Investigative reporting with dedication.
LinkedInত ফুটবলাৰ বিচাৰি ফুৰা বুবিস্তাৰ দল এতিয়া বিশ্বকাপৰ নকআউটত

কেপ ভাৰ্ডেৰ দৰে এখন সৰু দেশে ফুটবল বিশ্বকাপৰ ২০২৬ সংস্কৰণত নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰি এক অভূতপূৰ্ব ইতিহাস ৰচনা কৰিছে। এই ঐতিহাসিক যাত্ৰাৰ আঁৰৰ নায়ক গৰাকীয়েই হ’ল দলটোৰ মুখ্য প্ৰশিক্ষক পেদ্ৰো লেইতাও ব্ৰিটো। যাক সমগ্ৰ বিশ্বতে ‘বুবিস্তা’ নামেৰে পৰিচিত। মাত্ৰ পাঁচ লাখ জনসংখ্যাৰ এই দেশখনৰ এই বিশ্বকাপ যাত্ৰা যেন কোনো চলচ্চিত্ৰৰ কাহিনীতকৈ কম নহয়। কেপ ভাৰ্ডেৰ এক সৰু দ্বীপ বোৱা ভিষ্টা। তাৰে এক দুৰ্গম গাঁও হ’ল পভ’য়াকাও ভেলহা। ১৯৮৬ চনৰ বিশ্বকাপৰ সময়ত সেই গাঁৱলৈ কেৱল খেল চাবৰ বাবেই এটা টেলিভিশ্বন ভাড়া কৰি অনা হৈছিল। সেই টিভিৰ পৰ্দাত ডিয়াগো মাৰাডোনাৰ যাদু দেখি ফুটবল খেলুৱৈ হোৱাৰ সপোন দেখিছিল এজন কিশোৰে-তেওঁৱেই আছিল আজিৰ পৰিচিত বুবিস্তা। আজি তেওঁৰ নিৰ্দেশত আৰু প্ৰশিক্ষণতেই কেপ ভাৰ্ডেয়ে ফুটবল বিশ্বত এক নতুন ইতিহাস লিখিলে।
দৰিদ্ৰ্যতাৰ সৈতে যুঁজি যাত্ৰা আৰম্ভ কৰা বুবিস্তাৰ এই যাত্ৰা সহজ নাছিল, আছিল কণ্টকাকীৰ্ণ। শৈশৱত কিনিবলৈ বল নথকাত তেওঁৰ মাতৃয়ে মোজাৰে এটা ফুটবল বনাই দিছিল আৰু তাৰ পৰাই তেওঁৰ আৰম্ভ হৈছিল ফুটবলৰ যাত্ৰা। নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বলত তেওঁ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰে আৰু একেৰাহে ১১ বছৰ ধৰি দেশৰ হৈ অধিনায়কত্ব কৰে। খেলুৱৈ হিচাপে যি সপোন আধৰুৱা হৈ আছিল, আজি প্ৰশিক্ষক হিচাপে তেওঁ সেই সপোন সমগ্ৰ দেশবাসীক দেখুৱাইছে।
দেশৰ প্ৰথম শ্ৰেণীৰ ক্লাব মিন্ডেলেন্সে আৰু একাডেমিকা দো মিন্ডেলোৰ প্ৰশিক্ষক হিচাপে কাম কৰাৰ পিছত, ২০২০ চনৰ জানুৱাৰীত বুবিস্তাই কেপ ভাৰ্ডেৰ ৰাষ্ট্ৰীয় দলৰ দায়িত্ব লয়। তাৰ পিছৰে পৰা দলটোৰ খেলৰ শৈলী সম্পূৰ্ণ ৰূপে সলনি হৈ পৰে। তেওঁৰ অধীনতে দলটোৱে একেৰাহে দুবাৰকৈ আফ্ৰিকা কাপ অৱ নেচনছৰ মূল পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰে আৰু ২০২৩ চনত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
২০২৬ চনৰ বিশ্বকাপত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই কেপ ভাৰ্ডেই নকআউট পৰ্যায়ত প্ৰৱেশ কৰি সমগ্ৰ বিশ্বক চমকিত কৰিছে। আটাইতকৈ কম জনসংখ্যাৰ দেশ হিচাপে বিশ্বকাপৰ নকআউটলৈ যোৱাৰ অভিলেখ এতিয়া তেওঁলোকৰ নামত। স্পেইন, উৰুগুৱে আৰু চৌদি আৰৱৰ দৰে শক্তিশালী দল থকা কঠিন গ্রুপত তিনিওখন মেচ ড্ৰ’ কৰি তেওঁলোকে এই সফলতা অৰ্জন কৰিছে।
উল্লেখ্য যে, প্ৰশিক্ষক বুবিস্তাৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল খেলুৱৈসকলৰ ওপৰত তেওঁৰ অপৰিসীম বিশ্বাস। বিশ্বৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা কেপ ভাৰ্ডেৰ মূলৰ প্ৰতিভাশালী খেলুৱৈসকলক বিচাৰি উলিয়াবলৈ তেওঁ পেচাদাৰী ছচিয়েল মিডিয়া প্লেটফৰ্ম LinkedIn ব্যৱহাৰ কৰিছিল। বহুতে ইয়াক পাগলামি বুলি ভাবিছিল, কিন্তু এই ‘পাগলামি’ৰ ফলতেই আজি দলটোৱে বিশ্বমঞ্চত উজলি উঠিছে।
নকআউট পৰ্যায়ত কেপ ভাৰ্ডেৰ সন্মুখত এতিয়া শক্তিশালী আৰ্জেণ্টিনা। যি দেশৰ কিংবদন্তি খেলুৱৈ মাৰাডোনাক দেখি বুবিস্তাই ফুটবলৰ প্ৰেমত পৰিছিল, এতিয়া সেই দেশৰে মহাতাৰকা লিঅ’নেল মেছিক খেলপথাৰত ৰোধ কৰাটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।
তথাপিও, ভয়ৰ সলনি আত্মবিশ্বাসেৰে সাজু হৈছে বুবিস্তা। মেচখনৰ পূৰ্বে তেওঁ কয়, ‘আমাৰ বাবে অসম্ভৱ বুলি একো নাই। দলে যি কৰিলে তাৰ বাবে মই গৌৰৱান্বিত। ফলাফল যিয়েই নহওক কিয়, মেছি আৰু আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিবলৈ পোৱাটো আমাৰ বাবে এক ডাঙৰ গৌৰৱৰ বিষয়। সপোন দেখাৰ অধিকাৰ সকলোৰে আছে আৰু ফুটবলত কোনো কথাই অসম্ভৱ নহয়।’ এতিয়া কেপ ভাৰ্ডেয়ে নকআউটত আৰ্জেণ্টিনাৰ বিৰুদ্ধে কি প্ৰদৰ্শন দেখুৱাই সময়েহে ক’ব।





