চাকৰিৰ নামত ধন দিলে নেকি একাংশই ?

টকা দি চাকৰি পাইছে নেকি একাংশই? ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ নামত মেগা নিযুক্তি উৎসৱ অনুষ্ঠিত কৰে বৃহস্পতিবাৰে।কিন্তু চাকৰি দিয়াৰ নামত কোনে সংগ্ৰহ কৰিলে ডেৰ কোটি টকা? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ নিকা নিযুক্তিৰ শ্ল’গান ভুৱা নেকি? চাকৰি দিয়াৰ নামত ২৪ নিবনুৱাক প্ৰতাৰণা !বৃহস্পতিবাৰে খানাপাৰা পশু চিকিৎসা মহবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিলে মেগা নিযুক্তি সমাৰোহ। নিযুক্তি পত্ৰ বিতৰণ কৰাৰ অনুষ্ঠানত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিলে নিযুক্তি। কিন্তু ৰহস্যৰ সৃষ্টি কৰিছে নিযুক্তি পত্ৰ বিতৰণ কৰা দিনাই উন্মোচন হোৱা এক বৃহৎ অভিযোগে। যি অভিযোগত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছে বিজেপিৰেই এগৰাকী নেত্ৰী।নাম মুন ইংতিপি, মুখ্যমন্ত্ৰীৰ চি ই এমৰ নাম ব্যবহাৰ কৰি লুটিলে ১ কোটি ৫২ লাখ ৫০ হাজাৰ টকা ।মুখ্যমন্ত্ৰীৰ নিকা আৰু স্বচ্ছ নিযুক্তিত সানিলে নেকি ক’লা দাগ? নে সঁচাই দুৰ্নীতিৰে সম্পন্ন হৈছে ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তি? কাৰ্বি আংলঙৰ বিজেপি নেত্ৰী মুন ইংতিপিয়ে ২৪ গৰাকী নিবনুৱাৰ পৰা সংগ্ৰহ কৰে ডেৰ কোটি টকা। যি খবৰে ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে কাৰ্বি আংলঙৰ বিজেপি নেত্ৰী মুন ইংতিপি। সমান্তৰালকৈ খাৰিজ কৰা হৈছে ইংতিপিৰ বিজেপিৰ সদস্য পদ। মুখ্যমন্ত্ৰীৰ দাবী – প্ৰতিশ্ৰুতিবোৰ ভুল প্ৰমাণিত হ’ব নেকি? এটকাও কাকো নিদিয়াকৈ চাকৰি লাভ কৰিছে বুলি যি দাবী সেয়া যেন ভুৱা, সেয়া যেন মিছা, প্ৰৱঞ্চনা আৰু বিড়ম্বনা। বুধবাৰে কাৰ্বি আংলঙৰ লাংহিনত ২৮ গৰাকী ভুক্তভোগীয়ে এক সংবাদমেল সম্বোধন কৰি শৰ্মা চৰকাৰৰ ১ লাখ নিযুক্তিত কেলেংকাৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।কাৰ্বি আংলং জিলা বিজেপি কিষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপীয়ে চাকৰি দিয়াৰ নামত ১ কোটি ৫২ লাখ ৫০ হাজাৰ টকা সংগ্ৰহ কৰে।উল্লেখ্য যে মুন ইংতিপীয়ে শাসকীয় চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, লগতে কাৰ্বি আংলং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য লগতে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ অতি ঘনিষ্ঠ বুলি চিনাকি দি চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল।অৱশ্যে ইতিমধ্যে বিজেপি নেত্ৰী মুন ইংতিপীৰ বিজেপিৰ সদস্য পদ খাৰিজ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেত্ৰীগৰাকীক। কিন্তু লক্ষণীয় বিষয় যে ধন সংগ্ৰহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ পিছত মুন ইংতিপীক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখা হৈছে। যাতে বিজেপি নেত্ৰী গৰাকীয়ে এই সন্দৰ্ভত একো কব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে বিশেষ বেষ্টনীৰ মাজেৰে লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। মন কৰিবলগীয়া যে যি সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ১ লাখ নিবনুৱাক গণি গণি চাকৰি দিয়াৰ কথা কৈছিল লগতে এটকাও কাকো নিদিয়াকৈ চাকৰি লাভ কৰিব বুলি কৰা দাবী ভুল প্ৰমাণিত হব নেকি? সেয়া বৰ্তমান সোমাই পৰিছে ৰহস্যৰ আৱৰ্তত।এতিয়া প্ৰশ্ন হৈছে নিযুক্তিৰ নামত লুণ্ঠন কৰাৰ যি অভিযোগ ইয়াৰ উচিত তদন্ত হব নে? নে এনেদৰেই ৰহস্যৰ আৱৰ্তত থাকি সমগ্ৰ অভিযোগ? লক্ষণীয় বিষয় যে অসম প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ভূপেন বৰায়ো শুকুৰবাৰে এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296