ৰাহুলৰ ব্ৰেকফাষ্টৰ পৰাই সূচনা হ’ব নেকি মোদী হাটাও অভিযান?

Share This Article

ব্ৰেকফাষ্ট ৷ ব্ৰেকফ্ৰাষ্টৰ বাবে খোৱা টেবুলত বহি আপুনি বহু কথাই ভাবিব পাৰে৷ব্ৰেকফাষ্টৰ ৫ মিনিটৰ সময়খিনিত আপুনি দিনটোৰ পৰিকল্পনা কৰিব পাৰে,আপোনাৰ দিনটোৰ বাবে সামগ্ৰীক ৰুটিন এখন তৈয়াৰ কৰি লব পাৰে৷

কিন্তু আজি আমি এনে এটা ব্ৰেকফাষ্টৰ কথা কব ওলাইছো,যি ব্ৰেকফাষ্টত শাসনৰ পৰা মোদী চৰকাৰক ওফৰাই দিয়াৰ পৰিকল্পনা কৰা হৈছে৷কিন্তু ব্ৰেকফাষ্টত কৰিছে পৰিকল্পনা?কত চলিছে ব্ৰেকফাষ্ট?

চলি আছে সংসদৰ বৰ্ষা অধিবেশন। পেগাচাছ, কৃষক আইন আদিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে দেশৰ ৰাজনীতি৷ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে উত্তপ্ত হৈ পৰিছে সদন।

ইয়াৰ মাজতে দেশৰ ৰাজনীতিত চলিছে ঐক্যবদ্ধ বিৰোধী শক্তি গঠনৰ চর্চা৷ইয়াৰ মাজতে কংগ্ৰেছ  যুৱৰাজ  ৰাহুল গান্ধীয়ে ঐক্যবদ্ধ বিৰোধী শক্তি সময়ৰ দাবী বুলি মন্তব্য আগবঢ়াইছে। ৰাহুল গান্ধীৰ মত- বিৰোধীৰ মাজত একতা যিমানেই বৃদ্ধি পাব,বিজেপি-আৰএছএছৰ বাবে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাতো সিমানেই কঠিন হব।

বিৰোধীক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে নতুন দিল্লীৰ Constitution Clubত মঙলবাৰে দুয়োখন সদনৰ প্ৰায় ১৭ টা দলৰ বিৰোধী নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় প্ৰাতঃভোজন। বৈঠকত সাংসদ সকলে সংসদৰ বৰ্তমানৰ অচলাৱস্থা দূৰ কৰাৰ বাবে এক বিশেষ ৰণনীতি তৈয়াৰ কৰিছে। কিছু সংখ্যকে সংসদ চৌহদৰ বাহিৰত এখন প্ৰতীকি অধিৱেশন অনুষ্ঠিত কৰাৰো প্ৰস্তাৱ আগবঢ়াইছে।

স্পাইৱেৰ পেগাচাছৰ  প্ৰসংগত সংসদ ইতিমধ্যেই উত্তপ্ত হৈ আছে। বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্নুপিং বিষয়টোৰ ওপৰত এক সংগঠিত আলোচনাৰ দাবী জনাই আহিছে।কিন্ত শাসক পক্ষই বিষয়টোত বিতৰ্ক কৰিবলৈ অস্বীকাৰ কৰিছে।উত্তপ্ত সদনত বিৰোধীৰ আচৰণ লৈ মন্তব্য আগবঢ়াইছে নৰেন্দ্ৰ মোদীয়ে৷ উভয় সসদনতে বিৰোধীৰ কার্যকলাপে গণতন্ত্ৰ আৰু নাগৰিকক অপমান কৰিছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

ইয়াৰ বিপৰীতে বিৰোধীৰ কুছকাৱাজৰ পৰা এইটো ষ্পষ্ট হৈ পৰিছে যে, মোদী চৰকাৰৰ বিৰুদ্ধে ইতিমধ্যেই ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে বিৰোধী পক্ষ।প্ৰেক্ষাপটত ৰাহুল গান্ধীৰ নেতৃত্বত ২০২৪ত বিৰোধী শক্তি ঐক্যবদ্ধ ভাৱে বিজেপিৰ বিৰুদ্ধে  যুঁজত নমাৰ সম্ভাৱনা বৰ্তমান সময়ত প্ৰকট হৈ পৰিছে।

দেশত বিৰোধীয়ে গ্ৰহণ কৰা এনে কঠোৰ স্হিতিয়ে গণতান্ত্ৰিক ব্যৱস্থাটোক নিশ্চিতভাৱে লাভাম্বিত কৰিব। যদি সঁচাকৈয়ে ঐক্যবদ্ধ ভাৱে বিৰোধী শক্তিয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় তেন্তে ২০২৪ত ৰণত পৰিব পাৰে শাসকীয় বিজেপি দল। অৱশ্যে বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে ৰাহুল গান্ধীয়ে চলোৱা প্ৰচেষ্টাৰ বিপৰীতে শাসকীয় বিজেপিয়ে কি ৰণনীতি তৈয়াৰ কৰে পৰৱৰ্তী সময়ত সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.