সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কালৰো কাল বিপৰীত কাল, জ্যোতিষীয়েহে চাই খেলুৱৈ বেয়া নে ভাল !

ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ সদস্যসকলৰ ভাগ্য নিৰূপণ কৰে জ্যোতিষীয়েহে !আচৰিত নহ’ব,যোগ্যতা বা দক্ষতা নহয়,খেলুৱৈৰ কুণ্ডলী চাইহে দলৰ বাবে উপযুক্ত হয় নে নহয় বিবেচনা কৰে ভাৰতীয় দলৰ প্ৰশিক্ষকে। আইগৰ ষ্টিমাক নামৰ ভাৰতীয় দলৰ প্ৰশিক্ষকগৰাকীয়ে বিগত এছিয়ান কাপৰ প্ৰাকমুহূৰ্তত ভূপেশ শৰ্মা নামৰ এগৰাকী জ্যোতিষীক ভাৰতীয় দলৰ সদস্যসকলৰ জন্ম কুণ্ডলী চাই তেওঁলোকৰ ভাগ্য সেই বিশেষ দিনটোত কেনেকুৱা সেয়া চাই দিবলৈ প্ৰেৰণ কৰিছিল।২০২২চনৰ ৯ জুনত জ্যোতিষীগৰাকীলৈ তেওঁ এই কুণ্ডলীবোৰ প্ৰেৰণ কৰিছিল।আফগানিস্থানৰ লগত ভাৰতৰ খেল অনুষ্ঠিত হোৱাৰ ৪৮ ঘণ্টা আগতে এইগৰাকী প্ৰশিক্ষকে এই জন্মকুণ্ডলী কেইখন জ্যোতিষীজনলৈ প্ৰেৰণ কৰিছিল।এই জ্যোতিষীগৰাকীক প্ৰশিক্ষকগৰাকীৰ লগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই চিনাকি কৰাই দিছিল।ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা বাতৰি অনুসৰি প্ৰশিক্ষকগৰাকীয়ে জ্যোতিষীজনলৈ বাৰ্তা দিছিল এনেদৰে ‘ মৰমৰ বন্ধু,আপুনি ১১জুনত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ প্ৰতিগৰাকী খেলুৱৈৰ ভাগ্য চাই দিয়কচোন।খেলপথাৰত সেইদিনা নমাৰ সময় ৮-৩০ বজাত।’তালিকাখনত আইগৰ ষ্টিমাকে মেচখনৰ ১১গৰাকী খেলুৱৈৰ নাম উল্লেখ কৰিছিল আৰু তেওঁলোকৰ কুণ্ডলীবোৰ জ্যোতিষীজনলৈ পঠিয়াই দিছিল।উদ্দেশ্য আছিল যিসকলৰ ভাগ্য সুপ্ৰসন্ন তেওঁলোকক দলটোত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা।
জ্যোতিষীজনে প্ৰতিগৰাকী খেলুৱৈৰ কুণ্ডলীৰ বিপৰীতে কিছু মন্তব্য দিছিল।মন্তব্যবোৰ আছিল ‘ ভাল’,’বহুত ভাল কৰিব পাৰে’,’তেওঁৰ মইবৰ ভাৱটো আঁতৰাব লাগিব’,’তেওঁৰ বাবে খুব ভাল দিন কিন্তু তেওঁ জোখতকৈ বেছি আক্ৰমণাত্মক হ’ব লাগিব’,’তেওঁ এই দিনটোৰ বাবে উপযুক্ত নহ’ব’।বিগত ১১জুনত যেতিয়া এঘণ্টা আগত চূড়ান্ত খেলৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছিল দুগৰাকী ভাল দক্ষ খেলুৱৈক কেবল জ্যোতিষী গৰাকীৰ পৰামৰ্শৰ বাবেই বাদ দিয়া হৈছিল৷২০২২চনৰ মে’ আৰু জুন মাহত জ্যোতিষী আৰু প্ৰশিক্ষকৰ মাজত প্ৰায় ১০০ ৰো অধিক বাৰ্তাৰ আদান প্ৰদান হৈছিল।সেই সময়খিনিত ভাৰতে চাৰিখন খেল খেলিছিল৷এখন বন্ধুত্বপূৰ্ণ মেচ খেলিছিল জৰ্দানৰ লগত।তিনিখন এছিয়া কাপৰ কোৱালিফাইং মেচ -তাৰে এখন কম্বোডিয়া,এখন আফগানিস্থান আৰু এখন হংকঙৰ লগত।আইগৰ ষ্টিমাক আৰু জ্যোতিষীগৰাকীৰ মাজত প্ৰায়ে মেচৰ আগে আগে ভাবৰ আদান প্ৰদান হৈছিল।এগৰাকী বাহিৰা ব্যক্তিৰ লগত এনেদৰে দলীয় সদস্যৰ তথ্য আদানপ্ৰদান কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷তদুপৰি ই দলীয় সদস্যৰ সমগ্ৰ বাচনি প্ৰক্ৰিয়াটোতেই বিসংগতি থকা কথাটো স্পষ্ট কৰে।সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক কুশল দাসে প্ৰশিক্ষক ষ্টিমাকক জ্যোতিষী শৰ্মাৰ লগত চিনাকি কৰাই দিয়াৰ কথা স্বীকাৰ কৰে।তেওঁ কয় ‘ সেই সময়ত মই এছিয়া কাপত ভাৰতে কোৱালিফাই কৰিব পাৰিবনে নাই তাক লৈ উদগ্ৰীৱ হৈ আছিলোঁ৷আপোনালোকক সঁচা কথাটো কৈছোঁ মোৰ দৰেই আইগৰো এই বিষয়টোক লৈ উদ্বিগ্ন হৈ আছিল৷সেই সময়ত মোৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল ভাৰতক কোৱালিফাই কৰোৱাটো৷সেই সময়ত মই জ্যোতিষী গৰাকীক কৈছিলোঁ যে আপোনাক মই প্ৰশিক্ষকগৰাকীৰ লগত যোগাযোগ কৰাই দিম৷যদি তেওঁ আপোনাক ভাল পায়,আপোনাৰ এইক্ষেত্ৰত সহায় ল’ব৷আইগৰে ভাল পালে আৰু মোৰ কথা মানি জ্যোতিষীগৰাকীৰ লগত যোগাযোগত থাকিল।’ জ্যোতিষী শৰ্মাৰ লগত এই বিষয়ত কিবা চুক্তি হৈছিল নেকি বুলি সোধা হৈছিল বিষয়াগৰাকীক ৷এই প্ৰশ্নৰ উত্তৰত দাসে কৈছিল ‘ আমি তেওঁক ১২-১৫ লাখমান দিছিলোঁ৷কাৰণ আমি তেওঁৰ পাৰদৰ্শিতাক প্ৰায় দুমাহ ধৰি ব্যৱহাৰ কৰিছিলোঁ।ইয়াৰ পিছতেই ভাৰতে এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।’

Leave A Reply

Your email address will not be published.