই একো নাজানো ৷এই এপটো লণ্ডন নিবাসী প্ৰদীপ বক্সী নামৰ লোকজনে চলায় ৷ তেও ৰাজ কুন্দ্ৰাৰ  আত্মীয় ৷ ৰাজ নিৰ্দোষী ৷ তেও পৰ্ণ নহয় , ইৰোটিক কনটেন্টৰ প্ৰডাকশ্যনৰ লগত জড়িত ৷ পৰ্ণ আৰু ইৰোটিকৰ মাজত পাৰ্থক্য আছে ৷”

ক্ৰিকেট জুৱাৰ লগতো জড়িত নেকি ৰাজ কুন্দ্ৰা ?

আৰক্ষীয়ে শিল্পা চেট্টীক সোধ পোছ কৰাৰ পাছত ৰাজ কুন্দ্ৰাৰ টকা পইচাৰ লেনদেন সম্পৰ্কীয় অনুসন্ধান আৰম্ভ কৰিছে ৷ ক্ৰাইম ব্ৰাঞ্চৰ সন্দেহ যে অশ্লীল চিনেমাৰ পৰা ৰাজ কুন্দ্ৰাই বহু টকা উপাৰ্জন কৰিছে ৷ এই টকা তেও ক্ৰিকেটৰ জুৱাত বিনিয়োগ কৰে ৷ আৰক্ষীৰ এই সন্দেহ অমূলক নহয় ৷ কিয়নো অনুসন্ধানত ‘ মাৰ্কৰী ইন্টাৰনেচনেল ‘ নামৰ এটা কোম্পেনীৰ তথ্য পোহৰলৈ আহিছে ৷এই কোম্পেনীটোৱে ক্ৰিকেটৰ জুৱাত ধন বিনিয়গ কৰে ৷ মাৰ্কৰীৰ পৰা ৰাজ কুন্দ্ৰাৰ একাউন্টলৈও বেংক অৱ আফ্ৰিকাৰ জড়িয়তে ধনৰ লেন দেন কৰা হৈছিল ৷ গতিকে এই লেন দেন  ক্ৰিকেট জুৱাৰ লগত জড়িত হোৱাৰ সম্ভাৱনাই অধিক ৷

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296