IPL এ ধ্বংস কৰিব ক্ৰিকেটক !

Share This Article

৬ জন ক্ৰিকেটাৰক ২০ কোটি টকাৰ অফাৰ IPLৰ! দেশৰ ক্ৰিকেটক শেষ কৰাৰ পৰিকল্পনা IPL ফ্ৰেঞ্চাইজীৰ! ইংলেণ্ডৰ ক্ৰিকেটাৰক মোটা অংকৰ ধনৰ প্ৰলোভন IPL ফ্ৰেঞ্চাইজীৰ ! আই পি এল দলবোৰে দেশৰ হৈ খেলি ক্ৰিকেটাৰসকলে যিমান ধন লাভ কৰে তাতকৈ বহুত বেছি ধন পৰিশোধ কৰিবলৈ সাজু। ক্ৰিকেটাৰসকলৰ বাবে একমাত্ৰ চৰ্ত টো হ’ল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা এৰি দিব লাগিব।আইপিএলৰ বেছিভাগ দলৰে বিশ্বৰ বিভিন্ন স্থানত টি-২০ লীগত আছে ফ্ৰেঞ্চাইজী। ক্ৰিকেটাৰসকলে আইপিএল লীগবোৰ খেলিব বিচাৰে।সেই বাবেই কিছুসংখ্যক ক্ৰিকেটাৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰি আইপিএল খেলিবলৈ দিয়া হৈছে প্ৰস্তাৱ। ‘টাইমছ লণ্ডন’ৰ বাতৰিয়ে কৰিছে এই দাবী। ‘টাইমছ লণ্ডন’ৰ বাতৰি অনুসৰি সংযুক্ত আৰৱ এমেৰিটাছত কেৰিবিয়ান প্ৰিমিয়াৰ লীগ, দক্ষিণ আফ্ৰিকা টি-২০ লীগ আৰু গ্লোবেল টি-২০ লীগত আছে আই পি এল ফ্ৰেঞ্চাইজিৰ দল। কিছুদিনৰ পাছতেই আৰম্ভ হ’ব আমেৰিকান টি-২০ লীগ।আমেৰিকান টি-২০ লীগত আমেৰিকাৰো থাকিব এটা দল। আমেৰিকান টি-২০ লীগৰ বাবে আইপিএল ফ্ৰেঞ্চাইজীয়ে চৌদি টি-২০ লীগৰ বাবে বিচাৰে এটা দল ক্ৰয় কৰিব। যাৰবাবে ইংলেণ্ডৰ ছয়জন খেলুৱৈক বিভিন্ন আই পি এল দলে এই লীগবোৰত খেলিবলৈ দিছে প্ৰস্তাৱ। আইপিএলৰ ৬ টা ফ্ৰেঞ্চাইজি আৰু বাৰ্ষিক চুক্তিৰ বাবে ৫০ লাখ পাউণ্ড পৰ্যন্ত দিয়া হৈছে। অৱশ্যে, ‘টাইমছ লণ্ডনে’ স্পষ্ট কৰা নাই কোন খেলুৱৈক কোন দলে আগবঢ়াইছে এনে ধৰণৰ প্ৰস্তাৱ।’টাইমছ লণ্ডন’ৰ বাতৰি অনুসৰি ছজন ক্ৰিকেটাৰক ইংলেণ্ড ক্ৰিকেট ব’ৰ্ড এৰি যাবলৈ দিয়া হৈছে প্ৰস্তাৱ। আই পি এল দলবোৰে বছৰটোৰ বাকী সময়ছোৱাত স্বাক্ষৰ কৰিব ক্ৰিকেটাৰকেইজনক। য’ত বহুত টকা খৰচ কৰিবলৈও ইচ্ছুক আই পি এল ফ্ৰেঞ্চাইজী। আগন্তুক দিনত, ক্ৰিকেট খেল হ’ব পাৰে ফুটবল খেলৰ দৰে। ফুটবলত যিদৰে খেলুৱৈসকল বছৰটোৰ বাবে প্ৰফেশ্বনেল ক্লাবটোৰ হৈ চুক্তিবদ্ধ হয় আৰু বছৰটোৰ অধিক সময়েই ক্লাব ফুটবলত ব্যস্ত থাকে, ঠিক তেনে দৰেই এই চুক্তি হ’লে ক্ৰিকেটাৰসকলো গোটেই বছৰেই থাকিব লাগিব ব্যস্ত। টাইমছ লণ্ডনৰ প্ৰতিবেদন অনুসৰি, এই বছৰৰ শেষৰ ফালে আই পি এল দলসমূহে খেলুৱৈসকলক দিব পাৰে আনুষ্ঠানিক প্ৰস্তাৱ।টাইমচ লণ্ডনৰ মাধ্যমৰ মতে, সমগ্ৰ বিশ্বৰ টি-২০ লীগত আই পি এল দলৰ আছে আধিপত্য। এয়া কেৱল ছজন ইংলেণ্ডৰ ক্ৰিকেটাৰ বাবে নহয়, এনে প্ৰস্তাৱ এজন অষ্ট্ৰেলিয়ান টি-২০ খেলুৱৈৰ ওচৰলৈও যাব পাৰে। লগতে আন বহুতো ক্ৰিকেটাৰৰ ওচৰলৈ যোৱাৰ সম্ভাৱনা আছে এনে ধৰণৰ প্ৰস্তাৱ। আই পি এল ফ্ৰেঞ্চাইজীয়ে গোটেই বছৰটোত এই খেলুৱৈসকলক খেলিবলৈ ২০ কোটি টকাৰ বাৰ্ষিক চুক্তি স্বাক্ষৰ স্বাক্ষৰ কৰিবলৈ ইচ্ছুক।উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এটা নিয়ম আছে যদি এজন ক্ৰিকেটাৰে আন এখন দেশৰ টি-২০ লীগত যোগদান কৰিব বিচাৰে, ক্ৰিকেটাৰজনে দেশৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ল’ব লাগিব অৱসৰ। যদি আন দেশৰ ক্ৰিকেটাৰসকলক এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়োৱা হয়, তেওঁলোকে দেশৰ হৈ খেলা এৰি দিব পাৰে। বিশেষকৈ বগা বলৰ ক্ৰিকেটত ভাল খেলা ক্ৰিকেটাৰসকলে দেশৰ হৈ নেখেলাকৈ আই পি এল দলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব পাৰে।যদি ভাৰতীয় ক্ৰিকেটাৰসকলেও দেশৰ হৈ অৱসৰ লয় আৰু এই লীগবোৰ খেলিবলৈ যায়, তেন্তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত হ’ব পাৰে এক ডাঙৰ পৰিৱৰ্তন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.