বিভাজিত বিৰোধীয়ে বিজেপিৰ বিজয় মসৃণ কৰিছে নেকি ?

উপ –নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত এই মুহূৰ্তত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ দিন চমু চাপি আহিলেও এতিয়াও যেন বিৰোধী দলসমূহ একত্ৰিত হ’ব পৰা নাই ৷ বাৰে বাৰে আউল লাগিছে বিৰোধী ঐক্যত ৷ নব্যগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বল ঠেলিছে কংগ্ৰেছৰ কোৰ্টলৈ ৷ কিন্তু কংগ্ৰেছ সৈমান হ’বনে ?কি হ’ব প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাৰ ভূমিকা ? অসমৰ ৰাজনীতিত এয়া হৈ পৰিছে সাম্প্ৰতিক সময়ৰ এক উত্তৰ বিহীন প্ৰশ্ন ৷

নিৰ্বাচনী বিপৰ্যয়ৰ পাছতো বিপদে লগ এৰা নাই অসম প্ৰদেশ কংগ্ৰেছৰ ৷ সভাপতি সলনি হ’ল কিন্তু খহনীয়া এতিয়াও অব্যাহত আছে ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পাছত দল এৰিলে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইয়েও ৷ মৰিয়নী , থাওৰাৰ লগতে মাজুলী , গোসাইগাও আৰু তামুলপুৰ বিধানসভা সমষ্টিতো অনুষ্ঠিত হ’ব উপ – নিৰ্বাচন ৷ কিন্তু উপ  -নিৰ্বাচনকলৈ এতিয়াও অংক মিলি অহা নাই বিৰোধীদলসমূহৰ ৷অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ইতিমধ্যে প্ৰতিটো সমষ্টিত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰিছে ৷ কিন্তু ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ প্ৰস্তাৱ একপ্ৰকাৰ নসয়াৎ কৰিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ ৰাণা গোস্বামীয়ে সোমবাৰে স্পষ্ট ভাষাৰে ঘোষণা কৰে যে উপ- নিৰ্বাচনত কংগ্ৰেছে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷বুধবাৰে অনুষ্ঠিত হ’বলগীয়া দলৰ নীতি নিৰ্ধাৰক সমিতিৰ সভাত এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও তেও সদৰী কৰে ৷

কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীক ইয়াৰ পাছতে উভতি ধৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ এখন সংবাদমেলত অখিল গগৈয়ে কয় যে যদিহে কংগ্ৰেছে অকলে উপ-নিৰ্বাচনত অৱতীৰ্ণ হয় , তেনেহ’লে এখনো আসনত জয়লাভ নকৰিব ৷

এনে বাদানুবাদ চলি থকাৰ মাজতে আজি কামাখ্যা মন্দিৰত পূজা আগবঢ়াবৰ বাবে উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰাই আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ তেও কয় যে বুধবাৰে বিয়লি  বজাৰ পৰা অনুষ্ঠিত হ’ববলগীয়া নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত উপ – নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হ’ব ৷

ইপিনে , ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে আন এখন সংবাদমেল সম্বোধন কৰি বল ঠেলিলে কংগ্ৰেছলৈ ৷ৰাণা গোস্বামীৰ মন্তব্যক লৈ অসন্তুষ্টি ব্যক্ত কৰি তেও বিৰোধী ঐক্যৰ বাবে কংগ্ৰেছক পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷

এনেদৰেই উপ- নিৰ্বাচনত বিৰোধীক ঐক্যবদ্ধ কৰাৰ দায়িত্ব এতিয়া সকলোৱে এৰিছে কংগ্ৰেছলৈ ৷ কংগ্ৰেছে বুধবাৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব ৷ কিন্তু তাৰ পূৰ্বেই ৰাণা গোস্বামীয়ে সদৰী কৰিলে নীতি নিৰ্ধাৰক সমিতিৰ বৈঠকত ল’বলগীয়া সিদ্ধান্তৰ বিষয়ে ৷ ৰাণা গোস্বামীৰ কথাই যদি সঁচা হয় , তেনেহ’লে প্ৰতিটো সমষ্টিত কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী দিয়াটো নিশ্চিত ৷ এনে পৰিস্থিতিত প্ৰশ্ন উঠিছে – আকৌ এবাৰ উপ – নিৰ্বাচনতো বিৰোধী বিভাজিত হৈ ৰ’ব নেকি ? বহুধা বিভক্ত বিৰোধীয়ে বিজেপিৰ বিজয়ৰ পথ মসৃণ কৰি তুলিব নেকি ?

 

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296