জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

Share This Article

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ! যাৰ নাম হ’ব-বেলুচিস্তান!
এই প্ৰশ্নৰ স্বাভাৱিক এক পটভূমি আছে৷ কাৰণ, ভাৰত বিভাজনৰ পাছত ২২৭ দিন পৰ্যন্ত বেলুচিস্তান আছিল এখন স্বাধীন দেশ৷ পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাইও প্ৰথমতে বেলুচিস্তানক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিব বিচৰা নাছিল৷ বেলুচিস্তান আছিল স্বতন্ত্ৰ৷ যিদৰে হায়দৰাবাদ স্বাধীনতাৰ লগে লগে ভাৰতত চামিল হ’ব বিচৰা নাছিল, ঠিক সেইদৰেই বেলুচিস্তানেও পাকিস্তানত চামিল হ’বলৈ অস্বীকাৰ কৰিছিল৷ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ’ল কিন্তু হায়দৰাবাদ ভাৰতত আনুষ্ঠানিকভাৱে চামিল হ’ল ১৯৪৮ চনৰ ১৩ ছেপ্তেম্বৰত৷ ঠিক একেদৰেই বেলুচিস্তানে বিচাৰিছিল এক আধুনিক গণতন্ত্ৰ৷ ধৰ্মৰ ভিত্তিত জন্ম হোৱা পাকিস্তানত তেওঁলোক কোনোপধ্যেই চামিল হ’ব বিচৰা নাছিল৷ কিন্তু পাকিস্তানে জোৰকৈ সামৰিক শক্তি প্ৰয়োগ কৰি ১৯৪৮ চনৰ মাৰ্চ মাহত বেলুচিস্তানক পাকিস্তানত চামিল কৰায়৷ বেলুচিস্তানৰ ভূগোল পাকিস্তানত চামিল হ’ল ঠিকেই তাৰ জনতাৰ মন কেতিয়াও পাকিস্তানী নহ’ল৷ আজিও স্বতন্ত্ৰতাৰ বাবে অব্যাহত আছে বেলুচিস্তানৰ যুঁজ৷

পঢ়ক এই বাতৰিঃ ১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

সক্ৰিয় হৈ উঠিছে বেলুচিস্তানৰ বিদ্ৰোহী গোট

বেলিচিস্তান হ’ল পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰদেশ৷ পাকিস্তানৰ মুঠ মাটিকালিৰ ৪৪ শতাংশই আছে বেলুচিস্তানত৷ তদুপৰি৷ সোণ, কয়লা, কপাৰ, প্ৰাকৃতিক গেছ আদি প্ৰাকৃতিক সম্পদৰেও অসীম চহকী বেলুচিস্তান৷ যাৰ সীমা সংলগ্ন হৈ আছে ইৰাণ আৰু আফগানিস্তানৰ সৈতে৷ সেইবাবেই বেলুচিস্তানৰ মাজেৰে চীনে ৰূপায়ণ কৰিছে চাইনা–পাকিস্তান ইক’নমিক কৰিড’ৰ৷ এই কৰিডৰ নিৰ্মাণ হোৱাৰ লগে লগে যথেষ্টসংখ্যক বহিৰাগত লোকৰ আগমণ ঘটে৷ যাৰ বাবে স্থানীয় লোকসকল অধিক অসন্তুষ্ট হ’বলৈ আৰম্ভ কৰে৷ এনে পৰিস্থিতিত বেলুচিস্তানৰ বিদ্ৰোহী গোটসমূহ চীনৰ আগ্ৰাসন, পাকিস্তানৰ আধিপত্যৰ বিৰুদ্ধে অধিক আগ্ৰাসী হৈ উঠে৷ তাৰ পাছৰে পৰা চাইনা–পাকিস্তান ইক’নমিক কৰিড’ৰত চীনে নিজা ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োগ কৰিবলৈ আৰম্ভ কৰে৷ একেসময়তে স্বতন্ত্ৰ বেলুচিস্তানৰ দাবীয়ে এতিয়াও আন্তৰ্জাতিক মান্যতা লাভ কৰা নাই৷ এনে পৰিস্থিতিত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আসন্ন হৈ পৰাৰ লগে লগে বেলুচিস্তানৰ বিদ্ৰোহীসকল আকৌ এবাৰ সক্ৰিয় হৈ উঠিছে৷
বেলুচিস্তানৰ দুটা মূল বিদ্ৰোহী গোট হ’ল– বি এল এফ আৰু বি এল এ৷ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানৰ সেনা বাহিনীৰ বিৰুদ্ধে বিগত সময়ছোৱাত অনেক আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে৷ পাকিস্তানৰ অভিযোগ–বেলুচিস্তানৰ এই বিদ্ৰোহীসকলক সহায় কৰি আছে ইৰানে৷ ইপিনে, আমেৰিকাই আফগানিস্তানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰাৰ পাছত পাকিস্তান আকৌ এক নতুন সংকটৰ সন্মুখীন হৈছে৷ তালিবান আৰু পাকিস্তানী সেনাৰ মাজত আৰম্ভ হৈছে সংঘাত৷ তালিবান আৰু বি এল এফে যুটীয়াভাৱে পাকিস্তানক প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰিছে৷ আকৌ শক্তিশালী হৈ উঠিছে স্বাধীন বেলুচিস্তানৰ দাবী৷ যাক দুখন সীমামূৰীয়া দেশ আফগানিস্তান আৰু ইৰাণে পৃষ্ঠপোষকতা কৰাৰ সম্ভাৱনাই প্ৰবল৷
এনে এক পৰিস্থিতিত পাকিস্তান- ভাৰতৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে বেলুচিস্তানৰ বিদ্ৰোহীসকল আকৌ সক্ৰিয় হৈ উঠিছে তেওঁলোকৰো লক্ষ্য হৈ পৰিছে, পাকিস্তানী সেনা৷ ভাৰতৰ সৈতে যুদ্ধত লিপ্ত হৈ দুৰ্বল হৈ পৰা সময়তে পাকিস্তানী সেনাক বেলুচিস্তানৰ ভূমিৰ পৰা বিদায় দিবলৈ পৰিকল্পনা কৰিছে বেলুচিস্তানৰ বিদ্ৰোহীসকলে৷ তেনে কেইবাটাও আক্ৰমণৰ খবৰ বিগত সময়ছোৱাত প্ৰকাশ পাইছে৷ যদি যুদ্ধ দীঘলীয়া হয়, তেনেহ’লে ভাৰতৰ লগতে বেলুচিস্তানৰ পৰাও প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাকিস্তান৷ এনে পৰিস্থিতিত পাকিস্তান আকৌ এবাৰ বিভাজিত হোৱাৰ সম্ভাৱনাও প্ৰবল হৈ উঠিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.