নিজে নাহাৰিলেও ,নেতাৰ সংঘাতে হৰুৱাব বিজেপিক !

Share This Article

মধ্য প্ৰদেশত বিধানসভাৰ নিৰ্বাচন সমাগত৷অহা নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্য প্ৰদেশত।কিন্তু আগন্তুক নিৰ্বাচনৰ আগলৈকে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ চৰকাৰ যে তিস্তি থাকিব পাৰিব,সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকে।আনকি মধ্যপ্ৰদেশ মন্ত্ৰীসভাত দেখা দিয়া শেহতীয়া খাম খেয়ালিয়ে অস্বস্তিত পেলাইছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো।কেনেবাকৈ যদি তিনিজন মন্ত্ৰীয়ে ভাবুকি দিয়াৰ দৰে একেলগে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে,তেন্তে মধ্যপ্ৰদেশত ২০১৯ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথৰ মন্ত্ৰীসভাৰ দৰে তাচপাতৰ দৰে খহিব শিৱৰাজ চৌহানৰ বিজেপি চৰকাৰ !মধ্যপ্ৰদেশৰ ৩৪ জনীয়া মন্ত্ৰীসভাত দুটা ফৈদৰ বিভাজন স্পষ্ট।নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ।তেওঁৰ বিৰুদ্ধেই তীব্ৰ ক্ষোভ উজাৰিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং মন্ত্ৰীসভাৰ কেইগৰাকীমান মন্ত্ৰীয়ে ! কেন্দ্ৰই আঙুলি ঠাঁৰত নচুৱাব বিচৰাৰ অভিযোগ তুলিছে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্ৰী তথা নেতাই৷সাগৰ জিলাৰ তিনিগৰাকী মন্ত্ৰীৰ মনোমালিন্যই এতিয়া শিৰোনাম দখল কৰিছে।সাগৰ জিলাৰ দুগৰাকী মন্ত্ৰী গোপাল ভাৰ্গৱ,গোবিন্দ সিং ৰাজপুট,বিধায়ক শৈলেন্দ্ৰ জৈনে বিগত মঙলবাৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি এগৰাকী বিশেষ মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দিয়ে।নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিঙৰ বিৰুদ্ধে অভিযোগ দি তিনিওগৰাকী জ্যেষ্ঠ নেতাই কয় যে মন্ত্ৰী ভূপেন্দ্ৰ সিঙক নিয়ন্ত্ৰণ নকৰিলে তেওঁলোকে সমূহীয়াভাৱে পদত্যাগ কৰিব।ভূপেন্দ্ৰ সিঙৰ অনুমতি অবিহনে কোনো কামেই নহয় ৰাজ্যখনত-এই অভিযোগ ক্ষোভিত মন্ত্ৰীসকলৰ।ইতিমধ্যে ভূপেন্দ্ৰ সিং আৰু কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অতপালিত ক্ষুদ্ধ হৈয়ে প্ৰাক্তন মন্ত্ৰী কৈলাস যোশীৰ পুত্ৰ দীপক যোশীয়ে বিগত সোমবাৰে অসংখ্য সমৰ্থকক লগত লৈ কংগ্ৰেছত যোগদান কৰে।উল্লেখ্য যে প্ৰায় ১৫ বছৰ শাসনত থকাৰ পিছত বিজেপিক হৰুৱাই কংগ্ৰেছ ক্ষমতালৈ আহিছিল মধ্যপ্ৰদেশত।কিন্তু জ্যোতিৰাদিত্য সিন্ধিয়াই নিজৰ মুখ্যমন্ত্ৰীত্বৰ স্বাৰ্থত একেটা নিশাতেই একাংশ সাংগোপাংগ লৈ দল ত্যাগ কৰি কমল নাথৰ চৰকাৰৰ পতন ঘটাইছিল
এইবাৰ সেই একে দশাই হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে মধ্য প্ৰদেশত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.