ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ ‘কোৰাণ’ জ্বলোৱাক লৈ উত্তপ্ত চুইডেন

Share This Article

ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ কোৰাণ জ্বলোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুইডেনৰ মালম’ নামৰ অঞ্চলত। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এটা অতি সুপন্থী ৰাজনৈতিক দলৰ কার্যকৰ্তাই কোৰাণ জ্বলোৱা কাৰ্যসূচী লোৱাৰ পিছতে উত্তপ্ত হয় পৰিস্থিতি।

ৰাজহুৱা স্থানত কোৰাণ জ্বলোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা বহুতো প্ৰতিবাদকাৰীয়ে ৰাজহুৱা সম্পত্তি আৰু যান বাহনত অগ্নি সংযোগ কৰে।

টুইটাৰত আপলোড হোৱা বিভিন্ন ভিডিও অনুসৰি ধ্বংসলীলা চলোৱা প্ৰতিবাদকাৰী সকলে ‘আল্লাহু আকবৰ’ দৰে শ্লোগান দিয়া পৰিলক্ষিত হৈছে।

জানিব পৰা মতে কোৰাণ জ্বলোৱা উক্ত কাৰ্যসূচী গ্ৰহণ কৰা অতি সুপন্থী ৰাজনৈতিক দলটোৰ নাম ‘Stram Kurs’ (Hard Line) আৰু তেওঁলোকে উক্ত কাৰ্যসূচী এখন ৰাজহুৱা পাৰ্কত অনুস্থিত কৰি তাৰ ভিডিও ছ’ছিয়েল মিডিয়াত আপলোড কৰিছিল।

Featured photo courtesy: Newsd

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.