শিলাদিত্যৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা মন্তব্যক কিয় ৰক্ষণাবেক্ষণ দিছিল ফেচবুকে?

ফেচবুক আৰু বিজেপিৰ সম্পৰ্কৰ বিতৰ্ক দেশত তুংগত থাকোতে এতিয়া পুনৰ চর্চা লৈ আহিছে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ।

বিশ্ব বিখ্যাত TIME মেগাজিনৰ এক শেহতীয়া বাতৰি অনুসৰি শিলাদিত্য দেৱৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা ফেচবুক পুষ্ট কোম্পানীটোৰ শীৰ্ষ বিষয়াক অৱগত কৰাৰ পিছতো কোম্পানীটোৱে লোৱা নাছিল কোনো ব্যৱস্থা। ২০১৯ চনত ফেচবুকৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ পাব্লিক পলিচি ডাইৰেক্টৰ পদত আছিল শিবনাথ থকৰাল।সেই সময়তে হেট স্পীচৰ ওপৰত চকু ৰখা সংস্থা ‘আৱাজে‘ ফেচবুকৰ পলিচি উলংঘন কৰা ১৮০ টা হেট স্পীচৰ(hate speech) বিষয়ে ফেচবুকক অৱগত কৰিছিল। ইয়াৰ ভিতৰত আছিল শিলাদিত্য দেৱৰো এক বিতৰ্কিত ফেচবুক পোষ্ট।

উল্লেখ যোগ্য যে শিলাদিত্য দেৱে সেই সময়ত এজন মুছলমান সম্প্ৰদায়ৰ লোকে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ খবৰ হেট স্পীচৰ(Hate speech) সৈতে ফেচবুকত শ্বেয়াৰ কৰিছিল। TIME মেগাজিনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ফেচবুকে সেই পোষ্ট এবছৰলৈকে ফেচবুকৰ পৰা আঁতৰোৱা নাছিল। কিন্ত ২১ আগষ্টত TIMEয়ে ফেচবুকৰ পৰা এই বিষয়ে উত্তৰ বিচাৰাত ফেচবুকে মেগাজিন খনক জনালে যে যেতিয়া ‘আৱাজে’ সেই পোষ্টৰ বিষয়ে ফেচবুকক অৱগত কৰিছিল, তেতিয়া সেই পোষ্ট ফেচবুকত আছিল। উক্ত পোষ্টটোক হেট স্পীচ উলংঘন তালিকাত আছিল যদিয়ো আৰম্ভণিতে ৰিভিউ কৰাৰ পাছত ফেচবুকে সেই পোষ্ট ডিলিট কৰিব পৰা নাছিল। ইয়াৰ বাবে নিজৰ ভুল স্বীকাৰো কৰে কোম্পানীটোৱে।

এইখিনতে প্ৰশ্ন উত্থাপন হয় আচলতে কাৰ ছত্রছায়াত প্ৰায় এবছৰলৈ আঁতৰোৱা হোৱা নাছিল শিলাদিত্য দেৱৰ বিতৰ্কিত পোষ্ট?

TIME মেগাজিনৰ প্ৰতিবেদন অনুসৰি সেই সময়ত ফেচবুকৰ পাব্লিক পলিচি ডাইৰেক্টৰ পদত থকা শিবনাথ থকৰালৰ কাম আছিল ফেচবুকৰ হৈ ভাৰতৰ চৰকাৰৰ বাবে লবী কৰা। মেগাজিনে খনে প্ৰকাশ কৰা অনুসৰি শিৱনাথ থাকৰাল ২০১৪ চনৰ পূৰ্বৰে পৰা বিজেপি দলৰ হৈ কাম কৰি আছিল।শিবনাথ থকৰালৰ ফেচবুকত “I Support Narendra Modi“ নামৰ এটা পেজ আছিল।

TIME মেগাজিনৰ প্ৰতিবেদন অনুসৰি ২০১৭ চনত শিবনাথ থকৰালক ফেচবুকত নিযুক্তি দিয়াৰ মূল কাৰণেই আছিল তেখেতৰ শাসনাধিষ্ট দলটোৰ লগত থকা সু সম্পৰ্ক। ইয়াতে ক্ষান্ত নাথাকি ২০২০ চনত ফেচবুকে থকৰালক WHATSAPP ভাৰতৰ পাব্লিক পলিচি ডাইৰেক্টৰ পদত নিযুক্তি দিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296