সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ কিমান ?

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ এইবাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ ৷ যোৱা বছৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ ৷ চি বি এছ ইৰ অধীনৰ বিদ্যালয়ত অধ্যয়নৰত মুঠ ২০,৯৮,১২৮ গৰাকী ছাত্ৰ- ছাত্ৰীৰ ভিতৰত ২০,৭৬, ৯৯৭ গৰাকীক উত্তীৰ্ণ ঘোষণা কৰা হৈছে ৷ ১৬,৬৩৯ গৰাকী ছাত্ৰ- ছাত্ৰীৰ ফলাফল প্ৰস্তুতৰ প্ৰক্ৰিয়া এতিয়াও চলি আছে ৷ ফলাফল অনুসৰি , ৫৭ ,৮২৪ গৰাকী শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰ অধিক , ২,০০,৯৬২ গৰাকী শিক্ষাৰ্থীয়ে ৯০ শতাংশৰো অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ৷ কেন্দ্ৰীয় বিদয়ালয়সমূহৰ ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উল্লখ্য যে , কোভিড পৰিস্থিতিৰ বাবে এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাসমূহ বাতিল কৰা হৈছিল ৷ ইয়াৰ সলনি এক বিকল্প মূল্যায়ন পদ্ধতিৰে ফলাফল ঘোষণা কৰা হয় ৷

 

Leave A Reply

Your email address will not be published.