কেৰালাত নিষিদ্ধ RSS !

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS ৰ এক বিশেষ কাৰ্যসূচীক লৈ ক্ষোভিত হৈছে ট্ৰাভানকৰ দেবাশ্বম বৰ্ড ।ট্ৰাভানকৰ দেবাশ্বম বৰ্ড চমুকৈ TDB ৰ নিয়ন্ত্ৰণত কেৰালাৰ প্ৰায় ১২০০ মন্দিৰ আছে।শেহতীয়াকৈ এক নিৰ্দেশনা যোগে TDB এ মন্দিৰৰ চৌহদৰ ভিতৰত RSS এ প্ৰদান কৰি থকা অস্ত্ৰ সঞ্চালনৰ প্ৰশিক্ষণ বন্ধ কৰে।TDB এ লগতে কয় যে কেতিয়াবা বহুসংখ্যক ৰাজনৈতিক নেতাৰ ফটো মন্দিৰ চৌহদত প্ৰদৰ্শন কৰা হয় যিটোৱে ‘মন্দিৰৰ পবিত্ৰতা’ নষ্ট কৰে।TDB ৰ সভাপতি অনন্থাগ’পনে কয় ‘ RSS ৰ বহুবোৰ শাখাই ৰাজ্যখনৰ বিভিন্ন মন্দিৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি আহিছে ৷সেয়ে এনেকুৱা এখন নিৰ্দেশনা দিবলগীয়া হৈছে ।মন্দিৰবোৰ কেৱল ভক্তৰ বাবেহে৷গতিকে মন্দিৰত ভক্তই পূজা অৰ্চনা কৰাৰ সময়ত কোনো অসুবিধা হোৱা উচিত নহয়।সেইটোৱেই হ’ল দেৱশ্বম বৰ্ডৰ প্ৰধান লক্ষ্য।’TDB ৰ সভাপতি জনে পুনৰ কয় যে তেওঁলোকৰ বৰ্ডক কোনো ৰাজনৈতিক হেঁচা দিয়া হোৱা নাই বা ৰাজনৈতিক হেঁচাৰ বাবে এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰা নাই।২০১৬ চনত TDB এ RSSৰ সকলো প্ৰশিক্ষণ মন্দিৰ চৌহদত বন্ধ কৰাৰ নিৰ্দেশ দিছিল।পুনৰ ২০২১ চনৰ ৩০ মাৰ্চত বৰ্ডে এই নিৰ্দেশ দিয়ে।সেই নিৰ্দেশাৱলীত স্পষ্ট কৰি দিয়া হয় যে মন্দিৰ চৌহদ কেৱল ৰীতি নীতি আৰু উৎসৱ পালনৰ বাবেহে ব্যৱহাৰ হ’ব।

উল্লেখ্য যে ১৯২৫ চনত RSSৰ জন্ম হৈছিল।ড° কেশৱ বালিৰাম হেডগেৱাৰে এই সংগঠনটো জন্মৰ ক্ষেত্ৰত আগভাগ লৈছিল।প্ৰথম অৱস্থাত ইয়াক ‘সাংস্কৃতিক’ সংগঠন বুলিয়েই সকলোৱে জানিছিল। মহাত্মা গান্ধীৰ মৃত্যুৰ পিছত প্ৰথমবাৰৰ বাবে ১৯৪৮ চনৰ ৪ ফেব্ৰুৱাৰীত RSS ক নিষিদ্ধ ঘোষণা কৰা হৈছিল।সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ঘৃণা আৰু হিংসা বিয়পোৱা বাবে এই সংগঠনটোক নিষিদ্ধ কৰা বুলি ঘোষণা কৰিছিল।দ্বিতীয়বাৰ ১৯৭৫ চনত দেশত প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত জৰুৰী অৱস্থা ঘোষণা কৰাৰ সময়ত RSSক নিষিদ্ধ কৰা হৈছিল।১৯৯২ চনত বাবৰি মছজিদ ধ্বংসৰ ঘটনাৰ পিছতে RSSক তৃতীয়বাৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছিল।অৱশ্যে সেই সময়ৰ নৰসিংহ ৰাও চৰকাৰে কেৱল যে RSS কেই নিষিদ্ধ কৰিছিল এনে নহয়,একে সময়তে বিশ্ব হিন্দু পৰিষদ,বজৰং দল,জামাত -ই -ইছলামী হিন্দ,ষ্টুডেণ্টচ ইছলামিক ম’ভমেন্ট অব ইণ্ডিয়াকো নিষিদ্ধ ঘোষণা কৰিছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296