অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি

Share This Article

উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম – মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই প্ৰথমতে লাঠি জোং লৈ আক্ৰমণ চলাইছিল যদিও পাছলৈ গুলী চলাবলৈ আৰম্ভ কৰে ৷ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি এই ঘটনাত এজন অসামৰিক লোকসহ মুঠ ৬ জন লোক নিহত হৈছে ৷ উল্লেখ্য যে আজি দুপৰীয়াৰ পৰাই বেদখলক লৈ উত্তেজনা অব্যাহত আছিল ৷ ইপিনে , এই ঘটনাত কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকী গুলীৱিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় ৷ সম্প্ৰতি তেওক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৷ আন ৬০ গৰাকীৰো অধিক লোক এই ঘটনাত আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ উল্লেখ্য যে অসম – মিজোৰামৰ সংঘাতক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত টুইটাৰ যুদ্ধ তুংগত উঠিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.