সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হাৰি হাৰিও জিকি গ’ল ধোনী !

মেচখনৰ শেষৰটো বলত পেভিলিয়নত বহি ৪১ বছৰীয়া মানুহজনেও চকু মুদি দিছিল। হয়তো ভাবিছিল শেষৰটো বলে দলটোৰ ভৱিষ্যৎ কি নিৰ্ণয় কৰিব? হয়তো যুঁজি যুজি ভাগৰি পৰি আশা যেন একেবাৰে বাদেই দিছিল। কিন্তু আশা শেষমুহূৰ্তলৈকে হেৰুৱাই পেলোৱা নাছিল দলটোৰ আন সদস্যসকলে। হেৰুৱাই পেলোৱা নাছিল আশা ষ্টাইকাৰত থকা ৰবীন্দ্ৰ জাদেজাই। যাৰবাবেই, পঞ্চমবাৰলৈ IPLত চেম্পিয়ন হ’ল চেন্নাই চুপাৰ কিংছ !মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত IPL জয় চেন্নাই চুপাৰ কিংছৰ।গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত ধোনী বাহিনীৰ।কলকাতা, দিল্লী, মুম্বাই ভাৰতৰ য’তেই অনুষ্ঠিত হয় চেন্নাই চুপাৰ কিংছৰ মেচ,তাৰেই খেলপথাৰখন ঘৰুৱা খেলপথাৰ হৈ পৰে চেন্নাই চুপাৰ কিংছৰ বাবে। কাৰণ চেন্নাই চুপাৰ কিংছত আছিল এজন ৪১ বছৰীয়া সিংহ। চেন্নাই চুপাৰ কিংছে খেলা প্ৰতিখন ষ্টেডিয়ামৰ গেলেৰীত থাকে কেৱল হালধীয়া ৰং। কি ঘৰুৱা খেলপথাৰ, কি বিপক্ষৰ খেলপথাৰ?যাৰ বাবে বিপক্ষৰ দলবোৰ হৈ পৰে আচৰিত।কিয়নো পৃথিৱীৰ কোনো দেশত এই ছবি কোনখন লীগত দেখা নাযায়।দুয়োটা দলৰ অনুৰাগীসকলে চাৰি বছৰ আগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ত্যাগ কৰা এজন ক্ৰিকেটাৰক চাবলৈ গেলেৰী কৰিছিল ভৰ্তি।সেই ক্ৰিকেটাৰজনৰ নাম মহেন্দ্ৰ সিং ধোনী।সোমবাৰে হালধীয়া জাৰ্চী পিন্ধা অনুৰাগীসকলে গেলেৰীত কান্দি উঠিছিল।যেতিয়া ঘৰৰ মাটিতেই চেন্নাই চুপাৰ কিংছে গুজৰাট টাইটানছক ৫ উইকেটত পৰাজিত কৰাৰ পাছত ৰবীন্দ্ৰ জাদেজাই দৌৰি গৈ সাবতি ধৰে মহেন্দ্ৰ সিং ধোনীক। ক্ৰিকেটৰ বৰ্ণময় কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এনেকৈ ভাবুক হৈ পৰিছিল ধোনী।উল্লেখ্য যে, টচত জয়ী চেন্নাই চুপাৰ কিংছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত সংগ্ৰহ কৰে ২১৪ ৰাণ। গুজৰাট টাইটানছৰ হৈ শুভমন গিলে ২০ টা বলত ৩৯ ৰান, ৰিদ্ধিমান সাহাই ৩৯ টা বলত ৫৪ ৰাণ আৰু সাই সুদৰ্শনে ৪৭ টা বলত ৯৬ ৰাণ সংগ্ৰহ কৰাৰ লগতে দলৰ হৈ কৰে এটা বিশাল ইংনিছ। ২১৫ ৰাণৰ বিশাল ইংনিছ আগত ৰাখিয়েই খেলপথাৰত নামে চেন্নাই চুপাৰ কিংছ। ৩টা বল খেলাৰ পাছতেই বৰষুণৰ বাবে স্থগিত হয় মেচখন। বৰষুণৰ বাবে ১২ বজাৰ পিছত পুনৰ অনুষ্ঠিত আইপিএলৰ ফাইনেল মেচ। ১২ বজাৰ পাছত DLS মেথডৰ সহায়ত অনুষ্ঠিত হয় আইপিএলৰ ফাইনেল মেচ। DLS মেথডত চেন্নাই চুপাৰ কিংছক ১৫ অভাৰত লক্ষ্য হয় ১৭২ ৰাণৰ আন এক বিশাল স্কৰ।চেন্নাই চুপাৰ কিংছৰ বেটচমেসকলে শ্বাসৰুদ্ধকৰ মেচখনত যিকোনো উপায়েৰে লক্ষ্যত উপনীত হ’বলৈ চেষ্টা কৰে। চেন্নাই চুপাৰ কিংছৰ ডেভন কনৱেই ২৫ টা বলত ৪৭ ৰাণ, শিৱম ডুবেই ২১ টা বলত ৩২ ৰাণ, অজিংক্য ৰাহানেই ১৩ টা বলত ২৭ ৰাণৰ বৰঙণি আগবঢ়োৱাৰ লগতে ঋতুৰাজ গায়কৱাডে ২৬ ৰাণ, আম্বাতি ৰাইডুয়ে ১৯ ৰাণ আৰু ৰবীন্দ্ৰ জাদেজাই ১৫ ৰাণৰ বৰঙণি আগবঢ়াই দলক দিয়ে বিজয় প্ৰদান। অকল বিজয়েই নহয় আম্বাতি ৰাইডুক দিয়ে চেন্নাই চুপাৰ কিংছে অৱসৰৰ উপহাৰ। লগতে ২০০৮ চনৰ পৰা ২০২৩ চনলৈকে দলক নেতৃত্ব দি থকা অৱসৰৰ একেবাৰে শেষত থকা ৪১ বছৰীয়া মহেন্দ্ৰ সিং ধোনীকো দলে দিয়ে বিজয়ৰ উপহাৰ। ইয়াৰ লগে-লগে পঞ্চমবাৰৰ বাবে চেন্নাই চুপাৰ কিংছে জয় কৰে আইপিএলৰ ট্ৰফী। উল্লেখ্য যে, বিচিআইৰ তৰফৰ পৰা বিজয়ী দল চেন্নাই চুপাৰ কিংছে লাভ কৰে ২০ কোটি টকা।
আনহাতে,ৰানাৰ্চ আপ গুজৰাট টাইটানছে লাভ কৰে ১২.৫ কোটি টকা।

Leave A Reply

Your email address will not be published.