ট্ৰাম্পৰ শুল্কযুদ্ধত বিধ্বস্ত হ’ব ‘আত্মনিৰ্ভৰ ভাৰত’

‘যুদ্ধৰ সময়ত আমাৰ সামগ্ৰী যাতে শত্ৰুয়ে লৈ যাব নোৱাৰে, তাৰ বাবে আমি বেৰিকেড দিওঁ৷ শান্তিৰ সময়ত আমি সেই একেটাই কাম কৰো শুল্ক আৰোপৰ জৰিয়তে৷ যি কাম যুদ্ধৰ সময়ত শত্ৰুৰ সৈতে কৰোঁ৷’
১৯ শতিকাৰ মাৰ্কিন অৰ্থনীতিবিদ হেনৰি জৰ্জৰ এই বাক্যশাৰী আজি প্ৰাসংগিক হৈ পৰিছে ট্ৰাম্পৰ নতুন শুল্কযুদ্ধৰ বাবে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকা ভ্ৰমণ সামৰি উভতি আহিল দেশলৈ ৷ এই ভ্ৰমণে কি দিব ভাৰতক? আপেক্ষিক দৃষ্টিত নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণৰ পৰা ভাৰতে পাবলগীয়া বিশেষ একো নাই ৷ আমেৰিকাই বেচিব, ভাৰতে কিনিব– সেয়াই এই ভ্ৰমণৰ মূল সাৰমৰ্ম যেন লাগিছে৷ আনকি ৰাছিয়াৰ পৰা কম দামত তেল ক্ৰয় কৰি থকা ভাৰতে আমেৰিকাৰ পৰা অধিক দামত তেল ক্ৰয় কৰিবলগীয়াও হ’ব পাৰে৷ অনাগত দিনত স্বাক্ষৰ হ’বলগীয়া বাণিজ্য চুক্তিৰ পৰা সেয়া স্পষ্ট হ’ব৷ কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰীক সন্মুখত ৰাখি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যি শুল্কযুদ্ধৰ ঘোষণা কৰিছে, তাৰ পৰা ভাৰতৰ ওপৰত ব্যাপক প্ৰভাৱ পৰাৰ আশংকা ঘনীভূত হৈ পৰিছে ৷ ড’নাল্ড ট্ৰাম্পে সকলো দেশৰ ওপৰতে ‘পাৰস্পৰিক শুল্ক’ আৰোপৰ কথা মুকলিকৈ ঘোষণা কৰিছে ৷ শত্ৰু , মিত্ৰ কোনো দেশকেই যে পাৰস্পৰিক শুল্কৰ পৰা ট্ৰাম্পে ৰেহাই নিদিয়ে সেয়া তেওঁৰ বক্তব্যৰ পৰা মুকলিকৈ ওলাই পৰিছে ৷ কিন্তু কি এই পাৰস্পৰিক শুল্ক, কি প্ৰভাৱ পৰিব ভাৰতত? এই সন্দৰ্ভত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পাইছে এক বিশদ বিশ্লেষণ ৷
শুল্ক হ’ল এক প্ৰকাৰৰ কৰ ৷ এখন দেশে আন এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত এনে কৰ আৰোপ কৰে ৷ ধৰা হওক, আমেৰিকাৰ কোনো এজন নাগৰিকে অসমৰ দোকানৰ পৰা মূগাৰ মেখেলা চাদৰ এযোৰ অৰ্ডাৰ কৰিছে, তেতিয়া এই মুগাৰ মেখেলা চাদৰযোৰৰ ওপৰত আমেৰিকাই এটা নিৰ্দিষ্ট কৰ আৰোপ কৰিব ৷ যাৰ ফলত আমেৰিকাত এই কাপোৰযোৰৰ দাম বৃদ্ধি পাব ৷ অতিৰিক্ত দাম আদায় দিব লাগিব আমেৰিকাৰ ক্ৰেতাগৰাকীয়ে ৷ বিগত শতিকাত, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা দেশসমূহ মুকলি বাণিজ্যৰ দিশে অগ্ৰসৰ হৈছিল ৷ বিশ্বজুৰি উন্নত আৰু উদ্যোগিক দেশসমূহৰ মাজত এক সহমত গঢ়ি উঠিছিল যে মুক্ত বাণিজ্য তেওঁলোক উভয়ৰ বাবেই লাভজনক ৷

