সমালোচনাই সম্বিত ঘূৰালে ড’নাল্ড ট্ৰাম্পৰ

৯ এপ্ৰিলৰ মাজনিশাৰ পৰা বলৱৎ হৈছিল ড’নাল্ড ট্ৰাম্পৰ নতুন শুল্ক নীতি। আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈয়েই ড’নাল্ড ট্ৰাম্পে বিশ্বৰ বিভিন্ন দেশৰ ওপৰত জাপি দিছিল অতিৰিক্ত শুল্ক। যাক লৈ সমগ্ৰ বিশ্বত দেখা দিয়ে অৰ্থনৈতিক অনিশ্চয়তা। বিশ্বৰ প্ৰায়বোৰ শ্বেয়াৰ বজাৰে সন্মুখীন হয় ব্যাপক খহনীয়াৰ। কেৱল আমেৰিকাৰ শ্বেয়াৰ বজাৰতে বিনিয়োগকাৰীয়ে হেৰুৱায় ৫০১ লাখ কোটি টকা। ভাৰতকে ধৰি এছিয়া, ইউৰোপৰ শ্বেয়াৰ বজাৰতো দেখা যায় একেই অৱস্থা। যাৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি ব্যাপক সমালোচনাৰ সন্মুখীন হয় ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আনকি ফ্ৰান্স, ব্ৰিটেইনৰ দৰে বন্ধু ৰাষ্ট্ৰইয়ো ট্ৰাম্পক এই নীতি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। কিন্তু তাৰ পিছতো শুল্ক নীতিক লৈ দেখা যায় ড’নাল্ড ট্ৰাম্পৰ আকোৰগোজ স্থিতি। আনকি শুল্ক নীতিক লৈ বিশ্বৰ বিভিন্ন নেতাই আলোচনা কৰিবলৈ সাজু বুলি অশ্লীল ভাষাত মন্তব্য কৰে ড’নাল্ড ট্ৰাম্পে।
কিন্তু এই সকলোবোৰৰ পিছত হঠাৎ স্থিতি সলনি হৈছে ড’নাল্ড ট্ৰাম্পৰ। পাৰস্পৰিক শুল্কক লৈ বিশ্বজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ অন্তত হঠাৎ এই নীতিত স্থগিতাদেশ জাৰি কৰে ড’নাল্ড ট্ৰাম্পে। শেহতীয়াকৈ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ট্ৰাম্পে নতুন শুল্ক নীতিৰ ক্ষেত্ৰত জাৰি কৰিছে ৯০ দিনৰ স্থগিতাদেশ। বিশ্বৰ অধিকাংশ দেশৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব এই স্থগিতাদেশ।

বিশ্বৰ অধিকাংশ দেশৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্পে স্থিতি সলনি কৰিলেও শুল্ক আৰোপক লৈ চীন-আমেৰিকাৰ মাজত অব্যাহত আছে বাণিজ্যিক যুদ্ধ। অন্য দেশৰ ক্ষেত্ৰত ৯০ দিনৰ বিৰতি ঘোষণা কৰা ট্ৰাম্পে নতুনকৈ চীনৰ ওপৰত আৰোপ কৰিছে ১২৫% শুল্ক। উল্লেখ্য যে বুধবাৰে চীনৰ ওপৰত ১০৪% শুল্ক আৰোপ কৰিছিল আমেৰিকাই। তাৰ প্ৰত্যুত্তৰত একেদিনাই আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪% শুল্ক আৰোপ কৰে চীনে। ইয়াকে লৈ ক্ষুণ্ণ হৈ পৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী। আৰু তাৰ পিছতে চীনৰ ওপৰত আৰোপ কৰে ১২৫% শুল্ক। ড’নাল্ড ট্ৰাম্পৰ ভাষ্য অনুসৰি তাৎক্ষণিকভাবে চীনৰ ওপৰত বলৱৎ হ’ব ১২৫% শুল্ক। আমেৰিকাৰ এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠিছে চীন। আমেৰিকাক সকলো ধৰণে প্ৰত্যুত্তৰ দিবলৈ সাজু আছে বুলি উল্লেখ কৰে চীনে। ভয় ভাবুকিৰে চীনৰ সৈতে মোকাবিলা কৰাটো সম্ভৱ নহয় বুলি উল্লেখ কৰে চীনৰ বাণিজ্যিক মন্ত্ৰীয়ে। ইপিনে চীন-আমেৰিকাৰ সংঘাতে প্ৰভাৱ পেলাইছে চীনৰ অৰ্থনীতিতো। দুই দেশৰ সংঘাতৰ পৰিণতিত ১৮ বছৰৰ পিছত সৰ্বনিম্ন হৈছে আমেৰিকান ডলাৰৰ বিপৰীতে চীনৰ য়ুয়ানৰ মূল্য।
উল্লেখনীয় ভাৱে ড’নাল্ড ট্ৰাম্পে নতুন শুল্ক নীতিত স্থগিতাদেশ জাৰি কৰাৰ পিছতে তাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে বিশ্বৰ অৰ্থনীতিত। ড’নাল্ড ট্ৰাম্পৰ ঘোষণাৰ পিছতে ৯০ দিনৰ পিছত উৰ্ধগামী হৈছে আমেৰিকাৰ শ্বেয়াৰ বজাৰ। একেদৰে ভাৰতকে ধৰি এছিয়াৰ আৰু অষ্ট্ৰেলিয়াৰ শ্বেয়াৰ বজাৰতো দেখা গৈছে ইয়াৰ প্ৰভাৱ। ২০০১ চনৰ পিছত অভিলেখ ভংগ কৰিছে টাইৱানৰ শ্বেয়াৰ বজাৰে। ইউৰোপৰ বিভিন্ন শ্বেয়াৰ বজাৰতো দেখা গৈছে উৰ্ধগামী ৰূপ।
ইপিনে ট্ৰাম্পৰ নতুন সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই। ট্ৰাম্পৰ সিদ্ধান্তই বিশ্বৰ অৰ্থনীতিত স্থিৰতা আনিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে ইউৰোপীয়ান কমিছনে। একেদৰে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে তেওঁলোকে শান্তভাৱে এই বিষয়ত কথাবতৰা পাতিব বিচাৰে। ট্ৰাম্পৰ সিদ্ধান্তই কথা-বতৰাৰ বাট মুকলি কৰা বুলি উল্লেখ কৰে স্পেইনৰ প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে ভিয়েটনাম আৰু আমেৰিকাৰ মাজত এই সন্দৰ্ভত আলোচনা হৈছে কথা-বতৰা। ভাৰতেও এই সন্দৰ্ভত আলোচনাক লৈ ব্যক্ত কৰিছে নিজৰ আশা। এনেক্ষেত্ৰত অনাগত সময়ত ড’নাল্ড ট্ৰাম্পৰ স্থিতি হ’ব গুৰুত্বপূৰ্ণ। তাৰ লগতে চীন-আমেৰিকাৰ সংঘাতে কি পৰ্যায় পাই তাৰ ওপৰতো নিৰ্ভৰ কৰিব বিশ্বৰ অৰ্থনীতি।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296