সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি

উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম – মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই প্ৰথমতে লাঠি জোং লৈ আক্ৰমণ চলাইছিল যদিও পাছলৈ গুলী চলাবলৈ আৰম্ভ কৰে ৷ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি এই ঘটনাত এজন অসামৰিক লোকসহ মুঠ ৬ জন লোক নিহত হৈছে ৷ উল্লেখ্য যে আজি দুপৰীয়াৰ পৰাই বেদখলক লৈ উত্তেজনা অব্যাহত আছিল ৷ ইপিনে , এই ঘটনাত কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকী গুলীৱিদ্ধ হৈ গুৰুতৰভাৱে আহত হয় ৷ সম্প্ৰতি তেওক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আই চি ইউত ভৰ্তি কৰোৱা হৈছে ৷ আন ৬০ গৰাকীৰো অধিক লোক এই ঘটনাত আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে ৷ উল্লেখ্য যে অসম – মিজোৰামৰ সংঘাতক লৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত টুইটাৰ যুদ্ধ তুংগত উঠিছে ৷

Leave A Reply

Your email address will not be published.