কিন্তু ইয়াৰ ফলত বিপদত পৰিছিল উন্নয়নশীল আৰু দুখীয়া দেশসমূহ ৷ সেইবাবেই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আৰু জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেডে উন্নয়নশীল দেশসমূহক এক বিশেষ সুবিধা দিবৰ বাবে সাজু হৈছিল ৷ কাৰণ বহু দেশৰ উন্নত দেশৰ লগত ফেৰ মাৰিব পৰাকৈ অৰ্থনৈতিক পৰিকাঠামো নাছিল ৷ এনে পৰিস্থিতিত এই দেশসমূহৰ সামগ্ৰীৰ ওপৰত আমেৰিকাৰ দৰে উন্নত দেশে কম শুল্ক আৰোপ কৰিছিল ৷ এতিয়ালৈকে এয়াই আছিল আমেৰিকাৰ বাণিজ্য নীতি ৷
ইফালে, ভাৰতৰ দৰে দেশে আমেৰিকা – ইউৰোপৰ পৰা অহা খাদ্য সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰিছিল ৷ যাতে তাৰ পৰা অহা সামগ্ৰীয়ে কোটি কোটি ভাৰতীয় কৃষক নিৰ্ভৰশীল হৈ থকা খাদ্যৰ বজাৰখন দখল কৰিব নোৱাৰে ৷ কিন্তু ট্ৰাম্পৰ ‘পাৰস্পৰিক শুল্ক’ই এই পৰম্পৰাগত বাণিজ্যৰ সকলো ৰেহৰূপ সলাই পেলোৱাৰ আশংকা কৰা হৈছে ৷
কিন্তু কিয় ট্ৰাম্পে এই কঠোৰ নীতি ল’বলৈ গৈ আছে ৷ বিশ্ব অৰ্থনীতিত আমেৰিকাৰ আটাইতকৈ কঠিন প্ৰতিদ্বন্দী হ’ল চীন ৷ চীনে অৰ্থনীতি বৰ্তমান সময়ত ট্ৰেড চাৰপ্লাছত চলি থকাৰ বিপৰীতে আমেৰিকাৰ অৰ্থনীতি চলি আছে ট্ৰেড ডেফিচিতত ৷ এই ট্ৰেড চাৰপ্লাছ বা ট্ৰেড ডেফিচিত গণনা কৰাৰ সহজ পদ্ধতিটো হৈছে – এখন দেশে কিমান আমদানি আৰু কিমান ৰপ্তানি কৰিছে তাৰ হিচাপ উলিওৱা ৷ উদাহৰণস্বৰূপে আমেৰিকাই যদি ১০০ টকাৰ সামগ্ৰী আমদানি কৰি ১০ টকাৰ সামগ্ৰী ৰপ্তানি কৰিছে, তেনেহ’লে আমেৰিকাৰ ট্ৰেড ডেফিচিত হ’ব ১০ টকা ৷ সেই হিচাপত আমেৰিকাৰ বৰ্তমানৰ ট্ৰেড ডেফিচিত প্ৰায় ১ ট্ৰিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে চীনৰ ট্ৰেড চাৰপ্লাছ হ’ল ১ ট্ৰিলিয়ন ডলাৰৰো অধিক৷ ট্ৰাম্পে ভাবে যে সমগ্ৰ বিশ্বই তেওঁলোকক ঠগি আছে, সেইবাবেই অধিক শুল্ক আৰোপ কৰি তেওঁ আমেৰিকাৰ এই ট্ৰেড ডেফিচিত নোহোৱা কৰিব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণক সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমে ট্ৰাম্পৰ ‘পাৰস্পৰিক শুল্ক’ আৰোপৰ প্ৰথমটো পৰীক্ষা হিচাপে গণ্য কৰিছে ৷ ট্ৰাম্পে সাদায়ে ভাৰতক আমেৰিকাৰ সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰা দেশসমূহৰ শীৰ্ষত থকা বুলি গণ্য কৰি আহিছে ৷ তেওঁ হাৰ্লি ডেভিডছন বাইকৰ উদাহৰণ দি কৈছিল যে এই বাইকৰ ওপৰত ভাৰতে অধিক কৰ আৰোপ কৰি থোৱাৰ বাবেই ভাৰতত এই বাইকৰ বিক্ৰী কম ৷ কিন্তু মোদীৰ ভ্ৰমণৰ পাছত বিশ্বৰ সংবাদ মাধ্যমে এটাই শিৰোণাম দিছে যে ভাৰতে আমেৰিকাৰ পৰা অধিকতকৈ অধিক সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ সামৰিক অস্ত্ৰ- শস্ত্ৰ, তেল আৰু গেছ ৷ হয়তো আমেৰিকাৰ সামগ্ৰী অহা দিনবোৰত ভাৰতত কম দামত উপলব্ধ হ’ব পাৰে ৷ এনেকৈ ভাৰতৰ সৈতে ট্ৰেড ডেফিচিত কম কৰাৰ লক্ষ্য লৈছে আমেৰিকাই ৷ কিন্তু তাৰ ফলত ভাৰতৰ হ’ব কি ?

ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মান অহা সময়ছোৱাত আৰু অধিক নিম্নগামী হৈ পৰাৰ সম্ভাৱনা প্ৰবল ৷ কাৰণ , ভাৰতে আমেৰিকাৰ সামগ্ৰী অধিক ক্ৰয় কৰিবলৈ যাওতে অধিক ডলাৰ ব্যয় কৰিবলগীয়া হ’ব ৷ শেহতীয়া বাজেটত বিত্তমন্ত্ৰীয়ে প্ৰায় ১ লাখ কোটি টকাৰ আয়কৰ ৰেহাইৰ কথা ঘোষণা কৰিছে ৷ কোৱা হৈছে যে এই ৰেহাই পোৱা ধন ভাৰতৰ কৰদাতাই বজাৰত ব্যয় কৰিলে স্থবিৰ হৈ পৰা অৰ্থনীতিয়ে নতুন গতি ল’ব ৷ কিন্তু যদি আমেৰিকান সামগ্ৰী হঠাৎ অপ্ৰত্যাশিতভাৱে কম দামত উপলব্ধ হয় আৰু ভাৰতীয় গ্ৰাহকে ৰেহাই পোৱা ধন সেই সামগ্ৰী ক্ৰয় কৰাত ব্যয় কৰে , তেনেহ’লে এয়া ভাৰতৰ অৰ্থনীতিতকৈ আমেৰিকাৰ অৰ্থনীতিৰ বাবেহে লাভজনক হ’ব ৷ ইফালে, ভাৰতে যে ‘আত্মনিৰ্ভৰ অভিযান’ আৰম্ভ কৰিছে , তাকো ব্যাহত কৰি তুলিব আমেৰিকাৰ নতুন বাণিজ্য নীতিয়ে

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296