বড়োলেণ্ডৰ আৰ্হিত ‘কুকিলেণ্ড’ৰ দাবী কুকি সশস্ত্ৰ সংগঠনৰ

Share This Article

এনএছচিএন-আই এম আৰু ভাৰত চৰকাৰৰ মাজত নগা শান্তি চুক্তিৰ আলোচনাই শংকিত কৰি তুলিছে মণিপুৰৰ কুকি সশস্ত্ৰ সংগঠন সমূহক। ইয়াৰ পিছতে এতিয়া কুকি সশস্ত্ৰ সংগঠন সমূহে বড়োলেণ্ডৰ আৰ্হিত কুকিলেণ্ডৰ দাবী উত্থাপন কৰিছে কেন্দ্ৰ চৰকাৰক। দ্যা প্ৰিন্ট নামৰ নিউজ পৰ্টেলটোত প্ৰকাশিত এক বাতৰি অনুসৰি কুকি নেচনেল অৰ্গেনাইজেচন নামৰ কুকি সশস্ত্ৰ সংগঠন সমূহৰ এক উমৈহতিয়া মঞ্চই তেওঁলোকৰ সমস্যা সমূহ ভাৰতৰ সংবিধানৰ ভিতৰতে ষষ্ঠ অনুসূচীৰ অধীনত হোৱাটো কামনা কৰে।

ইতিমধ্যে কুকি সশস্ত্ৰ সংগঠন সমূহে মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক আলোচনা অব্যাহত ৰাখিছে। সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত গঠন হোৱা বিটিচিৰ আৰ্হিত কুকি সকলেও এতিয়া দাবী উত্থাপন কৰিছে কুকিলেণ্ড টেৰীট’ৰীয়েল কাউন্সিলৰ।

উল্লেখযোগ্য যে এনএছচিএনে নগা শান্তি চুক্তিত যি বৃহত্তৰ নাগালিমৰ দাবী উত্থাপন কৰিছে তাত মণিপুৰৰ কুকি অধ্যুষিত অঞ্চল সংলগ্ন হোৱাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিততে কুকি সশস্ত্ৰ সংগঠন সমূহে এনে তৎপৰতা আৰম্ভ কৰিছে।

Featured photo courtesy: The Print

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.